--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে ফুটপাথত শুই থকা দুটা শিশুৱে। ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা। এখন দ্ৰুতবেগী বিএমডব্লিউৱে ৱেগনআৰত খুন্দা মৰাৰ ফলত ফুটপাথত শুই থকা ২ টা শিশুৰ মৃত্যু হোৱাৰ লগতে ৮ জন লোক আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত বহুকেইজনৰে অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। নিহত শিশু দুটি ৰোষ্ণী(৬) আৰু তেওঁৰ ভাতৃ আমিৰ(১০)বুলি জানিব পৰা গৈছেষ শিশু দুটি আছিল জাহাংগীৰপুৰীৰ বাসিন্দা। আৰক্ষীয়ে অভিযুক্ত বিএমডব্লিউ গাড়ীখনৰ চালকজন নিৰ্মাণ  বিহাৰৰ বাসিন্দা চাহিল(২৭)বুলি চিনাক্ত কৰিছে। 

স্নাতক হোৱাৰ পিছত তেওঁ নয়ডাত Sanya Exports নামৰ এপাৰেল কোম্পানী এটা চলায় আছে। আৰক্ষীয়ে তেওঁৰ বিএমডব্লিউ গাড়ীখন জব্দ কৰিছে। দিল্লীৰ পৰা নয়দালৈ ২০০ৰো অধিক চিচিটিভি ফুটেজ স্কেন কৰি আৰক্ষীয়ে অভিযুক্তৰ কাষ চাপিছে। দক্ষিণ-পূব জিলাৰ ডিচিপি ঈশা পাণ্ডেৰ মতে, নিজামুদ্দিন আৰক্ষী থানাত যোৱা ১০ জুনত লোধি ৰোড ফ্লাইঅভাৰৰ তলত গাড়ীখনে ২-৩জন লোকক খুন্দা মৰাৰ তথ্য লাভ কৰিছিল। তথ্যৰ পিছতে এ এছ আই প্ৰবীণ কুমাৰ উপস্থিত হয়। আৰক্ষীয়ে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে গম পোৱা যায় যে লোধি ৰোড ফ্লাইঅভাৰৰ তলৰ ফুটপাথত শুই থকা লোকসকলৰ ওপৰত ৱেগানাৰ গাড়ীখন ওলোটা হৈ পৰিছিল। ইয়াৰ ফলত ৱেগানাৰ গাড়ীখনত থকা আৰু তাত শুই থকা মুঠ ৮ জন লোক আহত হয়। আন দুজন আহত জাহাংগীৰপুৰী বাসিন্দা ৰোষ্ণী (৬) আৰু তেওঁৰ ভাতৃ আমিৰ (১০)ৰ চিকিৎসালয়ত মৃত্যু হয়। 

ৱেগানাৰ গাড়ীখনৰ চালক যতীন কিশোৰ শৰ্মাৰ এজাহাৰক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰে। তেওঁ ক’লে যে তেওঁৰ গাড়ীখনত ক’লা ৰঙৰ গাড়ী এখনে খুন্দা মাৰে। ইয়াৰ বাবেই তাত শুই থকা লোকসকলৰ ওপৰত ওলোটা হৈ পৰে ৱেগানাৰখন। এটা গোচৰ পঞ্জীয়ন কৰি নিজামুদ্দিন আৰক্ষী চকীৰ মুৰব্বী কিশোৰ কুমাৰ ৰেৱালাৰ দলে তদন্ত আৰম্ভ কৰে। ঘটনা সংঘটিত হোৱা ফ্লাইঅভাৰৰ ওচৰত স্থাপন কৰা চিচিটিভি কেমেৰাবোৰ বন্ধ হৈ আছিল। ওচৰতে স্থাপন কৰা প্ৰায় ২০০টা চিচিটিভি কেমেৰাৰ ফুটেজ চাই আৰক্ষীয়ে তদন্ত কৰে। 

অৱশেষত মহাৰাণী বাগ, নিউ ফ্ৰেণ্ডছ কলনী, চি এছ আই আৰ বিল্ডিং আৰু ৰিং ৰোডত স্থাপন কৰা চি চি টি ভি কেমেৰাৰ সহায়ত বি এম ডব্লিউৰ মালিক কৃষ্ণ নগৰৰ বাসিন্দা সুৰেন্দ্ৰ কুমাৰৰ ওচৰ পালেগৈ। সুৰেন্দ্ৰ কুমাৰে জনোৱা মতে, তেওঁ নয়ডাৰ ছেক্টৰ-৬৩ত সেৱাৰ বাবে তেওঁৰ ভতিজা চাহিলক গাড়ীখন দিছিল। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে নিৰ্মাণ বিহাৰত অৱস্থিত ঘৰৰ পৰা চাহিলক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ