--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুইচ বেংকত ভাৰতীয়ৰ লোকে জমা কৰা ধনৰ পৰিমাণ ৫০ শতাংশ  বৃদ্ধি হৈছে। ফলত বেংকটোত ভাৰতীয় লোকে জমা কৰা ধনৰপৰিমাণ হৈছেগৈ  ৩০,৫০০ কোটি টকা। এই জমা ধনৰ পৰিমাণ  ১৪ বছৰৰ ভিতৰত  সৰ্বোচ্চ স্তৰত উপনীত হৈছে।চুইজাৰলেণ্ডৰ কেন্দ্ৰীয় বেংকটোৱে  বৃহস্পতিবাৰে প্ৰকাশ কৰা বাৰ্ষিক তথ্যত এই কথা পোহৰলৈ আহিছে।  ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ভিতৰত ছুইচ বংকত ধন জমা কৰা দেশ সমূহৰ ভিতৰত ভাৰত ১৫ তম স্থানত আছে।  চীনৰ স্থান হৈছে ২৪। ভাৰততকৈ আগত থকা দেশবোৰ হৈছে ক্ৰমে সংযুক্ত আৰৱ গণৰাজ্য, অষ্ট্ৰেলিয়া, জাপান, ইটালী, স্পেইন, পানামা, চৌদি আৰৱ, মেক্সিকো, টাইৱান, লেবানন, তুৰ্কী, অষ্ট্ৰিয়া, আয়াৰলেণ্ড, গ্ৰীচ, বাৰ্মুডা, মাৰ্শ্বেল দ্বীপপুঞ্জ, লাইবেৰিয়া, বেলজিয়াম, মাল্টা, কানাডা, কানাডা, কাটাৰ, ইজিপ্ত, থাইলেণ্ড আৰু কুৱেইট আৰু  জৰ্ডান ।

উল্লেখ্য ২০১৪ চনত কেন্দ্ৰত ক্ষমতালৈ অহাৰ পূৰ্বে ক’লা ধনৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। বিজেপি ক্ষমতালৈ আহিলে বিদেশত থকা ভাৰতীয়ৰ ক’লা ধন ঘুৰাই অনাৰ দাবী কৰিছিল।পিছে, বাস্তৱত দেখা গৈছে যে বিদেশৰ পৰা ধন ঘুৰি অহাটো বাদেই, দিনে দিনে ছুইছ বেংকত ভাৰতীয় ধন বৃদ্ধিহে পাইছে। ছুইছ বেংকৰ বাৰ্ষিক হিচাপ অনুসৰি ২০২০চনত কেৱল ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ আছিল প্ৰায় ২০ হাজাৰ ৭০০কোটি টকা। সেইসময়ত এয়া বিগত ১৩ বছৰৰ ভিতৰত সৰ্বাধিক আছিল।

২০১৮চনৰ অন্তত ছুইছ বেংকত ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ আছিল ১২,৬১৫কোটি টকা। সেয়া ২০১৯ চনত একেঢাপে কমি হৈছিল ৬ হাজাৰ ৬২৫কোটি টকা। কিন্তু ২০২০ চনত হঠাতে  বাঢ়িল গৈছিল জমা ধনৰ পৰিমাণ। ছুইছ বেংকত ভাৰতীৰ জমা ধনৰ পৰিমাণ ২০০৬চনত সৰ্বাধিক আছিল যদিও সেয়া ২০১১, ২০১৩ আৰু ২০১৭চনক বাদ দি প্ৰতিবছৰে এই জমা ধনৰ পৰিমাণ হ্ৰাস পাইছিল।

কিন্তু এইবাৰ ভাৰতীয়ৰ জমা ধনৰ পৰিমাণে ৰেকৰ্ড গঢ়িলে। অৱশ্যে, এয়া ছুইছ বেংকৰ ভাৰতীয় শাখা তথা আন বিত্তীয় প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ ট্ৰাষ্ট, বণ্ড, ছিকিউৰিটি মানি হিচাপে যি ধন ছুইছ বেংকত জমা হৈছে তাৰ হিচাপ অকল নগদ জমা ধন অৱশ্যে পূৰ্বৰ তুলনাত কমিছে। আনহাতে, এই জমাৰ পৰিমাণটো দৰাচলতে চৰকাৰী হিচাপহে। ইয়াৰ উপৰি, ছদ্মনামত একাউন্ট বা ছদ্মনামত সংস্থাৰ জৰিয়তে অনৈতিকভাৱে বহু ভাৰতীয়ই ছুইছ বেংকত ধন জমা ৰাখে।

তদুপৰি, বহু প্ৰবাসী ভাৰতীয়য়ো বৈধভাৱেই তাত ধন জমা ৰাখে। গতিকে, সেই পালৰ পৰা চালে ক’লা ধনৰ প্ৰকৃত পৰিমাণ জনাটো সম্ভৱ নহয়। কিন্তু ছুইছ বেংক কৰ্তৃপক্ষই কোন কোন ভাৰতীয়ৰ একাউন্ট আছে, কাৰ কাৰ কিমান টকা জমা আছে তাৰ হিচাপ পূৰ্বেই কেন্দ্ৰক দিছিল। বিশ্বৰ ৮৬খন দেশৰ নাগৰিকৰ বেংক একাউন্ট সম্পৰ্কে ছুইছ বেংক কৰ্তৃপক্ষই সংশ্লিষ্ট চৰকাৰসমূহক জনাইছিল। সেই তালিকাত ভাৰতো আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ