--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিয় বিয়া নাপাতে? কিয় বিয়া নাপাতে বলীউডৰ ‘ভাইজান’ ছলমান খানে? এই প্ৰশ্ন যেন এণ্টাৰটেইনমেণ্ট জগতৰ এটা জাতীয় প্ৰশ্ন! য’লৈকে যায় চল্লুভাই এই প্ৰশ্ন সন্মুখীন হয়। বিয়া কেতিয়া পাতিব? কাক বিয়া পাতিব সেই প্ৰশ্নও অনুৰাগীৰ অন্তৰে অন্তৰে ঘূৰি ফুৰে। পিছে এনেবোৰ প্ৰশ্নৰ উত্তৰ তেওঁ মিচিকিয়া হাঁহিৰেই দি এৰাই চলে। ছলমানৰ এই নীৰৱতাই অনুৰাগীৰ উৎসুকতাও বৃদ্ধি কৰিছে দিনক দিনে। এইবাৰ এই প্ৰশ্নৰ ভেদ ভাঙিছে। অনস্ক্ৰীণত ছলমানৰ প্ৰেম-ৰোমাঞ্চ চাই শিহৰিত হৈ থকা অনুৰাগীসকলে ছলমানৰ আচল বিয়াখন খোৱাৰ হেঁপাহনো কেতিয়া পূৰণ হ’ব সেই বিষয়ে সদৰি কৰিছে ছলমানৰ বলীউডৰ এই মহাতাৰকাৰ ভনী জোঁৱায়েক আয়ুষ শৰ্মাই।


এটা অনুষ্ঠাত আয়ুষক প্ৰশ্ন কৰা হৈছিল, ছলমানৰ বিয়াৰ বিষয়টো সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত আয়ুষে কয়, ‘এই বিষয়ে মই তেওঁক কোনো প্ৰশ্ন কৰা নাই। মই তেওঁৰ জীৱনশৈলী আৰু জীৱন-যাপনৰ ধৰণ কৰণ খুব ওচৰৰপৰা দেখিছোঁ। তেওঁ যিদৰে নিজৰ কামত ব্যস্ত থাকে মোৰ ধাৰণা নহয় যে, বিয়াৰ বাবে তেওঁৰ ওচৰত অন্য সময় আছে। তথাপি আমি সুখী হওঁ এই ভাবি যে, ছলমান ভালে আছে। সেয়াই জৰুৰী।’ ছলমানে তেওঁৰ সকলো সিদ্ধান্ত নিজেই গ্ৰহণ কৰে বুলি প্ৰকাশ কৰি কয় যে, বিয়াৰ দৰে বিষয় সন্দৰ্ভতো তেওঁ নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু কেতিয়া সেই আকাংক্ষিত খবৰ আহিব পাৰে সেই বিষয়ে বিশেষ একো মন্তব্য নকৰিলে আয়ুষে।

মন কৰিবলগীয়া যে, বিয়াৰ দৰে আনুষ্ঠানিক বিষয়ৰ পৰা আঁতৰি থাকিলেও ছলমানৰ প্ৰেয়সীৰ তালিকা পিছে খুব চমু নহয়। বেছিভাগ প্ৰেমেই ব্যৰ্থ হৈছে ছলমানৰ। এতিয়া বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যৰ সৈতে ছলমানৰ প্ৰেমৰ খবৰে এসময়ত বলীউডত তুমুল আলোড়ন সৃষ্টি কৰিছিল। সেই সময়ত বলীউডৰ ‘বেড বয়’ৰ ইমেজ লৈ ঘূৰি ফুৰা ছলমানে ঐশ্বৰ্যৰে বিচ্ছেদ আজিও সহজভাৱে ল’ব পৰা নাই বুলি বহুতেই দাবী কৰে। কেৱল এয়াই নহয়, সংগীতা বিজলানী, সোমী আলীৰ সৈতেও তেওঁৰ সম্পৰ্ক টিকি নাথাকিল। এতিয়া সিংহল সুন্দৰী জেকলিনৰ সৈতে ছলমানৰ সম্পৰ্কক বিভিন্ন গুজৱ শুনা যায়। গুজৱ ওলাইছিল কেটৰিনাৰ সৈতেও। একেদৰে ৰোমানিয়ান সুন্দৰী ইউলিয়াৰ সৈতে ছলমানৰ শেহতীয়া সম্পৰ্কও এক নতুন চৰ্চাৰ বিষয়। শেহতীয়াকৈ দেৱালীৰ পাৰ্টীত ছলমানৰ সৈতে ইউলিয়াক দেখা গৈছিল। পিছে এনেবোৰ গুজৱ-চৰ্চাৰ মাজেৰেই ছলমানক বয়সে ভাটি দিবলৈ আৰম্ভ কৰিছে। এনেবোৰ গুজৱক বাস্তৱলৈ ৰূপান্তৰিত কৰি তেওঁ কেতিয়া গাৰ্হস্থ্য জীৱন আৰম্ভ কৰে নে বিৰহীৰ দৰে তেওঁ একাকী জীৱনকেই নিজৰ কৰি ৰাখে সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ