--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ বিজয়ী হোৱাৰ পিছত লাইমলাইটলৈ অহা ইউটিউবাৰ এলভিছ যাদৱ পৰিছে বিপদত। নয়ডা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। বিষয়টো বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত। 

তথ্য অনুসৰি এলভিছৰ বিৰুদ্ধে চোৰাং ব্যৱসায় আৰু অবৈধভাৱে ৰেভ পাৰ্টি আয়োজন কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ স্মাগলিঙৰ সৈতেও জড়িত আছিল। এটা বেচৰকাৰী সংস্থাই ষ্টিং অপাৰেচন চলাই নয়ডা আৰক্ষীত এজাহাৰ দাখিল কৰে। যাৰ ভিত্তিত নয়ডা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

তথ্য অনুসৰি নয়ডা আৰক্ষীয়ে ৪৯ নং ছেক্টৰত অভিযান চলাই ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পৰা আৰক্ষীয়ে ৫টা কব্ৰা উদ্ধাৰ কৰাৰ লগতে সাপৰ বিহো উদ্ধাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰাৰ সময়ত বিগবছ বিজয়ী এলভিছ যাদৱৰ নামো আহিল। এলভিছৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

এফ আই আৰৰ ছাৰ্ফেচ কপি অনুসৰি অভিযুক্তৰ মাজত এলভিছ যাদৱৰ নামো পঞ্জীয়ন কৰা হৈছে। এই এফআইআৰ দাখিল কৰিছে গৌৰৱ গুপ্তাই। তেওঁ পিপল ফৰ এনিমেলছত পশু কল্যাণ বিষয়া হিচাপে কৰ্মৰত। ইয়াৰ গোটেই কাহিনীটো এটা অভিযোগৰ পৰাই আৰম্ভ হয়। 

গৌৰৱ গুপ্তাৰ মতে নয়ডাত এনেধৰণৰ কাম-কাজৰ তথ্য লাভ কৰি আছিল। লগতে প্ৰকাশ পাইছে যে ইউটিউবাৰ এলভিছ যাদৱে একাংশ লোকৰ সৈতে নয়ডা-এনচিআৰৰ ফাৰ্ম হাউচত সাপৰ বিহ আৰু জীৱন্ত সাপৰ সৈতে ভিডিঅ’ শ্বুট কৰে। ইয়াৰ লগতে অবৈধভাৱে ৰেভ পাৰ্টি আয়োজন কৰাৰ তথ্যও লাভ কৰা হয়।

আৰক্ষীৰ অভিযানত সাপৰ বিহ, পাঁচটা কব্ৰা, এটা অজগৰ, দুমুখীয়া সাপ আৰু এটা অন্য প্ৰজাতিৰ সাপ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, পাঁচোজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এলভিছ যাদৱকে ধৰি নাম উল্লেখ কৰা ছয়জন আৰু কিছু অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গেংটোৰ সৈতে এলভিছ যাদৱ জড়িত থকাৰ তদন্ত চলি আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ