--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ চৰ্চাত সুকেশ চন্দ্ৰ শেখৰ। বিতৰ্কিত ব্যৱসায়ী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ সম্ভেদ পোৱা গৈছে। বলীউড কুইন জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাতেহীৰ সৈতেও গোপন সম্পৰ্কৰ কেতবোৰ কথা পোহৰলৈ আহিছে। সম্প্ৰতি ইয়াকে কেন্দ্ৰ কৰি তোলপাৰ লাগিছে বলীউডত। কেৱল জেকলিনেই নহয় এইবাৰ নোৰা ফাতেহীৰ সৈতে সুকেশ চন্দ্ৰশেখৰৰো গোপন সম্পৰ্কৰ চ্যাট ভাইৰেল হৈ পৰিছে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, দুয়োজনে চ্যাটিঙত ব্যয়বহুল গাড়ীৰ আদান-প্ৰদানৰ বিষয়ে কথা পাতিছিল। দামী গাড়ী আৰু উপহাৰৰ অঁচিলা লৈ নোৰা ফতেহীৰে সম্পৰ্ক গঢ়ি তুলিছিল ধনকুবেৰ সুকেশ চন্দ্ৰশেখৰে।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি- নোৰালৈ পঠিওৱা বিলাসী ৰেঞ্জ ৰ’ভাৰ গাড়ীৰ ফটোবোৰ পছন্দ হৈছে নে নাই জানিব বিচাৰিছিল সুকেশে। নোৰাই প্ৰশ্নটোৰ যোগাত্মক উত্তৰে প্ৰেৰণ কৰিছিল সুকেশলৈ। আন এটা বাৰ্তালাপত সুকেশে উদ্বিগ্ন হোৱা দেখিবলৈ পোৱা গৈছে। অনুসন্ধানকাৰী সংস্থাই নোৰাক গাড়ীৰ উপহাৰৰ বিষয়ে প্ৰশ্ন কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছিল সুকেশে। উপহাৰ প্ৰসংগত তেওঁ কয় যে, ‘মই আপোনাক কোনো নিৰ্দিষ্ট উদ্দেশ্যৰে এই উপহাৰ দিয়া নাই। যদি কোনোবাই কাৰোবাক ভাল পায়, তেওঁ তেওঁক যিকোনো উপহাৰ দিব পাৰে।’ উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে উত্থাপিত একাংশ অভিযোগৰ ভিতৰত এটা হ’ল- তেওঁ কাৰাগাৰৰ পৰাও ধনদাবী কৰিছে।

টেলিফোনযোগে এজন ব্যৱসায়ীৰ পৰা ২০০ কোটি টকাৰ অনুদান লৈছিল সুকেশে। ইয়াৰ মাজতে নোৰা ফাতেহীৰে গোপন বাৰ্তালাপৰ চ্যাট ভাইৰেল হোৱা কথাই উগ্বিগ্ন কৰি তোলা দেখা গৈছে সুকেশক। স্মৰ্তব্য যে, ইয়াৰ পূৰ্বে নোৰা ফাতেহীয়ে ভাৰতীয় প্ৰৱৰ্তন বিভাগক দিয়া এক স্বীকাৰোক্তিত কৈছিল যে, তেওঁ সুকেশৰ পৰা এখন বিএমডব্লিউ গাড়ী উপহাৰ হিচাপে লৈছিল। বলীউডৰ আন এগৰাকী জনপ্ৰিয় নায়িকা জেকলিন ফাৰ্ণাণ্ডেজেও সুকেশ চন্দ্ৰ শেখৰৰ পৰা উপহাৰ লাভ কৰিছিল। শেহতীয়াকৈ, উত্থাপিত এই অভিযোগবোৰে জেকলিনৰ লগতে প্ৰৱৰ্তন সঞ্চালকালয়ে নোৰা ফাতেহীকো পুনৰ জেৰা কৰাৰ সম্ভাৱনাই অধিক ঘণীভূত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ