--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয় খনৰ  অতীতৰ সংগ্ৰামক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নালন্দাই ভাৰতৰ পৰিচয়, সন্মান, মূল্য, আৰু মন্ত্ৰক মূৰ্ত কৰি তুলিছে।  তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম আনুষ্ঠানিক বিহাৰ ভ্ৰমণ।সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "  নালন্দা ভ্ৰমণৰ সুযোগ পোৱাত মই সুখী।নালন্দা কেৱল এটা নাম নহয়, ই এক পৰিচয় আৰু সন্মান...জুইয়ে কিতাপ জ্বলাই দিব পাৰে, কিন্তু ই জ্ঞান ধ্বংস কৰিব নোৱাৰে।"

 মোদীয়ে নালন্দাক ঋষি বুলি অভিহিত কৰি কয়  "জুইৰ শিখাই কিতাপ জ্বলাই দিব পাৰে, কিন্তু জ্ঞান মচি পেলাব নোৱাৰে।"তেওঁ কয় যে বিশ্ববিদ্যালয়খন কেৱল ভাৰতৰ ইতিহাসৰেই নহয়, এছিয়াৰ ইতিহাসৰো ই এক   অংশ। বিশ্ববিদ্যালয়খনৰ পুনৰ্গঠনত আমাৰ চুবুৰীয়া  দেশসমূহেও অংশগ্ৰহণ কৰিছে।ইয়াক "বসুধৈৱ কুটুম্বকম"ৰ মনোভাৱ আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ বহু দেশৰ পৰা ইয়ালৈ ছাত্ৰ-ছাত্ৰী আহিবলৈ আৰম্ভ কৰিছে।"

উল্লেখ্য ২০ খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নালন্দাত অধ্যয়ন কৰি আছে। মোদীয়ে ইয়াৰ পূৰ্বে  বিহাৰৰ প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰে। ২০১৬ চনত এই ধ্বংসাৱশেষক ৰাষ্ট্ৰসংঘৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু নালন্দা বিশ্ববিদ্যালয়ৰ আচাৰ্য  অৰবিন্দ পানাগাৰিয়াই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি  জয়শংকৰে কয় যে প্ৰাচীন বিশ্ববিদ্যালয়খনে "এখন বিশ্বব্যাপী শিক্ষাৰ সেতুক প্ৰতিনিধিত্ব কৰিছিল’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু