--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগবছ ছিজন ১৫ৰ বিজেতা হিচাপে ঘোষিত হ'ল তেজস্বী প্ৰকাশ৷ দেওবাৰে অনুষ্ঠিত ৰিয়েলিটী শ্ব' বিগবছ- ছিজন ১৫ৰ গ্ৰেণ্ড ফিনালেট চলমান খানে পুৰস্কাৰ হিচাপে প্ৰদান কৰিলে ৪০ লাখ টকা আৰু বিগবছৰ ট্ৰফী৷ উল্লেখ্য যে, বিগবছৰ ছিজন-১৫ৰ ফাইনেল শনিবাৰে আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয়। অভিনেতা ৰশ্মি দেশাইক শনিবাৰে অনুষ্ঠানটোৰ পৰা বিদায় দিয়া হৈছিল। তাৰপাছত দেওবাৰে, কৰিঅ'গ্ৰাফাৰ নিশান্ত ভট্টে বিগবছৰ দ্বাৰা আগবঢ়োৱা ১০ লাখ টকাৰ বাবে অনুষ্ঠানটোৰ পৰা বিদায় মাগিছিল। তাৰপাছতেই বিগবছৰ খিতাপ জয়ৰ দৌৰত নামী পৰিছিল শমিতা চেট্টী, প্ৰতীক চাহেজপাল, কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশ৷ উল্লেখ্য যে, পাঁচটা ছিজন বিজয়ী শ্বেতা তিৱাৰী, উৰ্বশী ঢোলাকিয়া, গৌহৰ খান, গৌতম গুলাটি আৰু ৰুবিনা দিলনায়কা বিগবছৰ ঘৰত সেই বিশেষ দিনটোত উপস্থিত হৈছিল। তেওঁলোকে শীৰ্ষ পাঁচজনৰ ওচৰত দুটা বিকল্প দিছিল। এফালে তেওঁলোকে শেষলৈকে অপেক্ষা কৰিব পাৰে য'ত কেৱল এজন ব্যক্তিয়ে ট্ৰফী আৰু নগদ ধন লাভ কৰিব; আনহাতে তেওঁলোকে ইচ্ছা কৰিলে ১০ লাখ টকাৰে অনুষ্ঠানটো এৰিবও পাৰে। নিশান্ত ভট্টই প্ৰস্তাৱটো ল'বলৈ সন্মত হৈছিল। নিশান্তে কৈছিল যে, তেওঁ সুখী। বিগবছে তেওঁক পৰিচয় কৰাই দিছিল। ইয়াৰ উপৰি, চলমান খানে তেওঁক কৈছিল যে তেওঁ সঠিক সিদ্ধান্ত লৈছে অৰ্থাৎ নিশান্তে দৰ্শকৰ ভোট লাভ নকৰিলেহেঁতেন। আনহাতে নতুন চিনেমা 'গেহৰিয়ান'ৰ প্ৰচাৰৰ বাবে বিগবছৰ ঘৰত উপস্থিত হৈছিল অভিনেত্ৰী দীপিকা পাডুকন। দীপিকা পাডুকন, অনন্যা পাণ্ডে, সিদ্ধাৰ্থ চতুৰ্বেদী আৰু ধাৰিয়া কাৰৱাই দেওবাৰে নিয়াটো বিগবছৰ মঞ্চৰ পৰাই কৰি তোলে ৰোমাঞ্চক। চলমানৰ খানৰ লগত হোৱা দীপিকাৰ কথোপকথনে দৰ্শকক আপ্লুত কৰি তোলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু