--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশনে বৰ্তমান চিনেমাৰ বাবে নহয় অভিনেত্ৰীৰ সৈতে তেওঁক দেখা পোৱাৰ বাবেহে সংবাদ শিৰোনাম দখল কৰিছে। কিছুদিন পূৰ্বে তেওঁক সামান্থা লকউডৰ সৈতে দেখা গৈছিল আৰু এতিয়া তেওঁক ছাবা আজাদৰ সৈতে দেখা গৈছে। শেহতীয়াকৈ হৃত্বিক ৰোশনে ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ খাই এজনী ছোৱালীৰ হাতত ধৰি বাহিৰলৈ ওলাই আহিছিল। দুয়ো হাতে-হাত ধৰি ওলাই অহাত এই দৃশ্য লগালগ পাপ্পাৰাজীৰ কেমেৰাত বন্দী হয়। ৰেষ্টুৰেণ্টৰ পৰা বাহিৰ ওলোৱাৰ পাছত দুয়ো একেখন গাড়ীত উঠি গুচি যায়। দৃশ্যটো ভাইৰেল হৈ পৰে আৰু সকলোৱে জানিবলৈ ব্যগ্ৰ হৈ পৰে হৃত্বিকৰ হাতে হাত ধৰি কোন এই ৰহস্যময়ী যুৱতী। কাৰ সৈতে ডেটিঙত ব্যস্ত হৃত্বিক? সেই সময়ত যুৱতীগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাছিল কিয়নো তেওঁৰ মুখ ক'লা ৰঙৰ মাস্কেৰে ঢকা আছিল। পাছত বহু অনুসন্ধানৰ পাছত গম পোৱা গ'ল যে যুৱতীগৰাকী আছিল ছাবা আজাদ। ছাবা জনপ্ৰিয় অভিনেত্ৰী নোহোৱাৰ বাবেই যুৱতীগৰাকী কোন আছিল সেয়া অনুসন্ধান কৰোতে অলপ পলম হয়। ছাবা আজাদ কোন? ছাবা আজাদ পেছাত এগৰাকী গায়িকা আৰু অভিনেত্ৰী। ৩২ বছৰীয়া চাবাই ২০০৮ চনত 'দিল কাবাডী' শীৰ্ষক এখন চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। কিন্তু ছবিখনে বক্স অফিচত মুখ থেকেচা খাইছিল। প্ৰথম চলচ্চিত্ৰখন ফ্লপ হোৱাৰ পাছত ছাবা আজাদে ২০১১ চনত চাকিব ছালিমৰ সৈতে 'মুঝছে ফ্ৰেণ্ডশ্বিপ কৰোগে' চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছাবাৰ এইখন ছবিও ফ্লপ হয়। এতিয়ালৈকে ছাবাই প্ৰায় ৪ৰ পৰা ৫খন বলীউড চলচ্চিত্ৰত কাম কৰিছে। শেষবাৰৰ বাবে তেওঁক ২০২১ চনত 'ফিলছ লাইক ইস্ক' বোলছবিত দেখা গৈছিল।  ২০১৪ চনত চুজেন খানৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল হৃত্বিক ৰোশনৰ। এতিয়া সকলোৱে জানিব বিচাৰিছে ছাবা আজাদৰ সৈতে হৃত্বিক ৰোশনৰ নতুন খবৰ শুনিবলৈ পোৱা যাব নেকি? নে তেওঁলোক কেৱল ভাল বন্ধু.. আৰু পঢ়কঃ শৰীৰত নহয় মনত দুৰ্বাৰ শক্তি! সাধাৰণ এখন দোকানৰ পৰা ৰামচন্দ্ৰই গঢ়িলে ‘বিশাল মেগা মাৰ্ট’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু