--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ আৰৱালৰ ৪০ গৰাকী মহিলাৰ এজনেই স্বামী৷ নাম তেওঁৰ ৰূপচান্দ! হয় , কথাটো আচৰিত যেন লাগিলেও সঁচা৷ জাতিগত লোকপিয়লৰ সময়ত আনকি  চৰকাৰী কৰ্মচাৰীসকলেও এই ঘটনা দেখি আচৰিত হৈছে৷ লোক পিয়লৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে   তথ্য সংগ্ৰহ কৰিবলৈ ঘৰে ঘৰে গৈ আছে। তেতিয়াই ৪০ গৰাকী মহিলাই তেওঁলোকৰ স্বামীৰ নাম ৰূপচান্দ বুলি উল্লেখ কৰে৷ 

বিহাৰৰ আৰৱালৰ পৌৰসভাৰ ৱাৰ্ড নম্বৰ-৭ ৰ ৪০ গৰাকী মহিলাই তেওঁলোকৰ এজনেই স্বামী বুলি কৈছে৷ দৰাচলতে সেই এলেকাটো ৰেড লাইট  এলেকা ৷ তাত বহু কেইগৰাকী দেহ ব্যৱসায় কৰা মহিলাই বাস কৰে৷ চৰকাৰে পৰিচালনা কৰা লোকপিয়লৰ সময়ত স্বামীৰ বিষয়ে  সোধা প্ৰশ্নৰ উত্তৰত  তেনে ৪০ গৰাকী গণিকাই  তেওঁলোকৰ স্বামীৰ নাম ৰূপচান্দৰ বুলি উল্লেখ কৰে৷ দৰাচলতে সেই ৪০ গৰাকী মহিলাৰনাই কোনো বৈধ স্বামী৷ 

সেই বাবেই তেওঁলোকে স্বামীৰ নাম ৰূপচান্দ বুলি উল্লেখ কৰিছে৷ এতিয়া এই ৰূপচান্দৰ অৰ্থ জানো আহক। ৰূপচান্দৰ অৰ্থ হৈছে ধন-সম্পদ, টকা-পইচা৷ দেহ ব্যৱসায় কৰা মহিলাসকলে ধন ঘটাৰ বাবেই সেই ব্যৱসায়ত নামিছে৷ সেয়ে তেওঁলোকৰ মূল উদ্দেশ্যই হৈছে টকা উপাৰ্জন কৰা৷ টকাকেই সৰ্বস্ব জ্ঞান কৰা বুজাবলৈয়েই তেওঁলোকে ৰূপচান্দক নিজৰ স্বামী হিচাবে ভাবি লৈছে৷  তেওঁলোকে তেওঁলোকৰ স্বামী হিচাপে কাক পঞ্জীয়ন কৰা উচিত সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰিয়েই টকা-পইচা (ৰূপচান্দ)কে স্বামী হিচাবে উল্লেখ কৰিছে৷  ইয়াত বাস কৰা মহিলাসকলে ৰূপচান্দ অৰ্থাৎ ধনক তেওঁলোকৰ সকলো বুলি গণ্য কৰে, সেয়েহে তেওঁলোক সকলোৱে তেওঁলোকৰ স্বামী হিচাবে  ৰূপচান্দ নামটো পঞ্জীয়ন কৰিছে।

জাতিগত লোকপিয়লৰ বাবে অহা  এগৰাকী শিক্ষক ৰাজীৱ ৰঞ্জন ৰাকেশে কয় যে তেওঁ ৰেড লাইট অঞ্চলত বাস কৰা মহিলাসকলৰ সৈতে কথা পাতিছে। এই সময়ছোৱাত মহিলাসকলে তেওঁলোকৰ স্বামৰ নাম ৰূপচান্দ ৰাখিছে। অৱশ্যে যেতিয়া ৰূপচান্দ কোন সেই বিষয়ে  জানিব বিচৰাত তেওঁলোকে কৈছে যে   ৰূপচান্দ কোনো মানুহ নহয়। টকা-পইচাক তেওঁলোকে  ৰূপচান্দ বুলি কয়৷ সেই মহিলাসকলে ৰূপচান্দক তেওঁলোকৰ সকলো বুলি কৈছে।

উল্লোখ্য  বিহাৰৰচৰকাৰে জাতিগত লোকপিয়ল পৰিচালনা কৰিবলৈ  প্ৰায় ৫০০ কোটি টকাৰ বাজেটো নিৰ্ধাৰণ কৰিছে। চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ আছে আৰু ১৭ টা প্ৰশ্ন সন্দৰ্ভত  তথ্য সংগ্ৰহ কৰি আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement