--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ বিজয়ী হোৱাৰ পিছত লাইমলাইটলৈ অহা ইউটিউবাৰ এলভিছ যাদৱ পৰিছে বিপদত। নয়ডা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। বিষয়টো বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত। 

তথ্য অনুসৰি এলভিছৰ বিৰুদ্ধে চোৰাং ব্যৱসায় আৰু অবৈধভাৱে ৰেভ পাৰ্টি আয়োজন কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ স্মাগলিঙৰ সৈতেও জড়িত আছিল। এটা বেচৰকাৰী সংস্থাই ষ্টিং অপাৰেচন চলাই নয়ডা আৰক্ষীত এজাহাৰ দাখিল কৰে। যাৰ ভিত্তিত নয়ডা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

তথ্য অনুসৰি নয়ডা আৰক্ষীয়ে ৪৯ নং ছেক্টৰত অভিযান চলাই ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পৰা আৰক্ষীয়ে ৫টা কব্ৰা উদ্ধাৰ কৰাৰ লগতে সাপৰ বিহো উদ্ধাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰাৰ সময়ত বিগবছ বিজয়ী এলভিছ যাদৱৰ নামো আহিল। এলভিছৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

এফ আই আৰৰ ছাৰ্ফেচ কপি অনুসৰি অভিযুক্তৰ মাজত এলভিছ যাদৱৰ নামো পঞ্জীয়ন কৰা হৈছে। এই এফআইআৰ দাখিল কৰিছে গৌৰৱ গুপ্তাই। তেওঁ পিপল ফৰ এনিমেলছত পশু কল্যাণ বিষয়া হিচাপে কৰ্মৰত। ইয়াৰ গোটেই কাহিনীটো এটা অভিযোগৰ পৰাই আৰম্ভ হয়। 

গৌৰৱ গুপ্তাৰ মতে নয়ডাত এনেধৰণৰ কাম-কাজৰ তথ্য লাভ কৰি আছিল। লগতে প্ৰকাশ পাইছে যে ইউটিউবাৰ এলভিছ যাদৱে একাংশ লোকৰ সৈতে নয়ডা-এনচিআৰৰ ফাৰ্ম হাউচত সাপৰ বিহ আৰু জীৱন্ত সাপৰ সৈতে ভিডিঅ’ শ্বুট কৰে। ইয়াৰ লগতে অবৈধভাৱে ৰেভ পাৰ্টি আয়োজন কৰাৰ তথ্যও লাভ কৰা হয়।

আৰক্ষীৰ অভিযানত সাপৰ বিহ, পাঁচটা কব্ৰা, এটা অজগৰ, দুমুখীয়া সাপ আৰু এটা অন্য প্ৰজাতিৰ সাপ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, পাঁচোজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এলভিছ যাদৱকে ধৰি নাম উল্লেখ কৰা ছয়জন আৰু কিছু অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গেংটোৰ সৈতে এলভিছ যাদৱ জড়িত থকাৰ তদন্ত চলি আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ