--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ’ ভাইৰেল হৈ থাকে। যি দেখিলে আপুনি হাঁহে, কান্দে বা আৱেগিক হৈ পৰে। আনকি কিছুমান ভিডিঅ’ই আমাক আচৰিতো কৰি তুলে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যি ভিডিঅ’ই যথেষ্ট চৰ্চা লাভ কৰিছে। যান-জঁটৰ নিয়ম অনুসৰি বাইকত যদি দুজনতকৈ অধিক উঠে তেন্তে ট্ৰেফিক পুলিচে চালান কাটি দিয়ে কিন্তু কিছুমান মানুহে নিয়ম ভংগ কৰিবলৈ অলপো চিন্তা নকৰে। দুই তিনিজন বা ততোধিক লোকে বাইকত ঘূৰি ফুৰে আৰু ধৰা পৰিলে জৰিমনা ভৰিবলগীয়া হয়। 

যদিও নিয়ম উলংঘা কৰাৰ বাবে কাৰাদণ্ডৰ শাস্তিও আছে তথাপিও কিন্তু অসাৱধান জনসাধাৰণৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই। ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা ভিডিঅ’। সেই ভিডিঅ’ত দেখা গৈছে এজন ব্যক্তিয়ে বাইক চলাবলৈ প্ৰস্তুত হৈছে য’ত তিনি-চাৰি নহয় সাতজনকৈ লোক বহিছে। হয়, আমি ধেমালি কৰা নাই। এইটো একেবাৰে সঁচা কথা। কোনোবাই ইয়াৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছিল, যিটো এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।
 
ভাইৰেল হৈ থকা ভিডিঅ’টোত দেখা গৈছে যে প্ৰথমে এজন ব্যক্তিয়ে তেওঁৰ বাইকত বহি তেওঁৰ সন্মুখত দুটা শিশুক বহাই দিয়ে। ইয়াৰ পিছত মানুহজনৰ পিছফালে এগৰাকী মহিলা বহে আৰু তেওঁৰ কোলাত এজন শিশুও বহি থাকে। ইয়াৰ পিছত আন এগৰাকী মহিলাই বাইকৰ পিছফালে বহি এটা শিশুক কোলাত লৈ যায়। অৰ্থাৎ বাইকখনত মুঠ ৭ জন লোক বহি আছে, ৪ জন শিশু, ২গৰাকী মহিলা আৰু এজন পুৰুষ। যি জনে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল তেওঁ সকলোকে এনে নকৰিবলৈ অনুৰোধ কৰিছিল। এনেদৰে বাইক চলালে কেৱল চালকজনৰেই নহয়, ইয়াত বহি থকা সকলো মানুহৰ জীৱন বিপদত পৰাৰ যথেষ্ট সম্ভাৱনা থাকে। ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে theadulthumour নামৰ এটা একাউণ্টে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ