--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "এক্সপেক্টেড টু বি ফেয়াৰ, নট ভেণ্ডিক্টিভ",অৰ্থাৎ নিৰপেক্ষ হওক,প্ৰতিশোধপৰায়ণ নহ’ব-শেহতীয়াকৈ এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ৷ধন সৰবৰাহৰ গোচৰত দুটা গ্ৰেপ্তাৰৰ গোচৰ বাতিল কৰি উচ্চতম ন্যায়ালয়ে বলবৎকাৰী সঞ্চালকালয়ক চোকা সমালোচনা কৰি কয় যে তদন্তকাৰী সংস্থাটোৱে প্ৰতিশোধ ল’ব নোৱাৰে বৰঞ্চ সংস্থাটোৱে সৰ্বোচ্চ ন্যায়পৰায়ণতাৰে কাম কৰা দেখা যাব লাগিব।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ধন সৰবৰাহৰ গোচৰত গুৰুগ্ৰামস্থিত ৰিয়েলটি গ্ৰুপ এম থ্ৰী এমৰ পৰিচালক বসন্ত বংশল আৰু পংকজ বংছালক গ্ৰেপ্তাৰ কৰা কাৰ্যক একাষৰীয়া কৰি ৰাখে। দুয়োজনেই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰা আদেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল।

সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে ১৪ জুনত দুয়োজনক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল আৰু সেইদিনা বলবৎকাৰী সঞ্চালকালয়ে পঞ্জীয়ন কৰা আন এটা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

আজি উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে ইডিৰ প্ৰতিটো কাৰ্য স্বচ্ছ হ’ব লাগিব।তদুপৰি ধন সৰবৰাহৰ এই গোচৰত দাখিল কৰা তথ্যই প্ৰমাণ কৰিলে যে তদন্তকাৰী সংস্থাটোৱে “নিজৰ কাৰ্য সম্পাদন আৰু ক্ষমতা প্ৰয়োগ কৰাত ব্যৰ্থ হৈছে” বুলি ন্যায়ালয়ে উল্লেখ কৰে৷অভিযুক্তসকলে তেওঁলোকক সোধা প্ৰশ্নৰ উত্তৰ নিদিয়াটো বলবৎকাৰী সঞ্চালকালয়ৰ গ্ৰেপ্তাৰৰ বাবে পৰ্যাপ্ত ভিত্তি হ’ব নোৱাৰে বুলি ন্যায়ালয়ে দৃঢ়তাৰে কয়।

ইডিৰ এজন প্ৰাক্তন বিশেষ ন্যায়াধীশ সুধীৰ পাৰমাৰ আৰু তেওঁৰ ভতিজা ৰূপ কুমাৰ বংছাল, ৰিয়েলিটি ফাৰ্মৰ সঞ্চালকৰ বিৰুদ্ধে উৎকোচৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে বসন্ত আৰু পংকজ বংছালক।বলবৎকাৰী সঞ্চালকালয়ে কয় যে সুধীৰ পাৰমাৰে ৰূপ কুমাৰ বংছাল, আৰু তেওঁৰ ভাতৃ বসন্ত বংছালৰ প্ৰতি পক্ষপাতিত্ব দেখুৱাইছে বুলি “নিৰ্ভৰযোগ্য তথ্য” আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ