--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ অন্যতম ফেব দম্পতি, তেওঁলোক বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতিৰূপে পৰিচিত, ভিন্ন সময়ত বলীউডৰ এই দম্পত্তিক লৈ সামাজিক মাধ্যমত চৰ্চা হৈ থাকে৷ এক সাক্ষাৎকাৰত, দীপিকা আৰু ৰণবীৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা ভাগ বতৰা কৰিবলৈ অনুৰোধ কৰিছিল৷ সেই সাক্ষাৎকাৰত, দীপিকাই সকলোৰে সন্মুখত তেওঁলোকৰ শোৱনি কোঠাৰ কিছু ৰহস্য ভেদ কৰিছিল। নাইকা ফেমিনা বিউটি এৱাৰ্ডছত, দীপিকাক ৰণবীৰৰ অজ্ঞাতে কিছুমান কথা ভাগ বতৰা কৰিবলৈ কোৱা হৈছিল তেতিয়াই দীপিকাই কৈছিল যে, "ৰণবীৰে গা ধুবলৈ যথেষ্ট সময় লয়, তদুপৰি নিশা শোৱনি কোঠালৈ আহিবলৈও ৰণবীৰে বহু পলম কৰে, কিয়নো ৰণবীৰ বহু সময় মোবাইল গেমত ব্যস্ত হৈ থাকে৷ দীপিকাই এই কথা ৰাজহুৱা কৰাৰ পাছতে সামাজিক মাধ্যমত এই প্ৰসংগক লৈ বেচ চৰ্চা লাভ কৰে৷ তাৰোপৰি গ্লেমাৰৰ সমান্তৰালকৈ, বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে তেওঁলোকৰ বিয়াৰ আগতে চলচ্চিত্ৰ উদ্যোগত ভাল প্ৰভাৱ পেলাইছিল। বিবাহৰ পাছত, দুয়োজন তাৰকাই কেৱল কেৰিয়াৰ আৰু সম্পৰ্ক গঢ়ি তোলাই নহয়, লগতে তেওঁলোকৰ সম্পত্তিৰ সাম্ৰাজ্যও চতুৰতাৰে গঢ়ি তুলিছিল। ফৰ্বছে ১০০ জন চেলিব্ৰিটিৰ তালিকাত ৰণবীৰৰ সম্পত্তিৰ তালিকাত স্থান পাইছিল। দীপিকাই ৪৮ কোটি টকাৰ সম্পত্তিৰ সৈতে দশম স্থানত আছিল আৰু ৰণবীৰ সিঙে ১১৮.২ কোটি টকাৰ সম্পত্তিৰ সৈতে সপ্তম স্থানত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু