--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সুকেশ চন্দ্ৰশেখৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বলীউড জেকলিন ফাৰ্ণাণ্ডেজৰ। বিগত সময়ছোৱাত সুকেশৰ অধিবক্তাই এনে দাবীয়েই কৰা পৰিল‌ক্ষিত হৈছিল। আৰক্ষীৰ চোকা দৃষ্টিৰ মাজতে এইবাৰ গোপন মুহূৰ্তৰ ছবি পোহৰলৈ আহিছে। ছবিখনত জেকলিনৰ সঙ্গীৰ মুখখন সম্পূৰ্ণৰূপে দেখাপোৱা নগ’লেও সেই মানুহজন সুকেশ চন্দ্ৰশেখৰ আছিল বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনুমানিক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা পালৰ বিৰুদ্ধে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন মালিক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালৰ বিৰুদ্ধে ২০০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে, অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে অভিযুক্তৰ সৈতে উত্থাপিত সম্পৰ্কৰ গুঞ্জনক ভুৱা বুলি মন্তব্য কৰিছে। কিন্তু, শেহতীয়াকৈ প্ৰকাশিত 'অন্তৰংগ' মুহূৰ্তৰ ছবিবোৰে নতুন বিতৰ্কৰ উকমুকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, সম্প্ৰতি ভাইৰেল হৈ পৰা ছবিখন চলিত বৰ্ষৰ এপ্ৰিল-জুন মাহৰ আশে-পাশে তোলা। অন্তৱৰ্তীকালীন জামিন পোৱাৰ পাছতে সুকেশ চন্দ্ৰশেখৰে ন্যায়িক জিম্মাৰ পৰা বাহিৰলৈ আহিছিল। অন্তৱৰ্তীকালীন জামিনৰ সময়ত জেকলিনৰে চাৰিবাৰ সাক্ষাত্‍ হৈছিল চন্দ্ৰশেখৰৰ। সুকেশে জেকলিনৰ বাবে এখন ব্যক্তিগত বিমানৰো ব্যৱস্থা কৰিছিল বুলি সদৰী কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে।

২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত অক্টোবৰ মাহতে জেকলিনক একাধিকবাৰ জেৰা কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ মুখপাত্ৰগৰাকীয়ে এক বিবৃতিযোগে সদৰী কৰিছিল যে, ‘জেকলিনক প্ৰৱৰ্তন সঞ্চালকালয়ে গোচৰটোৰ সাক্ষী হিচাপে মাতি পঠাইছিল। সেই বিবৃতি লিপিবদ্ধ কৰা হৈছে।’ পৰৱৰ্তী সময়ত বিচাৰিলে অনুসন্ধানকাৰী সংস্থাটোৰ সৈতে জেকলিনে সহযোগিতা কৰবি বুলিও প্ৰতিশ্ৰুতি দিছিল। পিছে ঘটনাই নিতৌ লৈছে নতুন মোৰ। কি হ’ব অভিনেত্ৰী জেকলিনৰ? তাকে লৈ যেন এক অন্তহীন কৌতুহলে বিৰাজ কৰিছে বলীউড এৰিণাত!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ