--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি পাটনাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ সংঘটিত হয়৷ শিল নিক্ষেপ কৰি বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ৰ বাহন চূৰ্ণ-বিচূৰ্ণ কৰা হয়৷ এই ঘটনাৰ পাছতেই বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আৰু ইতিমধ্যে শিল নিক্ষেপ কৰাৰ অভিযোগত ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। পাটনা-গয়া পথৰ গৌৰীচকৰ চোহগী গাঁৱত আক্ৰমণৰ সন্মুখীন হোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ কনভয়ৰ তিনি-চাৰিখন বাহনৰ খিৰিকী ভাঙিছিল৷ ঘটনাটো সন্ধিয়া ৫ বজাত সংঘটিত হৈছিল। ঘটনাটো সংঘটিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ অংশ হোৱা নিৰাপত্তাকৰ্মীসকল কনভয়ত উপস্থিত আছিল। আজি মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে আগতীয়া দল হিচাপে কনভয়টো গয়ালৈ গৈ আছিল।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আজি গয়াত থাকিব৷ তাত নিৰ্মাণ কৰা ৰবৰ বান্ধ পৰিদৰ্শন কৰিবলৈ আৰু জিলাখনৰ খৰাং পৰিস্থিতি সন্দৰ্ভত এখন বৈঠকত সভাপতিত্ব কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে গয়াত উপস্থিত হ’ব আৰু তেওঁৰ কনভয়ৰ অংশ হোৱা বাহনসমূহ গয়াত তেওঁৰ স্থানীয় চলাচলৰ বাবে এদিন আগতে গৈ আছিল।

পাটনাৰ ডিএম চন্দ্ৰশেখৰ সিঙৰ মতে, যোৱা দুই-তিনি দিন ধৰি সন্ধানহীন হৈ থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত উত্তেজিত জনতাৰ দ্বাৰা পাটনা-গয়া পথ অৱৰোধ কৰা হৈছিল। তাৎক্ষণিকভাৱে অঞ্চলটোলৈ এটা আৰক্ষী বাহিনী প্ৰেৰণ কৰা হৈছিল আৰু জনতাক ছত্ৰভংগ কৰোৱা হৈছিল৷ ঘটনাটো সংক্ৰান্তত ১৫জন ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল, যাৰ ভিতৰত ১৩জনক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ