--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণতন্ত্ৰত ৰাইজেই ৰজা৷প্ৰতিজন সৃষ্টিশীল ব্যক্তিৰ কৰ্মক সাৰ্থক কৰে ৰাইজে৷কিন্তু কোনো এজন সৃজনশীল ব্যক্তিয়ে নিজৰ অহংকাৰত মত্ত হৈ যেতিয়া কুৰুচিপূৰ্ণভাৱে মন্তব্য কৰে তাৰ ফল ভুগিবলগীয়া হয়৷দেশৰ শেহতীয়া সাংস্কৃতিক পৰিবেশে ইতিমধ্যে প্ৰায়সমূহ কথাই পৰিস্ফুট কৰি তুলিছে৷

বলীউডৰ কুইনখ্যাত অভিনয়কৰ্মী কংগনা ৰাণাৱটে সদ্যতে মুক্তি পোৱা 'তেজছ' নামৰ চলচ্চিত্ৰখনত বাৰুকৈয়ে মুখঠেকেছা খাইছে৷জনতা জনাৰ্দনক বহু সময়ত কটুক্তি আৰু উপহাস কৰা ডেয়াৰডেভিল কংগনাই একেসমূহ ৰাইজক কৰযোৰে 'তেজছ' চাবলৈ আহিবলৈ আহ্বান জনাইছে৷স্পষ্টবাদী বুলি সকলোৰে লগত কাজিয়াত লিপ্ত হোৱা কংগনা বলীউডত এতিয়া একেবাৰেই অকলশৰীয়া৷বহু চলচ্চিত্ৰ সমালোচকৰ মতে কংগনাৰ অভিনয় কেৰিয়াৰৰ শীঘ্ৰেই অৱসান ঘটিছে৷

ঠিক অনুৰূপধৰণে অসমীয়া অভিনয়কৰ্মী ৰাগ ঐনিতমেও ২ নৱেম্বৰ তাৰিখে ৰাঘৱ শীৰ্ষক চলচ্চিত্ৰখনক বিৰোধিতা কৰা লোকসকলক মূৰ্খ আৰু সাংস্কৃতিকদ্ৰোহী আখ্যা দিয়ে৷ৰাগৰ মতে শিল্প আৰু ৰাজনীতিক একাকাৰ কৰাটো উচিত নহয়৷কিন্তু ৰাইজৰ বিৰুদ্ধে মন্তব্য দিয়াৰ ২৪ ঘণ্টাৰ পাছতে ক্ষমা খুজিবলৈ বাধ্য হ’ল ৰাগ ঐনিতম৷ইয়াৰ দ্বাৰা পুনৰ এবাৰ প্ৰমাণ হ’ল যে ৰাইজৰ উৰ্দ্ধত কোনো নহয়৷এজন ব্যক্তিৰ কাম আৰু তাৰ স্বীকৃতি নিৰ্ভৰ কৰে ৰাইজৰ ওপৰতে৷যাৰ প্ৰমাণ ইতিমধ্যে কংগনা আৰু ৰাগ ঐনিতমৰ ঘটনাই সুস্পষ্ট কৰিছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু