--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ  ৩ জুলাইলৈ বৃদ্ধি কৰিছে দিল্লীৰ আদালতে। বৰ্তমান কেজৰিৱাল তিহাৰৰ ২ নম্বৰ কাৰাগাৰত বন্দী হৈ আছে।১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। আদালতৰ এই নিৰ্দেশৰ পিছতে ২ জুনত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

আজিৰ শুনানিৰ সময়ত আদালতে অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধিৰ কাৰণ জানিব বিচাৰে। ইয়াৰ  উত্তৰত  প্ৰৱৰ্তন সঞ্চালকালয়ৰ অধিবক্তাই কয় যে বিনোদ চৌহানে গোৱা নিৰ্বাচনৰ বাবে অভিষেক বয়নপালীৰ জৰিয়তে কে কবিতাৰ ব্যক্তিগত সহায়কৰ পৰা ২৫ কোটি টকা পাইছিল বুলি বাতৰি প্ৰকাশ পাইছে ৷

তদন্তকাৰী বিষয়াই আদালতত কয় যে এই ২৫ কোটি টকা ১০০ কোটি টকাৰেই  অংশ  আৰু এতিয়ালৈকে তেওঁলোকে ৪৫ কোটি টকাৰ সন্ধান পাইছে।  
তদন্তকাৰী বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে বিনোদ চৌহানৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰু চলিত মাহৰ শেষৰ ফালে তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব। মে’ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। 

যোৱা ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ১৭ মে’ত অভিযোগনামা দাখিল কৰিছিল।ইডিৰ গোচৰত প্ৰাক্তন মন্ত্ৰী মনীষ ছিছ’দিয়াকে ধৰি ৩৮জন লোকক অভিযুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু