--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৪০জনীয়া বি টি চিৰ ২৮টা পৰিষদীয় সমষ্টি দখল কৰি ইউ পি পি এল আৰু বিজেপি মিত্রজোঁটক ক্ষমতাৰ পৰা আঁতৰাবলৈ সক্ষম হোৱা বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ৫ অক্টোবৰত কোকৰাঝাৰত মুখ্য কার্যবাহী সদস্যৰূপে শপত গ্রহণ কৰিব।

ডিজিটেল ডেস্ক : বড়োলেণ্ডৰ ৰাজনীতিত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চমক সৃষ্টি কৰা হাগ্ৰামা মহিলাৰীয়ে বি টি চি গঠনৰ বাবে কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰে। 


৪০জনীয়া বি টি চিৰ ২৮টা পৰিষদীয় সমষ্টি দখল কৰি ইউ পি পি এল আৰু বিজেপি মিত্রজোঁটক ক্ষমতাৰ পৰা আঁতৰাবলৈ সক্ষম হোৱা বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ৫ অক্টোবৰত কোকৰাঝাৰত মুখ্য কার্যবাহী সদস্যৰূপে শপত গ্রহণ কৰিব। 


যোৱা ২৬ জানুৱাৰীত ভোট গণনাৰ পাছত সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্রাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীক দায়িত্ব দিয়াৰ লগতে ওদালগুৰিত বি টি চিৰ মিনি ছেক্রেটেৰীয়েট হ'ব বুলি ঘোষণা কৰিছিল। কালি ৰাজভৱনত ৰাজ্যপাল আচাৰ্যক সাক্ষাৎ কৰি তেওঁক শপত গ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনায়। ৰাজ্যপালেও শপত গ্রহণ অনুষ্ঠানত উপস্থিত থকাৰ প্রতিশ্রুতি দিয়ে। 


হাগ্রামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বি টি চি চৰকাৰ গঠনৰ শপত গ্রহণ অনুষ্ঠানলৈ ৰাজ্যপালক আমন্ত্রণ জনোৱাটো এটা পৰম্পৰা। শপত গ্রহণ অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে উপস্থিত থাকিব বুলি জনাইছে। অসমৰ 'বচ'ক নামাতিলে কেনেকৈ হ'ব বুলি কয়। আজি সন্ধিয়া মহিলাৰীয়ে জনতা ভৱনত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শর্মাক শপতগ্রহণ অনুষ্ঠানলৈ আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়। শপত গ্রহণ অনুষ্ঠানত কোনো এজন কেন্দ্রীয় কেবিনেট মন্ত্রী উপস্থিত থাকিলে ভাল হয়, সেয়েহে অনুষ্ঠানত যাতে কেন্দ্রীয় মন্ত্রী এজন উপস্থিত থাকে তাৰ বাবে চেষ্টা চলোৱা হ'ব। 


বি টি চি গঠনত কোনো দলে সহায় কৰাৰ প্ৰস্তাৱ দিলে সেই প্রস্তাৱক অগ্রাহ্য নকৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে বি টি চিৰ স্বাৰ্থত যাৰ লগত থাকিলে লাভ হ'ব তেওঁলোকৰ লগতে থাকিব। নিৰ্বাচনৰ আগত বি টি চিৰ ৰাইজক যি প্রতিশ্রুতি দিয়া হৈছিল সেই সকলো প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ সকলোপ্ৰকাৰৰ চেষ্টা চলাব বুলিও সাংবাদ মাধ্যমৰ আগত কয়।


বি টি চিবাসীয়ে তেওঁৰ ওপৰত যি বিশ্বাস ৰাখিলে সেই কথা কেতিয়াও পাহৰি নাযায় বুলিও কয় মহিলাৰীয়ে। ইফালে বি টি চিবাসীৰ জনাদেশত একপ্ৰকাৰ উছন হৈ পৰাৰ পাছত প্রমোদ বড়োৱে আজি ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্র দাখিল কৰিছে। তেওঁ পদত্যাগ-পত্র দাখিল কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে বড়োলেণ্ডৰ বাবে কাম কৰি যাব। ৫ বছৰে ক্ষমতাত থাকিও ৰাইজৰ আশা পূৰ কৰিবলৈ সফল নোহোৱাৰ বাবে তেওঁলোকক নাকচ কৰিছে। বি টি চিৰ জনগাঁথনি জটিল। যি হৈছে সেয়াই বাস্তৱ। চুক্তি ৰূপায়ণ, শান্তিৰ হকে তেওঁৰ দলে কাম কৰি যাব বুলিও বিদায়ী মুখ্য কার্যবাহী সদস্য বড়োৱে কয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু