--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয় বা পৰাজয়, সময় অসময়, কপালত জিলিকাই প্ৰেম নাহে, প্ৰেমে সময় নুবুজে, বয়স যে আৰু নামানে...গীতিকাৰে প্ৰেমকলৈ কৰা এনে প্ৰকাশ হয়তো মিছা নহয়। তাৰেই প্ৰমাণ পোৱা গ’ল বিহাৰত। বিহাৰৰ নৱাদাত শাক-পাচলি বিক্ৰী কৰা এজন যুৱকৰ প্ৰেমত পৰিল এগৰাকী কোটিপতি ঘৰৰ ছোৱালী। দুয়ো প্ৰেমত ইমানেই অন্ধ হৈ পৰিল যে ছোৱালী জনীয়ে সকলো সুখ-ভোগৰ কথা পৰিহাৰ কৰি এদিন হঠাতে পাচলি বিক্ৰেতা যুৱকজনৰ সৈতে সংসাৰ পাতিবলৈ ঘৰৰ পৰা ওলাই গ’ল।

দুয়োৰো বিয়াও হৈ গ’ল। কিন্তু  এই সকলোবোৰৰ পাছতো তেওঁলোকৰ সংসাৰ খন যেন  অসম্পূৰ্ণ হৈ ৰ’ল। শেহতীয়াকৈ আৰক্ষীয়ে পাচলি বিক্ৰী কৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সকলো কথা আন মানুহে জানিবলৈ সক্ষম হয়।কোনোবাই হয়তো ভাবিব পাৰে পাচলি বিক্ৰেতা যুৱকজন হয়তো কোনো অপৰাধী আছিল। নহয়, পাচলি বিক্ৰেতা যুৱকজন কোনো অপৰাধী নাছিল। দৰাচলতে, কোটিপতি ঘৰৰ  ছোৱালীজনীৰ পিতৃয়ে স্থানীয়  আৰক্ষী থানাত তেওঁৰ কন্যাক  অপহৰণ কৰাৰ গোচৰ ৰুজু কৰিছিল। 

এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছত আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰি পাচলি বিক্ৰেতা যুৱকজনক গ্ৰেপ্তাৰ কৰে । শেহতীয়াকৈ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নৱ দম্পতীহালক ধৰা পেলায়। ধৰা পৰাৰ পিছত, এই কথা  পোহৰলৈ আহিছে যে ছোৱালীজনীক যুৱকজনে অপহৰণ কৰা হোৱা নাছিল,তেওঁ   নিজৰ ইচ্ছামতেই যুৱক জনৰ সৈতে বিয়াত বহিছিল।

 শ্বেখপুৰাৰ বাসিন্দা তথা পাচলি বিক্ৰেতা সুৰজ কুমাৰে কৈছে যে তেওঁ নৱাদা পাচলি বজাৰত পাচলি বিক্ৰী কৰিছিল। ছোৱালীজনীয়ে পাচলি কিনিবলৈ প্ৰায়ে তেওঁৰ  দোকানলৈ আহিছিল। লাহে লাহে দুয়োৰে মাজত কথোপকথন হৈছিল আৰু দুয়ো প্ৰেমত পৰিছিল। প্ৰায় ছয় বছৰ ধৰি দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত  দুয়ো ঘৰৰ অজ্ঞাতে বিবাহপাশত আবদ্ধ হয়। কিন্তু ছোৱালীজনীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ছোৱালীজনী নাবালিকা,তেওঁৰ বয়স প্ৰায় ১৭ বছৰহে।সেয়ে যুৱকজনে ইয়াৰ বাবে শাস্তি পাবই লাগিব।

আৰক্ষী বিষয়া অৰুণ কুমাৰে সমগ্ৰ ঘটনাটো সন্দৰ্ভত  কয়  যে ছোৱালীজনীৰ দেউতাকে   অজ্ঞাত লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ আধাৰত তেওঁলোকে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। ইপিনে  ছোৱালীজনীয়ে স্পষ্টভাবে কৈছে  যে তেওঁ  সূৰজৰ সৈতে পলাই গৈছিল আৰু বিয়া হৈছিল।

ছোৱালীজনীয়ে যুৱকজনৰ সৈতে আজীৱন থাকিব বিচাৰে বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। কিন্তু  ছোৱালীজনী  নাবালিকা বুলি পৰিয়ালে অভিযোগ কৰাৰ পিছত আৰক্ষী এতিয়া বিপাঙত পৰিছে। উপায়ন্তৰ হৈ  আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰু কাৰাগাৰলৈ  প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক