--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে পৰিয়ালটোত আৰ্থিক সংকটৰ সৃষ্টি হয়। নাটনিৰ বাবে ঋণ ল’বলগীয়া হৈছিল এগৰাকী বৃদ্ধই। লগতে তেওঁ এজন জ্যোতিষীৰ পৰামৰ্শ ল’বলৈ গ’ল। জ্যোতিষীগৰাকীৰ মতে নৱজাত নাতিটোৰ বাবেই তেওঁলোকৰ সংসাৰলৈ ক’লা ছাঁ নামি আহিছে। অভিযোগ অনুসৰি জ্যোতিষীজনৰ কথা শুনি বৃদ্ধজনে ভয় খাই নাতিসন্তানটোক পানীত ডুবাই হত্যা কৰে।

মঙলবাৰে তামিলনাডু আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বৃদ্ধগৰাকীক। ১ জুলাইলৈ তেওঁক ৰিমাণ্ডত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। অভিযুক্ত লোকজনৰ নাম বীৰামুথু।

আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰামুথুৰ কন্যা সংগীতাই এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। সংগীতাই গৰ্ভৱতী হোৱাৰ সময়ত দেউতাকৰ ঘৰলৈ গৈছিল। এটি পুত্ৰ সন্তান জন্ম দিলে। সংগীতাৰ সন্তান জন্ম দিয়াৰ পিছত বীৰামুথুৱে আৰ্থিকভাৱে কষ্ট পাবলৈ আৰম্ভ কৰে। মানুহৰ পৰাও টকা ধাৰলৈ ল’ব লগা হয়। সমস্যাৰ সমাধান বিচাৰি তেওঁ এজন জ্যোতিষীক লগ পাইছিল। ঘৰৰ নতুন আলহীয়েই বীৰামুথুৰ পৰিয়ালত অভাৱ কঢ়িয়াই আনিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰামুথুৱে নিজৰ এমহীয়া নাতিটোক ডুবাই হত্যা কৰিছিল। ১৪ জুনৰ পৰা সংগীতাই পুত্ৰক বিচাৰি নাপালে। কিছুদিন পিছতে এটা বেৰেলৰ পৰা উদ্ধাৰ হয় কেঁচুৱাটোৰ মৃতদেহ। নাতিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত নিজেই বীৰামুথুৱে থানালৈ গৈ তদন্তৰ দাবীত এজাহাৰ দাখিল কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। জেৰাৰ সময়ত ৱীৰামুথুৱে পিছত স্বীকাৰ কৰে যে যেতিয়া ঘৰৰ সকলোৱে গভীৰ টোপনিত আছিল, তেতিয়া তেওঁ নাতিক লৈ গৈ পানীৰ বেৰেলত উটুৱাই লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ