--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশনে বৰ্তমান চিনেমাৰ বাবে নহয় অভিনেত্ৰীৰ সৈতে তেওঁক দেখা পোৱাৰ বাবেহে সংবাদ শিৰোনাম দখল কৰিছে। কিছুদিন পূৰ্বে তেওঁক সামান্থা লকউডৰ সৈতে দেখা গৈছিল আৰু এতিয়া তেওঁক ছাবা আজাদৰ সৈতে দেখা গৈছে। শেহতীয়াকৈ হৃত্বিক ৰোশনে ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ খাই এজনী ছোৱালীৰ হাতত ধৰি বাহিৰলৈ ওলাই আহিছিল। দুয়ো হাতে-হাত ধৰি ওলাই অহাত এই দৃশ্য লগালগ পাপ্পাৰাজীৰ কেমেৰাত বন্দী হয়। ৰেষ্টুৰেণ্টৰ পৰা বাহিৰ ওলোৱাৰ পাছত দুয়ো একেখন গাড়ীত উঠি গুচি যায়। দৃশ্যটো ভাইৰেল হৈ পৰে আৰু সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰে হৃত্বিকৰ হাতে হাত ধৰি কোন এই ৰহস্যময়ী যুৱতী। কাৰ সৈতে ডেটিঙত ব্যস্ত হৃত্বিক? সেই সময়ত যুৱতীগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাছিল কিয়নো তেওঁৰ মুখ ক'লা ৰঙৰ মাস্কেৰে ঢকা আছিল। পাছত বহু অনুসন্ধানৰ পাছত গম পোৱা গ'ল যে যুৱতীগৰাকী আছিল ছাবা আজাদ। ছাবা জনপ্ৰিয় অভিনেত্ৰী নোহোৱাৰ বাবেই যুৱতীগৰাকী কোন আছিল সেয়া অনুসন্ধান কৰোতে অলপ পলম হয়। ছাবা আজাদ কোন? ছাবা আজাদ পেছাত এগৰাকী গায়িকা আৰু অভিনেত্ৰী। ৩২ বছৰীয়া চাবাই ২০০৮ চনত 'দিল কাবাডী' শীৰ্ষক এখন চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। কিন্তু ছবিখনে বক্স অফিচত মুখ থেকেচা খাইছিল। প্ৰথম চলচ্চিত্ৰখন ফ্লপ হোৱাৰ পাছত ছাবা আজাদে ২০১১ চনত চাকিব ছালিমৰ সৈতে 'মুঝছে ফ্ৰেণ্ডশ্বিপ কৰোগে' চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছাবাৰ এইখন ছবিও ফ্লপ হয়। এতিয়ালৈকে ছাবাই প্ৰায় ৪ৰ পৰা ৫খন বলীউড চলচ্চিত্ৰত কাম কৰিছে। শেষবাৰৰ বাবে তেওঁক ২০২১ চনত 'ফিলছ লাইক ইস্ক' বোলছবিত দেখা গৈছিল।  ২০১৪ চনত চুজেন খানৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল হৃত্বিক ৰোশনৰ। এতিয়া সকলোৱে জানিব বিচাৰিছে ছাবা আজাদৰ সৈতে হৃত্বিক ৰোশনৰ নতুন খবৰ শুনিবলৈ পোৱা যাব নেকি? নে তেওঁলোক কেৱল ভাল বন্ধু.. আৰু পঢ়কঃ শৰীৰত নহয় মনত দুৰ্বাৰ শক্তি! সাধাৰণ এখন দোকানৰ পৰা ৰামচন্দ্ৰই গঢ়িলে ‘বিশাল মেগা মাৰ্ট’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি