--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ অন্যতম ফেব দম্পতি, তেওঁলোক বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতিৰূপে পৰিচিত, ভিন্ন সময়ত বলীউডৰ এই দম্পত্তিক লৈ সামাজিক মাধ্যমত চৰ্চা হৈ থাকে৷ এক সাক্ষাৎকাৰত, দীপিকা আৰু ৰণবীৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা ভাগ বতৰা কৰিবলৈ অনুৰোধ কৰিছিল৷ সেই সাক্ষাৎকাৰত, দীপিকাই সকলোৰে সন্মুখত তেওঁলোকৰ শোৱনি কোঠাৰ কিছু ৰহস্য ভেদ কৰিছিল। নাইকা ফেমিনা বিউটি এৱাৰ্ডছত, দীপিকাক ৰণবীৰৰ অজ্ঞাতে কিছুমান কথা ভাগ বতৰা কৰিবলৈ কোৱা হৈছিল তেতিয়াই দীপিকাই কৈছিল যে, "ৰণবীৰে গা ধুবলৈ যথেষ্ট সময় লয়, তদুপৰি নিশা শোৱনি কোঠালৈ আহিবলৈও ৰণবীৰে বহু পলম কৰে, কিয়নো ৰণবীৰ বহু সময় মোবাইল গেমত ব্যস্ত হৈ থাকে৷ দীপিকাই এই কথা ৰাজহুৱা কৰাৰ পাছতে সামাজিক মাধ্যমত এই প্ৰসংগক লৈ বেচ চৰ্চা লাভ কৰে৷ তাৰোপৰি গ্লেমাৰৰ সমান্তৰালকৈ, বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে তেওঁলোকৰ বিয়াৰ আগতে চলচ্চিত্ৰ উদ্যোগত ভাল প্ৰভাৱ পেলাইছিল। বিবাহৰ পাছত, দুয়োজন তাৰকাই কেৱল কেৰিয়াৰ আৰু সম্পৰ্ক গঢ়ি তোলাই নহয়, লগতে তেওঁলোকৰ সম্পত্তিৰ সাম্ৰাজ্যও চতুৰতাৰে গঢ়ি তুলিছিল। ফৰ্বছে ১০০ জন চেলিব্ৰিটিৰ তালিকাত ৰণবীৰৰ সম্পত্তিৰ তালিকাত স্থান পাইছিল। দীপিকাই ৪৮ কোটি টকাৰ সম্পত্তিৰ সৈতে দশম স্থানত আছিল আৰু ৰণবীৰ সিঙে ১১৮.২ কোটি টকাৰ সম্পত্তিৰ সৈতে সপ্তম স্থানত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি