--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে ফুটপাথত শুই থকা দুটা শিশুৱে। ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা। এখন দ্ৰুতবেগী বিএমডব্লিউৱে ৱেগনআৰত খুন্দা মৰাৰ ফলত ফুটপাথত শুই থকা ২ টা শিশুৰ মৃত্যু হোৱাৰ লগতে ৮ জন লোক আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত বহুকেইজনৰে অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। নিহত শিশু দুটি ৰোষ্ণী(৬) আৰু তেওঁৰ ভাতৃ আমিৰ(১০)বুলি জানিব পৰা গৈছেষ শিশু দুটি আছিল জাহাংগীৰপুৰীৰ বাসিন্দা। আৰক্ষীয়ে অভিযুক্ত বিএমডব্লিউ গাড়ীখনৰ চালকজন নিৰ্মাণ  বিহাৰৰ বাসিন্দা চাহিল(২৭)বুলি চিনাক্ত কৰিছে। 

স্নাতক হোৱাৰ পিছত তেওঁ নয়ডাত Sanya Exports নামৰ এপাৰেল কোম্পানী এটা চলায় আছে। আৰক্ষীয়ে তেওঁৰ বিএমডব্লিউ গাড়ীখন জব্দ কৰিছে। দিল্লীৰ পৰা নয়দালৈ ২০০ৰো অধিক চিচিটিভি ফুটেজ স্কেন কৰি আৰক্ষীয়ে অভিযুক্তৰ কাষ চাপিছে। দক্ষিণ-পূব জিলাৰ ডিচিপি ঈশা পাণ্ডেৰ মতে, নিজামুদ্দিন আৰক্ষী থানাত যোৱা ১০ জুনত লোধি ৰোড ফ্লাইঅভাৰৰ তলত গাড়ীখনে ২-৩জন লোকক খুন্দা মৰাৰ তথ্য লাভ কৰিছিল। তথ্যৰ পিছতে এ এছ আই প্ৰবীণ কুমাৰ উপস্থিত হয়। আৰক্ষীয়ে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে গম পোৱা যায় যে লোধি ৰোড ফ্লাইঅভাৰৰ তলৰ ফুটপাথত শুই থকা লোকসকলৰ ওপৰত ৱেগানাৰ গাড়ীখন ওলোটা হৈ পৰিছিল। ইয়াৰ ফলত ৱেগানাৰ গাড়ীখনত থকা আৰু তাত শুই থকা মুঠ ৮ জন লোক আহত হয়। আন দুজন আহত জাহাংগীৰপুৰী বাসিন্দা ৰোষ্ণী (৬) আৰু তেওঁৰ ভাতৃ আমিৰ (১০)ৰ চিকিৎসালয়ত মৃত্যু হয়। 

ৱেগানাৰ গাড়ীখনৰ চালক যতীন কিশোৰ শৰ্মাৰ এজাহাৰক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰে। তেওঁ ক’লে যে তেওঁৰ গাড়ীখনত ক’লা ৰঙৰ গাড়ী এখনে খুন্দা মাৰে। ইয়াৰ বাবেই তাত শুই থকা লোকসকলৰ ওপৰত ওলোটা হৈ পৰে ৱেগানাৰখন। এটা গোচৰ পঞ্জীয়ন কৰি নিজামুদ্দিন আৰক্ষী চকীৰ মুৰব্বী কিশোৰ কুমাৰ ৰেৱালাৰ দলে তদন্ত আৰম্ভ কৰে। ঘটনা সংঘটিত হোৱা ফ্লাইঅভাৰৰ ওচৰত স্থাপন কৰা চিচিটিভি কেমেৰাবোৰ বন্ধ হৈ আছিল। ওচৰতে স্থাপন কৰা প্ৰায় ২০০টা চিচিটিভি কেমেৰাৰ ফুটেজ চাই আৰক্ষীয়ে তদন্ত কৰে। 

অৱশেষত মহাৰাণী বাগ, নিউ ফ্ৰেণ্ডছ কলনী, চি এছ আই আৰ বিল্ডিং আৰু ৰিং ৰোডত স্থাপন কৰা চি চি টি ভি কেমেৰাৰ সহায়ত বি এম ডব্লিউৰ মালিক কৃষ্ণ নগৰৰ বাসিন্দা সুৰেন্দ্ৰ কুমাৰৰ ওচৰ পালেগৈ। সুৰেন্দ্ৰ কুমাৰে জনোৱা মতে, তেওঁ নয়ডাৰ ছেক্টৰ-৬৩ত সেৱাৰ বাবে তেওঁৰ ভতিজা চাহিলক গাড়ীখন দিছিল। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে নিৰ্মাণ বিহাৰত অৱস্থিত ঘৰৰ পৰা চাহিলক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে