--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ কোম্পানীৰ মালিকে যদি আপোনাক এটা বিলাসী ঘৰ উপহাৰ দিয়ে আপোনাৰ কেনে লাগিব? দুচকু মুদি এবাৰ কল্পনা কৰক।  বাস্তৱত এনে এক ঘটনা সংঘটিত হৈছে। এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীয়ে তেওঁৰ আটাইতকৈ পুৰণি কৰ্মচাৰী তথা বন্ধু মনোজ মোডীক ১৫০০ কোটি টকাৰ ২২ মহলীয়া বিলাসী অট্টালিকা উপহাৰ দিছে। মুকেশ আম্বানীৰ এই উদাৰতাই মন মুহিছে সকলোৰে।

আম্বানীৰ এই পদক্ষেপৰ পাছত স্পষ্ট হৈ পৰিছে যে তেওঁ কেৱল এজন ডাঙৰ ব্যৱসায়ীয়ে নহয়, তেওঁৰ এখন ডাঙৰ হৃদয়ও আছে। মনোজ মোডী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এম ডি মুকেশ আম্বানীৰ অতি ঘনিষ্ঠ আৰু কোম্পানীটোৰ অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ ডাঙৰ হাত আছে। মুকেশ আম্বানীয়ে মনোজ মোডীক উপহাৰ দিয়া ২২ মহলীয়া অট্টালিকাটো মুম্বাইৰ নাপিয়ান ছি ৰোডত অৱস্থিত। এই সম্পত্তিৰ নাম বৃন্দাবন ৰখা হৈছে।

মনোজ মোদীয়ে দীৰ্ঘদিন ধৰি ৰিলায়েন্স জিঅ’ আৰু ৰিলায়েন্স ৰিটেইলৰ সঞ্চালক হিচাপে কাম কৰি আহিছে। মুকেশ আম্বানীৰ ঘনিষ্ঠ লোকৰ ভিতৰত মনোজ মোডী অন্যতম। ৰিলায়েন্সৰ সকলো ব্যৱসায়িক চুক্তিৰ আঁৰত আছে মনোজ মোডী। মুকেশ আম্বানীয়ে উপহাৰ দিয়া এই ভৱনটো ১.৭ লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। 

লাইমলাইটৰ পৰা আঁতৰি থকা মনোজ মোডী আনকি কোনো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো সক্ৰিয় নহয়। তেওঁ হজীৰা পেট্ৰ’কেমিকেল কমপ্লেক্স, জামনগৰ শোধনাগাৰ, টেলিকম বিজনেছ, ৰিলায়েন্স ৰিটেইল আদি প্ৰায়বোৰ প্ৰকল্পৰ সৈতে জড়িত। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে