--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড এৰিনাত এতিয়া জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাতেহীৰ প্ৰসংগই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শেহতীয়াকৈ, প্ৰতাৰণাৰ অভিযোগত অভিযুক্ত ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰৰ পৰা দুই বলীউড নায়িকাই গ্ৰহণ কৰা বিলাসী উপহাৰসমূহ জব্দ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে। প্ৰৱৰ্তন বিভাগে বিতৰ্কিত ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰৰ পৰা জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাতেহীয়ে লোৱা বিলাসী গাড়ী, অলংকাৰ আৰু ব্যয়বহুল সামগ্ৰীসমূহ জব্দ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

উল্লেখ্য যে,২০০ কোটি টকাৰ মানি লণ্ডাৰিঙৰ গোচৰত অভিনেত্ৰী দুজনৰ নাম সাঙোৰ খাইছিল। তেতিয়াৰে পৰাই বিষয়টো চৰ্চাত আছে। বাৰে বাৰে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে দুই নায়িকা। সুকেশ চন্দ্ৰশেখৰক জেকলিনৰ প্ৰেমিক বুলিও কোৱা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰা বাবে তদন্ত প্ৰক্ৰিয়াও হৈছে পলম। এই গোচৰটোত এতিয়ালৈকে ৭জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান এই গোচৰত অভিযুক্ত ৭জন লোকক তিহাৰ কাৰাগাৰতে ৰখা হৈছে। সুকেশ আৰু তেওঁৰ পত্নী লীনা পলে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন সঞ্চালক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালক ২০০ কোটি টকাৰ প্ৰতাৰণা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অভিযুক্ত দম্পতীকো এই গোচৰৰ আওতাত কৰা হৈছে গ্ৰেপ্তাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু