--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভোট গণনা ১৪ নৱেম্বৰত কৰা হ'ব। 'প'ষ্টেল বেলটৰ গণনা ভোট গণনাৰ অন্তিম দুটা পৰ্যায়ৰ আগতে কৰাটো বাধ্যতামূলক কৰা হৈছে।

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ বাবে দুটা পর্যায়ত ৬ আৰু ১১ নৱেম্বৰত

নির্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ১৬ নৱেম্বৰৰ ভিতৰত অন্ত পৰিব।


বিহাৰত দুটা পৰ্যায়ত ক্রমে ৬ আৰু ১১ নৱেম্বৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোট গণনা ১৪ নৱেম্বৰত কৰা হ'ব। 'প'ষ্টেল বেলটৰ গণনা ভোট গণনাৰ অন্তিম দুটা পৰ্যায়ৰ আগতে কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত ৬ নৱেম্বৰত ১২১টা বিধান সমষ্টিত আৰু দ্বিতীয় পর্যায়ত ১১ নৱেম্বৰত ১২২টা বিধান সমষ্টিত ভোট গ্রহণ কৰা হ'ব।


ঘোষণা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্র দাখিলৰ অন্তিম তাৰিখ হ'ল ১৭ অক্টোবৰ আৰু মনোনয়ন-পত্ৰ পৰীক্ষা ১৮ অক্টোবৰত কৰা হ'ব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ'ল ২০ অক্টোবৰ। ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হ'ল ২০ অক্টোবৰ আৰু ইয়াৰ পিছদিনাই মনোনয়ন-পত্রসমূহ পৰীক্ষা কৰা হ'ব।


দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হ'ল ২৩ অক্টোবৰ। উল্লেখযোগ্য যে ৰাজ্যখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত অন্ত পৰিব। বিহাৰত এইবাৰ মুঠ ৭.৪২ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰ ভিতৰত ৩.৯২ কোটি পুৰুষ আৰু ৩.৫০ কোটি মহিলা ভোটাৰ।


এইবাৰ ১৪ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। কোনো ভোটাৰৰ নাম ভোটাৰ তালিকাত বাদ পৰিলে মনোনয়ন-পত্র দাখিল আৰম্ভ হোৱা তাৰিখৰ পৰা ১০ দিনৰ আগতে নিজৰ নাম অন্তর্ভুক্ত কৰিব পাৰিব।


তেওঁৰ মতে, বিহাৰ বিধানসভাৰ নিৰ্বাচন কেৱল ভোটাৰৰ বাবে অতি সুগম আৰু সৰল হোৱাই নহয়, কেৱল আইন-শৃংখলা ব্যৱস্থাক সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি থকাই নহয়, সম্পূৰ্ণৰূপে স্বচ্ছভাৱে এই নির্বাচন অনুষ্ঠিত হ'ব আৰু আটাইতকৈ ভাল নির্বাচনৰূপে যাতে পৰিগণিত হয় নির্বাচন আয়োগে এই লক্ষ্য লৈছে। নির্বাচনত সকলো ৰাজনৈতিক দলসহ সকলোৰে সহযোগিতা কামনা কৰে।


নির্বাচন আয়োগে এইবুলি অতি কঠোৰ নিৰ্দেশ জাৰি কৰিছে যে কোনোধৰণৰ হিংসাক সহ্য কৰা নহ'ব। মুখ্য নির্বাচন আয়ুক্ত  জ্ঞানেশ কুমাৰে কয় যে ভুৱা বাতৰি, অপপ্ৰচাৰ তথা উৰা বাতৰিত নির্বাচন আয়োগে সতর্ক দৃষ্টি ৰাখিব। তেওঁ কয় যে ১৭টা নতুন পদক্ষেপ বিহাৰৰ পৰা আৰম্ভ হৈ সমগ্র দেশতে কাৰ্যকৰী কৰা হ'ব। ইয়াক এক ঐতিহাসিক পদক্ষেপ বুলি গণ্য কৰা হ'ব।



উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!