--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ আৰৱালৰ ৪০ গৰাকী মহিলাৰ এজনেই স্বামী৷ নাম তেওঁৰ ৰূপচান্দ! হয় , কথাটো আচৰিত যেন লাগিলেও সঁচা৷ জাতিগত লোকপিয়লৰ সময়ত আনকি  চৰকাৰী কৰ্মচাৰীসকলেও এই ঘটনা দেখি আচৰিত হৈছে৷ লোক পিয়লৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে   তথ্য সংগ্ৰহ কৰিবলৈ ঘৰে ঘৰে গৈ আছে। তেতিয়াই ৪০ গৰাকী মহিলাই তেওঁলোকৰ স্বামীৰ নাম ৰূপচান্দ বুলি উল্লেখ কৰে৷ 

বিহাৰৰ আৰৱালৰ পৌৰসভাৰ ৱাৰ্ড নম্বৰ-৭ ৰ ৪০ গৰাকী মহিলাই তেওঁলোকৰ এজনেই স্বামী বুলি কৈছে৷ দৰাচলতে সেই এলেকাটো ৰেড লাইট  এলেকা ৷ তাত বহু কেইগৰাকী দেহ ব্যৱসায় কৰা মহিলাই বাস কৰে৷ চৰকাৰে পৰিচালনা কৰা লোকপিয়লৰ সময়ত স্বামীৰ বিষয়ে  সোধা প্ৰশ্নৰ উত্তৰত  তেনে ৪০ গৰাকী গণিকাই  তেওঁলোকৰ স্বামীৰ নাম ৰূপচান্দৰ বুলি উল্লেখ কৰে৷ দৰাচলতে সেই ৪০ গৰাকী মহিলাৰনাই কোনো বৈধ স্বামী৷ 

সেই বাবেই তেওঁলোকে স্বামীৰ নাম ৰূপচান্দ বুলি উল্লেখ কৰিছে৷ এতিয়া এই ৰূপচান্দৰ অৰ্থ জানো আহক। ৰূপচান্দৰ অৰ্থ হৈছে ধন-সম্পদ, টকা-পইচা৷ দেহ ব্যৱসায় কৰা মহিলাসকলে ধন ঘটাৰ বাবেই সেই ব্যৱসায়ত নামিছে৷ সেয়ে তেওঁলোকৰ মূল উদ্দেশ্যই হৈছে টকা উপাৰ্জন কৰা৷ টকাকেই সৰ্বস্ব জ্ঞান কৰা বুজাবলৈয়েই তেওঁলোকে ৰূপচান্দক নিজৰ স্বামী হিচাবে ভাবি লৈছে৷  তেওঁলোকে তেওঁলোকৰ স্বামী হিচাপে কাক পঞ্জীয়ন কৰা উচিত সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰিয়েই টকা-পইচা (ৰূপচান্দ)কে স্বামী হিচাবে উল্লেখ কৰিছে৷  ইয়াত বাস কৰা মহিলাসকলে ৰূপচান্দ অৰ্থাৎ ধনক তেওঁলোকৰ সকলো বুলি গণ্য কৰে, সেয়েহে তেওঁলোক সকলোৱে তেওঁলোকৰ স্বামী হিচাবে  ৰূপচান্দ নামটো পঞ্জীয়ন কৰিছে।

জাতিগত লোকপিয়লৰ বাবে অহা  এগৰাকী শিক্ষক ৰাজীৱ ৰঞ্জন ৰাকেশে কয় যে তেওঁ ৰেড লাইট অঞ্চলত বাস কৰা মহিলাসকলৰ সৈতে কথা পাতিছে। এই সময়ছোৱাত মহিলাসকলে তেওঁলোকৰ স্বামৰ নাম ৰূপচান্দ ৰাখিছে। অৱশ্যে যেতিয়া ৰূপচান্দ কোন সেই বিষয়ে  জানিব বিচৰাত তেওঁলোকে কৈছে যে   ৰূপচান্দ কোনো মানুহ নহয়। টকা-পইচাক তেওঁলোকে  ৰূপচান্দ বুলি কয়৷ সেই মহিলাসকলে ৰূপচান্দক তেওঁলোকৰ সকলো বুলি কৈছে।

উল্লোখ্য  বিহাৰৰচৰকাৰে জাতিগত লোকপিয়ল পৰিচালনা কৰিবলৈ  প্ৰায় ৫০০ কোটি টকাৰ বাজেটো নিৰ্ধাৰণ কৰিছে। চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ আছে আৰু ১৭ টা প্ৰশ্ন সন্দৰ্ভত  তথ্য সংগ্ৰহ কৰি আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন