--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ জাতিগত লোকপিয়লৰ ফলাফল শেহতীয়াকৈ প্ৰকাশ পাইছে। জানিব পৰা মতে বিহাৰৰ পিছত এইবাৰ ওড়িশাত জাতিগত লোকপিয়লৰ ফলাফল ঘোষণা কৰিব বিচাৰিছে নবীন পাটনায়কৰ চৰকাৰে।  ৰাজ্য খনত পূৰ্বে জাতিগত লোক পিয়ল সম্পন্ন কৰা হৈছিল , কিন্তু ফলাফলহে প্ৰকাশ কৰা হোৱা নাছিল।

 এতিয়া  নবীন পাটনায়ক চৰকাৰে ফলাফলসমূহ ৰাজহুৱা কৰাৰ কথা বিবেচনা কৰি আছে।  বিজু জনতা দলৰ এজন বিধায়কে এই দাবী কৰিছে।

বিহাৰৰ জাতিগত লোকপিয়লৰ ফলাফল এই মাহৰ আৰম্ভণিতে প্ৰকাশ কৰা হৈছিল। জাতিগত লোকপিয়লত দেখা গৈছিল যে  যে বিহাৰৰ জনসংখ্যাৰ ৬৩ শতাংশ লোক পিছপৰা শ্ৰেণীৰ। ইয়াৰ ভিতৰত ৩৬ শতাংশ অতি পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত। বিহাৰত জাতিগত লোকপিয়ল আগষ্ট মাহত সম্পূৰ্ণ হৈছিল। অৱশ্যে বিজেপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলে জাতিগত লোকপিয়লৰ  তীব্ৰ বিৰোধিতা কৰিছিল।   ফলাফল প্ৰকাশ হোৱাৰ পিছত  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়েও  নীতিশ কুমাৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছিল। 

উল্লেখ্য যে কেন্দ্ৰই আগন্তুক লোকপিয়লত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাহিৰে আন কোনো জাতিৰ কথা উল্লেখ নকৰাৰ সিদ্ধান্ত লৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু বিহাৰৰ পিছত, ওড়িশায়ো একে পথ অনুসৰণ কৰিলে চৰকাৰ বহু খিনি অসুবিধাত পৰিব। ইফালে, কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা এম বীৰাপ্পা মৈলীয়ে দাবী জনাইছে যে ২০১৩-১৮ বৰ্ষত দক্ষিণৰ ৰাজ্যখনত তদানীন্তন সিদ্ধাৰামাইয়াৰ চৰকাৰৰ কাৰ্যকালত চলোৱা জাতিগত গণনাৰ ফলাফল ৰাজহুৱা কৰা হ'ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ