--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণতন্ত্ৰত ৰাইজেই ৰজা৷প্ৰতিজন সৃষ্টিশীল ব্যক্তিৰ কৰ্মক সাৰ্থক কৰে ৰাইজে৷কিন্তু কোনো এজন সৃজনশীল ব্যক্তিয়ে নিজৰ অহংকাৰত মত্ত হৈ যেতিয়া কুৰুচিপূৰ্ণভাৱে মন্তব্য কৰে তাৰ ফল ভুগিবলগীয়া হয়৷দেশৰ শেহতীয়া সাংস্কৃতিক পৰিবেশে ইতিমধ্যে প্ৰায়সমূহ কথাই পৰিস্ফুট কৰি তুলিছে৷

বলীউডৰ কুইনখ্যাত অভিনয়কৰ্মী কংগনা ৰাণাৱটে সদ্যতে মুক্তি পোৱা 'তেজছ' নামৰ চলচ্চিত্ৰখনত বাৰুকৈয়ে মুখঠেকেছা খাইছে৷জনতা জনাৰ্দনক বহু সময়ত কটুক্তি আৰু উপহাস কৰা ডেয়াৰডেভিল কংগনাই একেসমূহ ৰাইজক কৰযোৰে 'তেজছ' চাবলৈ আহিবলৈ আহ্বান জনাইছে৷স্পষ্টবাদী বুলি সকলোৰে লগত কাজিয়াত লিপ্ত হোৱা কংগনা বলীউডত এতিয়া একেবাৰেই অকলশৰীয়া৷বহু চলচ্চিত্ৰ সমালোচকৰ মতে কংগনাৰ অভিনয় কেৰিয়াৰৰ শীঘ্ৰেই অৱসান ঘটিছে৷

ঠিক অনুৰূপধৰণে অসমীয়া অভিনয়কৰ্মী ৰাগ ঐনিতমেও ২ নৱেম্বৰ তাৰিখে ৰাঘৱ শীৰ্ষক চলচ্চিত্ৰখনক বিৰোধিতা কৰা লোকসকলক মূৰ্খ আৰু সাংস্কৃতিকদ্ৰোহী আখ্যা দিয়ে৷ৰাগৰ মতে শিল্প আৰু ৰাজনীতিক একাকাৰ কৰাটো উচিত নহয়৷কিন্তু ৰাইজৰ বিৰুদ্ধে মন্তব্য দিয়াৰ ২৪ ঘণ্টাৰ পাছতে ক্ষমা খুজিবলৈ বাধ্য হ’ল ৰাগ ঐনিতম৷ইয়াৰ দ্বাৰা পুনৰ এবাৰ প্ৰমাণ হ’ল যে ৰাইজৰ উৰ্দ্ধত কোনো নহয়৷এজন ব্যক্তিৰ কাম আৰু তাৰ স্বীকৃতি নিৰ্ভৰ কৰে ৰাইজৰ ওপৰতে৷যাৰ প্ৰমাণ ইতিমধ্যে কংগনা আৰু ৰাগ ঐনিতমৰ ঘটনাই সুস্পষ্ট কৰিছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ