--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড এৰিনাত এতিয়া জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাতেহীৰ প্ৰসংগই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শেহতীয়াকৈ, প্ৰতাৰণাৰ অভিযোগত অভিযুক্ত ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰৰ পৰা দুই বলীউড নায়িকাই গ্ৰহণ কৰা বিলাসী উপহাৰসমূহ জব্দ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে। প্ৰৱৰ্তন বিভাগে বিতৰ্কিত ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰৰ পৰা জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাতেহীয়ে লোৱা বিলাসী গাড়ী, অলংকাৰ আৰু ব্যয়বহুল সামগ্ৰীসমূহ জব্দ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

উল্লেখ্য যে,২০০ কোটি টকাৰ মানি লণ্ডাৰিঙৰ গোচৰত অভিনেত্ৰী দুজনৰ নাম সাঙোৰ খাইছিল। তেতিয়াৰে পৰাই বিষয়টো চৰ্চাত আছে। বাৰে বাৰে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে দুই নায়িকা। সুকেশ চন্দ্ৰশেখৰক জেকলিনৰ প্ৰেমিক বুলিও কোৱা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰা বাবে তদন্ত প্ৰক্ৰিয়াও হৈছে পলম। এই গোচৰটোত এতিয়ালৈকে ৭জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান এই গোচৰত অভিযুক্ত ৭জন লোকক তিহাৰ কাৰাগাৰতে ৰখা হৈছে। সুকেশ আৰু তেওঁৰ পত্নী লীনা পলে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন সঞ্চালক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালক ২০০ কোটি টকাৰ প্ৰতাৰণা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অভিযুক্ত দম্পতীকো এই গোচৰৰ আওতাত কৰা হৈছে গ্ৰেপ্তাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ