--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগবছ ছিজন ১৫ৰ বিজেতা হিচাপে ঘোষিত হ'ল তেজস্বী প্ৰকাশ৷ দেওবাৰে অনুষ্ঠিত ৰিয়েলিটী শ্ব' বিগবছ- ছিজন ১৫ৰ গ্ৰেণ্ড ফিনালেট চলমান খানে পুৰস্কাৰ হিচাপে প্ৰদান কৰিলে ৪০ লাখ টকা আৰু বিগবছৰ ট্ৰফী৷ উল্লেখ্য যে, বিগবছৰ ছিজন-১৫ৰ ফাইনেল শনিবাৰে আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয়। অভিনেতা ৰশ্মি দেশাইক শনিবাৰে অনুষ্ঠানটোৰ পৰা বিদায় দিয়া হৈছিল। তাৰপাছত দেওবাৰে, কৰিঅ'গ্ৰাফাৰ নিশান্ত ভট্টে বিগবছৰ দ্বাৰা আগবঢ়োৱা ১০ লাখ টকাৰ বাবে অনুষ্ঠানটোৰ পৰা বিদায় মাগিছিল। তাৰপাছতেই বিগবছৰ খিতাপ জয়ৰ দৌৰত নামী পৰিছিল শমিতা চেট্টী, প্ৰতীক চাহেজপাল, কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশ৷ উল্লেখ্য যে, পাঁচটা ছিজন বিজয়ী শ্বেতা তিৱাৰী, উৰ্বশী ঢোলাকিয়া, গৌহৰ খান, গৌতম গুলাটি আৰু ৰুবিনা দিলনায়কা বিগবছৰ ঘৰত সেই বিশেষ দিনটোত উপস্থিত হৈছিল। তেওঁলোকে শীৰ্ষ পাঁচজনৰ ওচৰত দুটা বিকল্প দিছিল। এফালে তেওঁলোকে শেষলৈকে অপেক্ষা কৰিব পাৰে য'ত কেৱল এজন ব্যক্তিয়ে ট্ৰফী আৰু নগদ ধন লাভ কৰিব; আনহাতে তেওঁলোকে ইচ্ছা কৰিলে ১০ লাখ টকাৰে অনুষ্ঠানটো এৰিবও পাৰে। নিশান্ত ভট্টই প্ৰস্তাৱটো ল'বলৈ সন্মত হৈছিল। নিশান্তে কৈছিল যে, তেওঁ সুখী। বিগবছে তেওঁক পৰিচয় কৰাই দিছিল। ইয়াৰ উপৰি, চলমান খানে তেওঁক কৈছিল যে তেওঁ সঠিক সিদ্ধান্ত লৈছে অৰ্থাৎ নিশান্তে দৰ্শকৰ ভোট লাভ নকৰিলেহেঁতেন। আনহাতে নতুন চিনেমা 'গেহৰিয়ান'ৰ প্ৰচাৰৰ বাবে বিগবছৰ ঘৰত উপস্থিত হৈছিল অভিনেত্ৰী দীপিকা পাডুকন। দীপিকা পাডুকন, অনন্যা পাণ্ডে, সিদ্ধাৰ্থ চতুৰ্বেদী আৰু ধাৰিয়া কাৰৱাই দেওবাৰে নিয়াটো বিগবছৰ মঞ্চৰ পৰাই কৰি তোলে ৰোমাঞ্চক। চলমানৰ খানৰ লগত হোৱা দীপিকাৰ কথোপকথনে দৰ্শকক আপ্লুত কৰি তোলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি