--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিয় বিয়া নাপাতে? কিয় বিয়া নাপাতে বলীউডৰ ‘ভাইজান’ ছলমান খানে? এই প্ৰশ্ন যেন এণ্টাৰটেইনমেণ্ট জগতৰ এটা জাতীয় প্ৰশ্ন! য’লৈকে যায় চল্লুভাই এই প্ৰশ্ন সন্মুখীন হয়। বিয়া কেতিয়া পাতিব? কাক বিয়া পাতিব সেই প্ৰশ্নও অনুৰাগীৰ অন্তৰে অন্তৰে ঘূৰি ফুৰে। পিছে এনেবোৰ প্ৰশ্নৰ উত্তৰ তেওঁ মিচিকিয়া হাঁহিৰেই দি এৰাই চলে। ছলমানৰ এই নীৰৱতাই অনুৰাগীৰ উৎসুকতাও বৃদ্ধি কৰিছে দিনক দিনে। এইবাৰ এই প্ৰশ্নৰ ভেদ ভাঙিছে। অনস্ক্ৰীণত ছলমানৰ প্ৰেম-ৰোমাঞ্চ চাই শিহৰিত হৈ থকা অনুৰাগীসকলে ছলমানৰ আচল বিয়াখন খোৱাৰ হেঁপাহনো কেতিয়া পূৰণ হ’ব সেই বিষয়ে সদৰি কৰিছে ছলমানৰ বলীউডৰ এই মহাতাৰকাৰ ভনী জোঁৱায়েক আয়ুষ শৰ্মাই।


এটা অনুষ্ঠাত আয়ুষক প্ৰশ্ন কৰা হৈছিল, ছলমানৰ বিয়াৰ বিষয়টো সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত আয়ুষে কয়, ‘এই বিষয়ে মই তেওঁক কোনো প্ৰশ্ন কৰা নাই। মই তেওঁৰ জীৱনশৈলী আৰু জীৱন-যাপনৰ ধৰণ কৰণ খুব ওচৰৰপৰা দেখিছোঁ। তেওঁ যিদৰে নিজৰ কামত ব্যস্ত থাকে মোৰ ধাৰণা নহয় যে, বিয়াৰ বাবে তেওঁৰ ওচৰত অন্য সময় আছে। তথাপি আমি সুখী হওঁ এই ভাবি যে, ছলমান ভালে আছে। সেয়াই জৰুৰী।’ ছলমানে তেওঁৰ সকলো সিদ্ধান্ত নিজেই গ্ৰহণ কৰে বুলি প্ৰকাশ কৰি কয় যে, বিয়াৰ দৰে বিষয় সন্দৰ্ভতো তেওঁ নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু কেতিয়া সেই আকাংক্ষিত খবৰ আহিব পাৰে সেই বিষয়ে বিশেষ একো মন্তব্য নকৰিলে আয়ুষে।

মন কৰিবলগীয়া যে, বিয়াৰ দৰে আনুষ্ঠানিক বিষয়ৰ পৰা আঁতৰি থাকিলেও ছলমানৰ প্ৰেয়সীৰ তালিকা পিছে খুব চমু নহয়। বেছিভাগ প্ৰেমেই ব্যৰ্থ হৈছে ছলমানৰ। এতিয়া বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যৰ সৈতে ছলমানৰ প্ৰেমৰ খবৰে এসময়ত বলীউডত তুমুল আলোড়ন সৃষ্টি কৰিছিল। সেই সময়ত বলীউডৰ ‘বেড বয়’ৰ ইমেজ লৈ ঘূৰি ফুৰা ছলমানে ঐশ্বৰ্যৰে বিচ্ছেদ আজিও সহজভাৱে ল’ব পৰা নাই বুলি বহুতেই দাবী কৰে। কেৱল এয়াই নহয়, সংগীতা বিজলানী, সোমী আলীৰ সৈতেও তেওঁৰ সম্পৰ্ক টিকি নাথাকিল। এতিয়া সিংহল সুন্দৰী জেকলিনৰ সৈতে ছলমানৰ সম্পৰ্কক বিভিন্ন গুজৱ শুনা যায়। গুজৱ ওলাইছিল কেটৰিনাৰ সৈতেও। একেদৰে ৰোমানিয়ান সুন্দৰী ইউলিয়াৰ সৈতে ছলমানৰ শেহতীয়া সম্পৰ্কও এক নতুন চৰ্চাৰ বিষয়। শেহতীয়াকৈ দেৱালীৰ পাৰ্টীত ছলমানৰ সৈতে ইউলিয়াক দেখা গৈছিল। পিছে এনেবোৰ গুজৱ-চৰ্চাৰ মাজেৰেই ছলমানক বয়সে ভাটি দিবলৈ আৰম্ভ কৰিছে। এনেবোৰ গুজৱক বাস্তৱলৈ ৰূপান্তৰিত কৰি তেওঁ কেতিয়া গাৰ্হস্থ্য জীৱন আৰম্ভ কৰে নে বিৰহীৰ দৰে তেওঁ একাকী জীৱনকেই নিজৰ কৰি ৰাখে সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু