--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয় খনৰ  অতীতৰ সংগ্ৰামক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নালন্দাই ভাৰতৰ পৰিচয়, সন্মান, মূল্য, আৰু মন্ত্ৰক মূৰ্ত কৰি তুলিছে।  তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম আনুষ্ঠানিক বিহাৰ ভ্ৰমণ।সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "  নালন্দা ভ্ৰমণৰ সুযোগ পোৱাত মই সুখী।নালন্দা কেৱল এটা নাম নহয়, ই এক পৰিচয় আৰু সন্মান...জুইয়ে কিতাপ জ্বলাই দিব পাৰে, কিন্তু ই জ্ঞান ধ্বংস কৰিব নোৱাৰে।"

 মোদীয়ে নালন্দাক ঋষি বুলি অভিহিত কৰি কয়  "জুইৰ শিখাই কিতাপ জ্বলাই দিব পাৰে, কিন্তু জ্ঞান মচি পেলাব নোৱাৰে।"তেওঁ কয় যে বিশ্ববিদ্যালয়খন কেৱল ভাৰতৰ ইতিহাসৰেই নহয়, এছিয়াৰ ইতিহাসৰো ই এক   অংশ। বিশ্ববিদ্যালয়খনৰ পুনৰ্গঠনত আমাৰ চুবুৰীয়া  দেশসমূহেও অংশগ্ৰহণ কৰিছে।ইয়াক "বসুধৈৱ কুটুম্বকম"ৰ মনোভাৱ আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ বহু দেশৰ পৰা ইয়ালৈ ছাত্ৰ-ছাত্ৰী আহিবলৈ আৰম্ভ কৰিছে।"

উল্লেখ্য ২০ খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নালন্দাত অধ্যয়ন কৰি আছে। মোদীয়ে ইয়াৰ পূৰ্বে  বিহাৰৰ প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰে। ২০১৬ চনত এই ধ্বংসাৱশেষক ৰাষ্ট্ৰসংঘৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু নালন্দা বিশ্ববিদ্যালয়ৰ আচাৰ্য  অৰবিন্দ পানাগাৰিয়াই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি  জয়শংকৰে কয় যে প্ৰাচীন বিশ্ববিদ্যালয়খনে "এখন বিশ্বব্যাপী শিক্ষাৰ সেতুক প্ৰতিনিধিত্ব কৰিছিল’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ