--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দশকজোৰা আইনী যুঁজৰ পিছত ২০১৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামী যৌন সম্পৰ্কক বৈধ্যতা প্ৰদান  কৰাৰ পিছৰে পৰা, সম্প্ৰদায়টোৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে৷  কিন্তু আজিও সমকামী সকলে নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে৷  আনকি তেওঁলোক সামাজিক গ্ৰহণযোগ্যতা প্ৰশ্নৰো মূখামুখি হৈছে৷ একেই কথা অধিলা নাছাৰিন আৰু ফাতিমা নুৰা নামৰ এহাল দম্পতীৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ এই সমকামী দম্পতীহালক পৰিয়ালে ত্যাগ কৰাৰ পিছত  কেৰালাৰ এখন আদালতে মান্যতা প্ৰদান কৰিছিল৷

এইবাৰ এই প্ৰেমিক যুগলে সমাজ অথবা আইনী যুঁজখনক প্ৰত্যাহ্বান জনাই ৰাজহুৱা কৰিলে দুয়োৰে বিশেষ মূহূৰ্তৰ ফটো ৷ফটোত দুয়োকে  সাগৰৰ কাষৰ ছাউনিৰ তলত বিবাহৰ  কইনা ৰূপে পোজ দিয়া দেখা গৈছিল৷ দুয়োৰে পিন্ধনত আছিল  লেহেঙ্গা৷ দুয়োয়ে দুয়োকে আঙুঠি পিন্ধোৱাৰ পিছত  আৰু গোলাপৰ মালা বিনিময় কৰিছিল।

এই বিশেষ দম্পতীহালে  স্কুলত লগ পাইছিল আৰু 
ঘনিষ্ঠ হৈ পৰিছিল। তেওঁলোকে ভিডিঅ' কল আৰু চেটৰ জৰিয়তে যোগাযোগত আছিল যিহেতু তেওঁলোকৰ পৰিয়ালকে কেৰালাৰ বিভিন্ন অঞ্চলত বাস কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক  সাক্ষাৎকাৰত নাছাৰিনে কয় যে , তেওঁলোক দুয়ো এতিয়াও বিবাহিত নহয়, কিন্তু এনে ফটো শ্বুটত অংশগ্ৰহণ কৰিছিল৷দম্পতীহালে দাবী কৰিছে যে তেওঁলোকক এতিয়াও নুৰাৰ পৰিয়ালৰ পৰা পৃথক হোৱাৰ ভাবুকি দিয়া হৈছে।

এতিয়াও সমকামীতা ভাৰতীয় আইন দ্বাৰা স্বীকৃত নহয়৷ আনহাতে উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ে এতিয়া আইনী আৱেদনৰ ওপৰত বিতৰ্ক কৰি আছে। অৱশ্যে, কেৰালা উচ্চ ন্যায়ালয়ে নুৰা আৰু নাছাৰিনক একেলগে থাকিবলৈ অনুমতি দিছে কিন্তু তেওঁলোক বিবাহিত দম্পতীয়ে কৰা কোনো অধিকাৰ বা সুবিধাৰ অধিকাৰী নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু