--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সুকেশ চন্দ্ৰশেখৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বলীউড জেকলিন ফাৰ্ণাণ্ডেজৰ। বিগত সময়ছোৱাত সুকেশৰ অধিবক্তাই এনে দাবীয়েই কৰা পৰিল‌ক্ষিত হৈছিল। আৰক্ষীৰ চোকা দৃষ্টিৰ মাজতে এইবাৰ গোপন মুহূৰ্তৰ ছবি পোহৰলৈ আহিছে। ছবিখনত জেকলিনৰ সঙ্গীৰ মুখখন সম্পূৰ্ণৰূপে দেখাপোৱা নগ’লেও সেই মানুহজন সুকেশ চন্দ্ৰশেখৰ আছিল বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনুমানিক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা পালৰ বিৰুদ্ধে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন মালিক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালৰ বিৰুদ্ধে ২০০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে, অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে অভিযুক্তৰ সৈতে উত্থাপিত সম্পৰ্কৰ গুঞ্জনক ভুৱা বুলি মন্তব্য কৰিছে। কিন্তু, শেহতীয়াকৈ প্ৰকাশিত 'অন্তৰংগ' মুহূৰ্তৰ ছবিবোৰে নতুন বিতৰ্কৰ উকমুকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, সম্প্ৰতি ভাইৰেল হৈ পৰা ছবিখন চলিত বৰ্ষৰ এপ্ৰিল-জুন মাহৰ আশে-পাশে তোলা। অন্তৱৰ্তীকালীন জামিন পোৱাৰ পাছতে সুকেশ চন্দ্ৰশেখৰে ন্যায়িক জিম্মাৰ পৰা বাহিৰলৈ আহিছিল। অন্তৱৰ্তীকালীন জামিনৰ সময়ত জেকলিনৰে চাৰিবাৰ সাক্ষাত্‍ হৈছিল চন্দ্ৰশেখৰৰ। সুকেশে জেকলিনৰ বাবে এখন ব্যক্তিগত বিমানৰো ব্যৱস্থা কৰিছিল বুলি সদৰী কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে।

২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত অক্টোবৰ মাহতে জেকলিনক একাধিকবাৰ জেৰা কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ মুখপাত্ৰগৰাকীয়ে এক বিবৃতিযোগে সদৰী কৰিছিল যে, ‘জেকলিনক প্ৰৱৰ্তন সঞ্চালকালয়ে গোচৰটোৰ সাক্ষী হিচাপে মাতি পঠাইছিল। সেই বিবৃতি লিপিবদ্ধ কৰা হৈছে।’ পৰৱৰ্তী সময়ত বিচাৰিলে অনুসন্ধানকাৰী সংস্থাটোৰ সৈতে জেকলিনে সহযোগিতা কৰবি বুলিও প্ৰতিশ্ৰুতি দিছিল। পিছে ঘটনাই নিতৌ লৈছে নতুন মোৰ। কি হ’ব অভিনেত্ৰী জেকলিনৰ? তাকে লৈ যেন এক অন্তহীন কৌতুহলে বিৰাজ কৰিছে বলীউড এৰিণাত!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু