--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ এখন বিদ্যালয়ত সংঘটিত হ’ল আচহুৱা কাণ্ড৷ আহমেদাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ত সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে হিন্দু ছাত্ৰ-ছাত্ৰীক নামাজ আগবঢ়াবলৈ কোৱা হৈছিল, তাৰ পাছত গুজৰাট চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে। এই বিষয়টোক লৈ মঙলবাৰে সোঁপন্থী হিন্দু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই সন্দৰ্ভত এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে য’ত প্ৰতিবাদকাৰীয়ে এগৰাকী শিক্ষকক প্ৰহাৰ কৰা দেখা গৈছে।


এই কাণ্ড আহমেদাবাদৰ ঘাটলোডিয়া অঞ্চলৰ কেলৰেক্স ফিউচাৰ স্কুলত সংঘটিত হৈছিল, যিটো ২৯ ছেপ্টেম্বৰত সংঘটিত বুলি জানিব পৰা গৈছে। এতিয়া বিষয়টো সন্দৰ্ভত বিদ্যালয়ে ক্ষমা বিচাৰিছে। বিদ্যালয় প্ৰশাসনে কয় যে এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰ্মৰ বিষয়ে সজাগ কৰা। কোনো ছাত্ৰকে নামাজ পঢ়িবলৈ বাধ্য কৰা হোৱা নাছিল।


এই ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ও বিদ্যালয়খনৰ ফেচবুক পেজত প্ৰকাশ পাইছিল যদিও পাছত সেই ভিডিঅ’টো আঁতৰাই পেলোৱা হৈছিল, য’ত এজন প্ৰাথমিক শাখাৰ ছাত্ৰই নামাজৰ প্ৰস্তাৱ দিয়া দেখা গৈছিল। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বজৰং দলকে ধৰি অন্যান্য সোঁপন্থী সংগঠনৰ কৰ্মীসকলে বিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত মঙলবাৰে কৰ্মী আৰু অভিভাৱকে এগৰাকী শিক্ষককো মাৰপিট কৰে, যাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।


বিদ্যালয়ৰ অধ্যক্ষই কয় যে “উৎসৱৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰ্মৰ বিষয়ে শিকোৱাটো বিদ্যালয়ৰ পৰম্পৰা। ইয়াৰ কাৰণে আমি এই উৎসৱৰ বিষয়ে তথ্য দিবলৈ ঈদ সন্দৰ্ভত এক কাৰ্যসূচীও আয়োজন কৰিলোঁ। আমি কোনো ছাত্ৰক জোৰ কৰি নামাজ আগবঢ়োৱা নাছিলো। এইটো আছিল মাত্ৰ দুই মিনিটমানৰ কাম, যাৰ বাবে শিশুসকলৰ পিতৃ-মাতৃয়ে সন্মতি দিছিল।”





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু