--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ চৰ্চাত সুকেশ চন্দ্ৰ শেখৰ। বিতৰ্কিত ব্যৱসায়ী সুকেশ চন্দ্ৰ শেখৰৰ সৈতে বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ সম্ভেদ পোৱা গৈছে। বলীউড কুইন জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাতেহীৰ সৈতেও গোপন সম্পৰ্কৰ কেতবোৰ কথা পোহৰলৈ আহিছে। সম্প্ৰতি ইয়াকে কেন্দ্ৰ কৰি তোলপাৰ লাগিছে বলীউডত। কেৱল জেকলিনেই নহয় এইবাৰ নোৰা ফাতেহীৰ সৈতে সুকেশ চন্দ্ৰশেখৰৰো গোপন সম্পৰ্কৰ চ্যাট ভাইৰেল হৈ পৰিছে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, দুয়োজনে চ্যাটিঙত ব্যয়বহুল গাড়ীৰ আদান-প্ৰদানৰ বিষয়ে কথা পাতিছিল। দামী গাড়ী আৰু উপহাৰৰ অঁচিলা লৈ নোৰা ফতেহীৰে সম্পৰ্ক গঢ়ি তুলিছিল ধনকুবেৰ সুকেশ চন্দ্ৰশেখৰে।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি- নোৰালৈ পঠিওৱা বিলাসী ৰেঞ্জ ৰ’ভাৰ গাড়ীৰ ফটোবোৰ পছন্দ হৈছে নে নাই জানিব বিচাৰিছিল সুকেশে। নোৰাই প্ৰশ্নটোৰ যোগাত্মক উত্তৰে প্ৰেৰণ কৰিছিল সুকেশলৈ। আন এটা বাৰ্তালাপত সুকেশে উদ্বিগ্ন হোৱা দেখিবলৈ পোৱা গৈছে। অনুসন্ধানকাৰী সংস্থাই নোৰাক গাড়ীৰ উপহাৰৰ বিষয়ে প্ৰশ্ন কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছিল সুকেশে। উপহাৰ প্ৰসংগত তেওঁ কয় যে, ‘মই আপোনাক কোনো নিৰ্দিষ্ট উদ্দেশ্যৰে এই উপহাৰ দিয়া নাই। যদি কোনোবাই কাৰোবাক ভাল পায়, তেওঁ তেওঁক যিকোনো উপহাৰ দিব পাৰে।’ উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে উত্থাপিত একাংশ অভিযোগৰ ভিতৰত এটা হ’ল- তেওঁ কাৰাগাৰৰ পৰাও ধনদাবী কৰিছে।

টেলিফোনযোগে এজন ব্যৱসায়ীৰ পৰা ২০০ কোটি টকাৰ অনুদান লৈছিল সুকেশে। ইয়াৰ মাজতে নোৰা ফাতেহীৰে গোপন বাৰ্তালাপৰ চ্যাট ভাইৰেল হোৱা কথাই উগ্বিগ্ন কৰি তোলা দেখা গৈছে সুকেশক। স্মৰ্তব্য যে, ইয়াৰ পূৰ্বে নোৰা ফাতেহীয়ে ভাৰতীয় প্ৰৱৰ্তন বিভাগক দিয়া এক স্বীকাৰোক্তিত কৈছিল যে, তেওঁ সুকেশৰ পৰা এখন বিএমডব্লিউ গাড়ী উপহাৰ হিচাপে লৈছিল। বলীউডৰ আন এগৰাকী জনপ্ৰিয় নায়িকা জেকলিন ফাৰ্ণাণ্ডেজেও সুকেশ চন্দ্ৰ শেখৰৰ পৰা উপহাৰ লাভ কৰিছিল। শেহতীয়াকৈ, উত্থাপিত এই অভিযোগবোৰে জেকলিনৰ লগতে প্ৰৱৰ্তন সঞ্চালকালয়ে নোৰা ফাতেহীকো পুনৰ জেৰা কৰাৰ সম্ভাৱনাই অধিক ঘণীভূত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু