--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয় বা পৰাজয়, সময় অসময়, কপালত জিলিকাই প্ৰেম নাহে, প্ৰেমে সময় নুবুজে, বয়স যে আৰু নামানে...গীতিকাৰে প্ৰেমকলৈ কৰা এনে প্ৰকাশ হয়তো মিছা নহয়। তাৰেই প্ৰমাণ পোৱা গ’ল বিহাৰত। বিহাৰৰ নৱাদাত শাক-পাচলি বিক্ৰী কৰা এজন যুৱকৰ প্ৰেমত পৰিল এগৰাকী কোটিপতি ঘৰৰ ছোৱালী। দুয়ো প্ৰেমত ইমানেই অন্ধ হৈ পৰিল যে ছোৱালী জনীয়ে সকলো সুখ-ভোগৰ কথা পৰিহাৰ কৰি এদিন হঠাতে পাচলি বিক্ৰেতা যুৱকজনৰ সৈতে সংসাৰ পাতিবলৈ ঘৰৰ পৰা ওলাই গ’ল।

দুয়োৰো বিয়াও হৈ গ’ল। কিন্তু  এই সকলোবোৰৰ পাছতো তেওঁলোকৰ সংসাৰ খন যেন  অসম্পূৰ্ণ হৈ ৰ’ল। শেহতীয়াকৈ আৰক্ষীয়ে পাচলি বিক্ৰী কৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সকলো কথা আন মানুহে জানিবলৈ সক্ষম হয়।কোনোবাই হয়তো ভাবিব পাৰে পাচলি বিক্ৰেতা যুৱকজন হয়তো কোনো অপৰাধী আছিল। নহয়, পাচলি বিক্ৰেতা যুৱকজন কোনো অপৰাধী নাছিল। দৰাচলতে, কোটিপতি ঘৰৰ  ছোৱালীজনীৰ পিতৃয়ে স্থানীয়  আৰক্ষী থানাত তেওঁৰ কন্যাক  অপহৰণ কৰাৰ গোচৰ ৰুজু কৰিছিল। 

এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছত আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰি পাচলি বিক্ৰেতা যুৱকজনক গ্ৰেপ্তাৰ কৰে । শেহতীয়াকৈ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নৱ দম্পতীহালক ধৰা পেলায়। ধৰা পৰাৰ পিছত, এই কথা  পোহৰলৈ আহিছে যে ছোৱালীজনীক যুৱকজনে অপহৰণ কৰা হোৱা নাছিল,তেওঁ   নিজৰ ইচ্ছামতেই যুৱক জনৰ সৈতে বিয়াত বহিছিল।

 শ্বেখপুৰাৰ বাসিন্দা তথা পাচলি বিক্ৰেতা সুৰজ কুমাৰে কৈছে যে তেওঁ নৱাদা পাচলি বজাৰত পাচলি বিক্ৰী কৰিছিল। ছোৱালীজনীয়ে পাচলি কিনিবলৈ প্ৰায়ে তেওঁৰ  দোকানলৈ আহিছিল। লাহে লাহে দুয়োৰে মাজত কথোপকথন হৈছিল আৰু দুয়ো প্ৰেমত পৰিছিল। প্ৰায় ছয় বছৰ ধৰি দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত  দুয়ো ঘৰৰ অজ্ঞাতে বিবাহপাশত আবদ্ধ হয়। কিন্তু ছোৱালীজনীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ছোৱালীজনী নাবালিকা,তেওঁৰ বয়স প্ৰায় ১৭ বছৰহে।সেয়ে যুৱকজনে ইয়াৰ বাবে শাস্তি পাবই লাগিব।

আৰক্ষী বিষয়া অৰুণ কুমাৰে সমগ্ৰ ঘটনাটো সন্দৰ্ভত  কয়  যে ছোৱালীজনীৰ দেউতাকে   অজ্ঞাত লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ আধাৰত তেওঁলোকে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। ইপিনে  ছোৱালীজনীয়ে স্পষ্টভাবে কৈছে  যে তেওঁ  সূৰজৰ সৈতে পলাই গৈছিল আৰু বিয়া হৈছিল।

ছোৱালীজনীয়ে যুৱকজনৰ সৈতে আজীৱন থাকিব বিচাৰে বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। কিন্তু  ছোৱালীজনী  নাবালিকা বুলি পৰিয়ালে অভিযোগ কৰাৰ পিছত আৰক্ষী এতিয়া বিপাঙত পৰিছে। উপায়ন্তৰ হৈ  আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰু কাৰাগাৰলৈ  প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু