--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনী বতাহে উত্তাৱল কৰি তুলিছে দেশৰ ৰাজনৈতিক পৰিৱেশ৷ শেহতীয়া কৈ কংগ্ৰেছ দলে মুছলমানৰ বাবে ১০% সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাকলৈ সৰৱ হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিক সমালোচনা কৰি প্ৰদান মন্তব্যই ভাৰতত চলিত সংৰক্ষণ প্ৰণালীৰ ওপৰত এনে নীতিৰ প্ৰভাৱ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে।

এখন জনসভাত আংশগ্ৰহণ কৰি অমিত শ্বাহে কয় যে কংগ্ৰেছ দলে মুছলমান উলেমাক আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে ক্ষমতালাভ কৰিলে মুছলমানৰ বাবে ১০% সংৰক্ষণ প্ৰদান কৰিব। অমিত শ্বাহে এই প্ৰতিশ্ৰুতিক কটাক্ষ কৰি কয় যে মুছলমানৰ বাবে সংৰক্ষণ দিলে কোন কোন জাতি জনজাতিৰ সংৰক্ষণ হ্ৰাস হ'ব বুলি মন্তব্য কৰি কয় যে এনে নীতি প্ৰয়োগ কৰিলে বৰ্তমান সংৰক্ষণৰ কোটাসমূহ যিবোৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বাবে থকা সংৰক্ষণ সেইবোৰ হ্ৰাস পাব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ভাৰতীয় সংবিধানে ধৰ্মভিত্তিক সংৰক্ষণৰ অনুমতি নিদিয়ে আৰু বিজেপি ক্ষমতাত থকা পৰিসৰত এনে সংৰক্ষণ প্ৰয়োগ নহ'ব। তেওঁ কংগ্ৰেছ দলক মুছলমানৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ হ্ৰাস কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি কয় যে বিজেপি দলে বৰ্তমান সংৰক্ষণ প্ৰণালী বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ। মোদীয়ে অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিকাৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সংৰক্ষণৰ প্ৰণালীক সুৰক্ষিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বুলি মন্তব্য আগবঢ়ায়। 

আৱশ্যে এই পৰ্যন্ত কংগ্ৰেছ দলে শ্বাহৰ অভিযোগৰ ওপৰত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা  নাই যদিও ৰাজনৈতিক বিশ্লেষকসকলে এই বিতৰ্কই আগন্তুক নিৰ্বাচনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি মত প্ৰকাশ কৰিছে কাৰণ সংৰক্ষণ নীতি বহু ভোটাৰৰ বাবে এক সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ বিষয়।

সংৰক্ষণ নীতিৰ ওপৰত এই ৰাজনৈতিক বিতৰ্কই ভোটাৰৰ মনোভাৱ তথা ভাৰতৰ ৰাজনৈতিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ