--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "এক্সপেক্টেড টু বি ফেয়াৰ, নট ভেণ্ডিক্টিভ",অৰ্থাৎ নিৰপেক্ষ হওক,প্ৰতিশোধপৰায়ণ নহ’ব-শেহতীয়াকৈ এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ৷ধন সৰবৰাহৰ গোচৰত দুটা গ্ৰেপ্তাৰৰ গোচৰ বাতিল কৰি উচ্চতম ন্যায়ালয়ে বলবৎকাৰী সঞ্চালকালয়ক চোকা সমালোচনা কৰি কয় যে তদন্তকাৰী সংস্থাটোৱে প্ৰতিশোধ ল’ব নোৱাৰে বৰঞ্চ সংস্থাটোৱে সৰ্বোচ্চ ন্যায়পৰায়ণতাৰে কাম কৰা দেখা যাব লাগিব।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ধন সৰবৰাহৰ গোচৰত গুৰুগ্ৰামস্থিত ৰিয়েলটি গ্ৰুপ এম থ্ৰী এমৰ পৰিচালক বসন্ত বংশল আৰু পংকজ বংছালক গ্ৰেপ্তাৰ কৰা কাৰ্যক একাষৰীয়া কৰি ৰাখে। দুয়োজনেই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰা আদেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল।

সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে ১৪ জুনত দুয়োজনক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল আৰু সেইদিনা বলবৎকাৰী সঞ্চালকালয়ে পঞ্জীয়ন কৰা আন এটা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

আজি উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে ইডিৰ প্ৰতিটো কাৰ্য স্বচ্ছ হ’ব লাগিব।তদুপৰি ধন সৰবৰাহৰ এই গোচৰত দাখিল কৰা তথ্যই প্ৰমাণ কৰিলে যে তদন্তকাৰী সংস্থাটোৱে “নিজৰ কাৰ্য সম্পাদন আৰু ক্ষমতা প্ৰয়োগ কৰাত ব্যৰ্থ হৈছে” বুলি ন্যায়ালয়ে উল্লেখ কৰে৷অভিযুক্তসকলে তেওঁলোকক সোধা প্ৰশ্নৰ উত্তৰ নিদিয়াটো বলবৎকাৰী সঞ্চালকালয়ৰ গ্ৰেপ্তাৰৰ বাবে পৰ্যাপ্ত ভিত্তি হ’ব নোৱাৰে বুলি ন্যায়ালয়ে দৃঢ়তাৰে কয়।

ইডিৰ এজন প্ৰাক্তন বিশেষ ন্যায়াধীশ সুধীৰ পাৰমাৰ আৰু তেওঁৰ ভতিজা ৰূপ কুমাৰ বংছাল, ৰিয়েলিটি ফাৰ্মৰ সঞ্চালকৰ বিৰুদ্ধে উৎকোচৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে বসন্ত আৰু পংকজ বংছালক।বলবৎকাৰী সঞ্চালকালয়ে কয় যে সুধীৰ পাৰমাৰে ৰূপ কুমাৰ বংছাল, আৰু তেওঁৰ ভাতৃ বসন্ত বংছালৰ প্ৰতি পক্ষপাতিত্ব দেখুৱাইছে বুলি “নিৰ্ভৰযোগ্য তথ্য” আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু