--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ কোম্পানীৰ মালিকে যদি আপোনাক এটা বিলাসী ঘৰ উপহাৰ দিয়ে আপোনাৰ কেনে লাগিব? দুচকু মুদি এবাৰ কল্পনা কৰক।  বাস্তৱত এনে এক ঘটনা সংঘটিত হৈছে। এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীয়ে তেওঁৰ আটাইতকৈ পুৰণি কৰ্মচাৰী তথা বন্ধু মনোজ মোডীক ১৫০০ কোটি টকাৰ ২২ মহলীয়া বিলাসী অট্টালিকা উপহাৰ দিছে। মুকেশ আম্বানীৰ এই উদাৰতাই মন মুহিছে সকলোৰে।

আম্বানীৰ এই পদক্ষেপৰ পাছত স্পষ্ট হৈ পৰিছে যে তেওঁ কেৱল এজন ডাঙৰ ব্যৱসায়ীয়ে নহয়, তেওঁৰ এখন ডাঙৰ হৃদয়ও আছে। মনোজ মোডী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এম ডি মুকেশ আম্বানীৰ অতি ঘনিষ্ঠ আৰু কোম্পানীটোৰ অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ ডাঙৰ হাত আছে। মুকেশ আম্বানীয়ে মনোজ মোডীক উপহাৰ দিয়া ২২ মহলীয়া অট্টালিকাটো মুম্বাইৰ নাপিয়ান ছি ৰোডত অৱস্থিত। এই সম্পত্তিৰ নাম বৃন্দাবন ৰখা হৈছে।

মনোজ মোদীয়ে দীৰ্ঘদিন ধৰি ৰিলায়েন্স জিঅ’ আৰু ৰিলায়েন্স ৰিটেইলৰ সঞ্চালক হিচাপে কাম কৰি আহিছে। মুকেশ আম্বানীৰ ঘনিষ্ঠ লোকৰ ভিতৰত মনোজ মোডী অন্যতম। ৰিলায়েন্সৰ সকলো ব্যৱসায়িক চুক্তিৰ আঁৰত আছে মনোজ মোডী। মুকেশ আম্বানীয়ে উপহাৰ দিয়া এই ভৱনটো ১.৭ লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। 

লাইমলাইটৰ পৰা আঁতৰি থকা মনোজ মোডী আনকি কোনো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো সক্ৰিয় নহয়। তেওঁ হজীৰা পেট্ৰ’কেমিকেল কমপ্লেক্স, জামনগৰ শোধনাগাৰ, টেলিকম বিজনেছ, ৰিলায়েন্স ৰিটেইল আদি প্ৰায়বোৰ প্ৰকল্পৰ সৈতে জড়িত। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন