--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল কাশ্মীৰ। পাকিস্তানী সন্ত্ৰাসবাদীয়ে গিজগিজাই থকা কাশ্মীৰৰ ট্ৰালৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ফলত বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰিল অঞ্চলটো। 

 সন্ত্ৰাসবাদীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ নিছাট অঞ্চলত নিৰাপত্তাকৰ্মীক লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে।  কম তীব্ৰতাৰ গ্ৰেনেডটোৰ  বিস্ফোৰণৰ ফলত কেইবাজনো অসামৰিক লোক  আঘাতপ্ৰাপ্ত হয়। গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ পিছতে আৰক্ষীয়ে আজি উত্তৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

আৰক্ষীৰ এই অভিযানৰ সময়তে ট্ৰালত এটা আইইডি (প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ) উদ্ধাৰ হয়। অভিযানকালত লস্কৰ-ই-তৈবা (এলইটি)ৰ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয় । কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয়" সন্ত্ৰাসবাদীয়ে নিছাট অঞ্চলত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত কম কেইজনমান অসামৰিক লোক সামান্য আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোক সকলোকে প্ৰাথমিক চিকিৎসা দিয়া হৈছিল আৰু সকলোকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। সন্ত্ৰাসবাদীক ধৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে,"।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে  ট্ৰালৰ বেইহগুণ্ড অঞ্চলত আৰক্ষী আৰু সেনাই  এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে কাশ্মীৰৰ নওচেৰা চহৰৰ চেহাৰ মাক্ৰি অঞ্চলৰ এলঅ'চিত সেনাই  এজন অনুপ্ৰৱেশকাৰীক গুলীয়াই আহত কৰে আৰু তেওঁক  আটক কৰিবলৈ সক্ষম হয়ষ সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে লোকজনে আত্মঘাতী আক্ৰমণৰ বাবে কাশ্মীৰত প্ৰৱেশ কৰিব বিচাৰিছিল। লোক জনক তাবাৰাক হুছেইন বুলি চিনাক্ত কৰা হৈছে।

অনুপ্ৰৱেশকাৰীজনে সেনাক দেখি পাকিস্তানৰ দিশে পলাই যাবলৈ চেষ্টা কৰিছিল।  কিন্তু সেনাই গুলী চলোৱাত লোকজন  আঘাতপ্ৰাপ্ত হয়।লোকজনক  প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে আৰু তাৰ পিছত অধিক চিকিৎসাৰ বাবে ৰাজৌৰীৰ সেনা চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হ'ব। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ভাৰতীয় সেনাৰ সৈতে চলোৱা এক যুটীয়া অভিযানত বান্দিপোৰাৰ পৰা এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সন্ত্ৰাসবাদী জনৰ পৰা এটা একে ৪৭ ৰাইফল, মেগজিন আৰু ৫৯ ৰাউণ্ড গুলীকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু