--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ  ৩ জুলাইলৈ বৃদ্ধি কৰিছে দিল্লীৰ আদালতে। বৰ্তমান কেজৰিৱাল তিহাৰৰ ২ নম্বৰ কাৰাগাৰত বন্দী হৈ আছে।১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। আদালতৰ এই নিৰ্দেশৰ পিছতে ২ জুনত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

আজিৰ শুনানিৰ সময়ত আদালতে অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধিৰ কাৰণ জানিব বিচাৰে। ইয়াৰ  উত্তৰত  প্ৰৱৰ্তন সঞ্চালকালয়ৰ অধিবক্তাই কয় যে বিনোদ চৌহানে গোৱা নিৰ্বাচনৰ বাবে অভিষেক বয়নপালীৰ জৰিয়তে কে কবিতাৰ ব্যক্তিগত সহায়কৰ পৰা ২৫ কোটি টকা পাইছিল বুলি বাতৰি প্ৰকাশ পাইছে ৷

তদন্তকাৰী বিষয়াই আদালতত কয় যে এই ২৫ কোটি টকা ১০০ কোটি টকাৰেই  অংশ  আৰু এতিয়ালৈকে তেওঁলোকে ৪৫ কোটি টকাৰ সন্ধান পাইছে।  
তদন্তকাৰী বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে বিনোদ চৌহানৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰু চলিত মাহৰ শেষৰ ফালে তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব। মে’ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। 

যোৱা ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ১৭ মে’ত অভিযোগনামা দাখিল কৰিছিল।ইডিৰ গোচৰত প্ৰাক্তন মন্ত্ৰী মনীষ ছিছ’দিয়াকে ধৰি ৩৮জন লোকক অভিযুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ