--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল কাশ্মীৰ। পাকিস্তানী সন্ত্ৰাসবাদীয়ে গিজগিজাই থকা কাশ্মীৰৰ ট্ৰালৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ফলত বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰিল অঞ্চলটো। 

 সন্ত্ৰাসবাদীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ নিছাট অঞ্চলত নিৰাপত্তাকৰ্মীক লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে।  কম তীব্ৰতাৰ গ্ৰেনেডটোৰ  বিস্ফোৰণৰ ফলত কেইবাজনো অসামৰিক লোক  আঘাতপ্ৰাপ্ত হয়। গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ পিছতে আৰক্ষীয়ে আজি উত্তৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

আৰক্ষীৰ এই অভিযানৰ সময়তে ট্ৰালত এটা আইইডি (প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ) উদ্ধাৰ হয়। অভিযানকালত লস্কৰ-ই-তৈবা (এলইটি)ৰ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয় । কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয়" সন্ত্ৰাসবাদীয়ে নিছাট অঞ্চলত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত কম কেইজনমান অসামৰিক লোক সামান্য আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোক সকলোকে প্ৰাথমিক চিকিৎসা দিয়া হৈছিল আৰু সকলোকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। সন্ত্ৰাসবাদীক ধৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে,"।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে  ট্ৰালৰ বেইহগুণ্ড অঞ্চলত আৰক্ষী আৰু সেনাই  এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে কাশ্মীৰৰ নওচেৰা চহৰৰ চেহাৰ মাক্ৰি অঞ্চলৰ এলঅ'চিত সেনাই  এজন অনুপ্ৰৱেশকাৰীক গুলীয়াই আহত কৰে আৰু তেওঁক  আটক কৰিবলৈ সক্ষম হয়ষ সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে লোকজনে আত্মঘাতী আক্ৰমণৰ বাবে কাশ্মীৰত প্ৰৱেশ কৰিব বিচাৰিছিল। লোক জনক তাবাৰাক হুছেইন বুলি চিনাক্ত কৰা হৈছে।

অনুপ্ৰৱেশকাৰীজনে সেনাক দেখি পাকিস্তানৰ দিশে পলাই যাবলৈ চেষ্টা কৰিছিল।  কিন্তু সেনাই গুলী চলোৱাত লোকজন  আঘাতপ্ৰাপ্ত হয়।লোকজনক  প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে আৰু তাৰ পিছত অধিক চিকিৎসাৰ বাবে ৰাজৌৰীৰ সেনা চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হ'ব। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ভাৰতীয় সেনাৰ সৈতে চলোৱা এক যুটীয়া অভিযানত বান্দিপোৰাৰ পৰা এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সন্ত্ৰাসবাদী জনৰ পৰা এটা একে ৪৭ ৰাইফল, মেগজিন আৰু ৫৯ ৰাউণ্ড গুলীকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ