--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভোট গণনা ১৪ নৱেম্বৰত কৰা হ'ব। 'প'ষ্টেল বেলটৰ গণনা ভোট গণনাৰ অন্তিম দুটা পৰ্যায়ৰ আগতে কৰাটো বাধ্যতামূলক কৰা হৈছে।

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ বাবে দুটা পর্যায়ত ৬ আৰু ১১ নৱেম্বৰত

নির্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ১৬ নৱেম্বৰৰ ভিতৰত অন্ত পৰিব।


বিহাৰত দুটা পৰ্যায়ত ক্রমে ৬ আৰু ১১ নৱেম্বৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোট গণনা ১৪ নৱেম্বৰত কৰা হ'ব। 'প'ষ্টেল বেলটৰ গণনা ভোট গণনাৰ অন্তিম দুটা পৰ্যায়ৰ আগতে কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত ৬ নৱেম্বৰত ১২১টা বিধান সমষ্টিত আৰু দ্বিতীয় পর্যায়ত ১১ নৱেম্বৰত ১২২টা বিধান সমষ্টিত ভোট গ্রহণ কৰা হ'ব।


ঘোষণা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্র দাখিলৰ অন্তিম তাৰিখ হ'ল ১৭ অক্টোবৰ আৰু মনোনয়ন-পত্ৰ পৰীক্ষা ১৮ অক্টোবৰত কৰা হ'ব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ'ল ২০ অক্টোবৰ। ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হ'ল ২০ অক্টোবৰ আৰু ইয়াৰ পিছদিনাই মনোনয়ন-পত্রসমূহ পৰীক্ষা কৰা হ'ব।


দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হ'ল ২৩ অক্টোবৰ। উল্লেখযোগ্য যে ৰাজ্যখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত অন্ত পৰিব। বিহাৰত এইবাৰ মুঠ ৭.৪২ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰ ভিতৰত ৩.৯২ কোটি পুৰুষ আৰু ৩.৫০ কোটি মহিলা ভোটাৰ।


এইবাৰ ১৪ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। কোনো ভোটাৰৰ নাম ভোটাৰ তালিকাত বাদ পৰিলে মনোনয়ন-পত্র দাখিল আৰম্ভ হোৱা তাৰিখৰ পৰা ১০ দিনৰ আগতে নিজৰ নাম অন্তর্ভুক্ত কৰিব পাৰিব।


তেওঁৰ মতে, বিহাৰ বিধানসভাৰ নিৰ্বাচন কেৱল ভোটাৰৰ বাবে অতি সুগম আৰু সৰল হোৱাই নহয়, কেৱল আইন-শৃংখলা ব্যৱস্থাক সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি থকাই নহয়, সম্পূৰ্ণৰূপে স্বচ্ছভাৱে এই নির্বাচন অনুষ্ঠিত হ'ব আৰু আটাইতকৈ ভাল নির্বাচনৰূপে যাতে পৰিগণিত হয় নির্বাচন আয়োগে এই লক্ষ্য লৈছে। নির্বাচনত সকলো ৰাজনৈতিক দলসহ সকলোৰে সহযোগিতা কামনা কৰে।


নির্বাচন আয়োগে এইবুলি অতি কঠোৰ নিৰ্দেশ জাৰি কৰিছে যে কোনোধৰণৰ হিংসাক সহ্য কৰা নহ'ব। মুখ্য নির্বাচন আয়ুক্ত  জ্ঞানেশ কুমাৰে কয় যে ভুৱা বাতৰি, অপপ্ৰচাৰ তথা উৰা বাতৰিত নির্বাচন আয়োগে সতর্ক দৃষ্টি ৰাখিব। তেওঁ কয় যে ১৭টা নতুন পদক্ষেপ বিহাৰৰ পৰা আৰম্ভ হৈ সমগ্র দেশতে কাৰ্যকৰী কৰা হ'ব। ইয়াক এক ঐতিহাসিক পদক্ষেপ বুলি গণ্য কৰা হ'ব।



উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ