--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে পৰিয়ালটোত আৰ্থিক সংকটৰ সৃষ্টি হয়। নাটনিৰ বাবে ঋণ ল’বলগীয়া হৈছিল এগৰাকী বৃদ্ধই। লগতে তেওঁ এজন জ্যোতিষীৰ পৰামৰ্শ ল’বলৈ গ’ল। জ্যোতিষীগৰাকীৰ মতে নৱজাত নাতিটোৰ বাবেই তেওঁলোকৰ সংসাৰলৈ ক’লা ছাঁ নামি আহিছে। অভিযোগ অনুসৰি জ্যোতিষীজনৰ কথা শুনি বৃদ্ধজনে ভয় খাই নাতিসন্তানটোক পানীত ডুবাই হত্যা কৰে।

মঙলবাৰে তামিলনাডু আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বৃদ্ধগৰাকীক। ১ জুলাইলৈ তেওঁক ৰিমাণ্ডত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। অভিযুক্ত লোকজনৰ নাম বীৰামুথু।

আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰামুথুৰ কন্যা সংগীতাই এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। সংগীতাই গৰ্ভৱতী হোৱাৰ সময়ত দেউতাকৰ ঘৰলৈ গৈছিল। এটি পুত্ৰ সন্তান জন্ম দিলে। সংগীতাৰ সন্তান জন্ম দিয়াৰ পিছত বীৰামুথুৱে আৰ্থিকভাৱে কষ্ট পাবলৈ আৰম্ভ কৰে। মানুহৰ পৰাও টকা ধাৰলৈ ল’ব লগা হয়। সমস্যাৰ সমাধান বিচাৰি তেওঁ এজন জ্যোতিষীক লগ পাইছিল। ঘৰৰ নতুন আলহীয়েই বীৰামুথুৰ পৰিয়ালত অভাৱ কঢ়িয়াই আনিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰামুথুৱে নিজৰ এমহীয়া নাতিটোক ডুবাই হত্যা কৰিছিল। ১৪ জুনৰ পৰা সংগীতাই পুত্ৰক বিচাৰি নাপালে। কিছুদিন পিছতে এটা বেৰেলৰ পৰা উদ্ধাৰ হয় কেঁচুৱাটোৰ মৃতদেহ। নাতিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত নিজেই বীৰামুথুৱে থানালৈ গৈ তদন্তৰ দাবীত এজাহাৰ দাখিল কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। জেৰাৰ সময়ত ৱীৰামুথুৱে পিছত স্বীকাৰ কৰে যে যেতিয়া ঘৰৰ সকলোৱে গভীৰ টোপনিত আছিল, তেতিয়া তেওঁ নাতিক লৈ গৈ পানীৰ বেৰেলত উটুৱাই লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন