--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দশকজোৰা আইনী যুঁজৰ পিছত ২০১৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামী যৌন সম্পৰ্কক বৈধ্যতা প্ৰদান  কৰাৰ পিছৰে পৰা, সম্প্ৰদায়টোৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে৷  কিন্তু আজিও সমকামী সকলে নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে৷  আনকি তেওঁলোক সামাজিক গ্ৰহণযোগ্যতা প্ৰশ্নৰো মূখামুখি হৈছে৷ একেই কথা অধিলা নাছাৰিন আৰু ফাতিমা নুৰা নামৰ এহাল দম্পতীৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ এই সমকামী দম্পতীহালক পৰিয়ালে ত্যাগ কৰাৰ পিছত  কেৰালাৰ এখন আদালতে মান্যতা প্ৰদান কৰিছিল৷

এইবাৰ এই প্ৰেমিক যুগলে সমাজ অথবা আইনী যুঁজখনক প্ৰত্যাহ্বান জনাই ৰাজহুৱা কৰিলে দুয়োৰে বিশেষ মূহূৰ্তৰ ফটো ৷ফটোত দুয়োকে  সাগৰৰ কাষৰ ছাউনিৰ তলত বিবাহৰ  কইনা ৰূপে পোজ দিয়া দেখা গৈছিল৷ দুয়োৰে পিন্ধনত আছিল  লেহেঙ্গা৷ দুয়োয়ে দুয়োকে আঙুঠি পিন্ধোৱাৰ পিছত  আৰু গোলাপৰ মালা বিনিময় কৰিছিল।

এই বিশেষ দম্পতীহালে  স্কুলত লগ পাইছিল আৰু 
ঘনিষ্ঠ হৈ পৰিছিল। তেওঁলোকে ভিডিঅ' কল আৰু চেটৰ জৰিয়তে যোগাযোগত আছিল যিহেতু তেওঁলোকৰ পৰিয়ালকে কেৰালাৰ বিভিন্ন অঞ্চলত বাস কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক  সাক্ষাৎকাৰত নাছাৰিনে কয় যে , তেওঁলোক দুয়ো এতিয়াও বিবাহিত নহয়, কিন্তু এনে ফটো শ্বুটত অংশগ্ৰহণ কৰিছিল৷দম্পতীহালে দাবী কৰিছে যে তেওঁলোকক এতিয়াও নুৰাৰ পৰিয়ালৰ পৰা পৃথক হোৱাৰ ভাবুকি দিয়া হৈছে।

এতিয়াও সমকামীতা ভাৰতীয় আইন দ্বাৰা স্বীকৃত নহয়৷ আনহাতে উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ে এতিয়া আইনী আৱেদনৰ ওপৰত বিতৰ্ক কৰি আছে। অৱশ্যে, কেৰালা উচ্চ ন্যায়ালয়ে নুৰা আৰু নাছাৰিনক একেলগে থাকিবলৈ অনুমতি দিছে কিন্তু তেওঁলোক বিবাহিত দম্পতীয়ে কৰা কোনো অধিকাৰ বা সুবিধাৰ অধিকাৰী নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক