--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ জাতিগত লোকপিয়লৰ ফলাফল শেহতীয়াকৈ প্ৰকাশ পাইছে। জানিব পৰা মতে বিহাৰৰ পিছত এইবাৰ ওড়িশাত জাতিগত লোকপিয়লৰ ফলাফল ঘোষণা কৰিব বিচাৰিছে নবীন পাটনায়কৰ চৰকাৰে।  ৰাজ্য খনত পূৰ্বে জাতিগত লোক পিয়ল সম্পন্ন কৰা হৈছিল , কিন্তু ফলাফলহে প্ৰকাশ কৰা হোৱা নাছিল।

 এতিয়া  নবীন পাটনায়ক চৰকাৰে ফলাফলসমূহ ৰাজহুৱা কৰাৰ কথা বিবেচনা কৰি আছে।  বিজু জনতা দলৰ এজন বিধায়কে এই দাবী কৰিছে।

বিহাৰৰ জাতিগত লোকপিয়লৰ ফলাফল এই মাহৰ আৰম্ভণিতে প্ৰকাশ কৰা হৈছিল। জাতিগত লোকপিয়লত দেখা গৈছিল যে  যে বিহাৰৰ জনসংখ্যাৰ ৬৩ শতাংশ লোক পিছপৰা শ্ৰেণীৰ। ইয়াৰ ভিতৰত ৩৬ শতাংশ অতি পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত। বিহাৰত জাতিগত লোকপিয়ল আগষ্ট মাহত সম্পূৰ্ণ হৈছিল। অৱশ্যে বিজেপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলে জাতিগত লোকপিয়লৰ  তীব্ৰ বিৰোধিতা কৰিছিল।   ফলাফল প্ৰকাশ হোৱাৰ পিছত  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়েও  নীতিশ কুমাৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছিল। 

উল্লেখ্য যে কেন্দ্ৰই আগন্তুক লোকপিয়লত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাহিৰে আন কোনো জাতিৰ কথা উল্লেখ নকৰাৰ সিদ্ধান্ত লৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু বিহাৰৰ পিছত, ওড়িশায়ো একে পথ অনুসৰণ কৰিলে চৰকাৰ বহু খিনি অসুবিধাত পৰিব। ইফালে, কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা এম বীৰাপ্পা মৈলীয়ে দাবী জনাইছে যে ২০১৩-১৮ বৰ্ষত দক্ষিণৰ ৰাজ্যখনত তদানীন্তন সিদ্ধাৰামাইয়াৰ চৰকাৰৰ কাৰ্যকালত চলোৱা জাতিগত গণনাৰ ফলাফল ৰাজহুৱা কৰা হ'ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু