--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মুখ খুলিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্য পাল মালিকে। এইবাৰ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে “গুৰুতৰ প্ৰাৰ্থী” বুলি অভিহিত কৰে। 

সোমবাৰে মালিকে কয় যে যদিহে ৰাজনাথ সিঙৰ ভাগ্যত থাকে তেন্তে তেওঁ নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী হ’ব পাৰিব। মালিকে লগতে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰে।

উল্লেখ্য যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য কৰিছিল মালিকে। তাৰপাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল- ''আমাৰ পৰা বিদায় লোৱাৰ পিছতহে তেওঁ অভিযোগটো কৰিছে।’’

ইয়াৰ উত্তৰত সত্যপাল মালিকে ৰাজস্থানৰ ছিকাৰত সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁ ক্ষমতাৰ বাহিৰত থকাৰ সময়ত এই বিষয়টো উত্থাপন কৰিছে বুলি কোৱাটো ভুল। আক্ৰমণৰ দিনাখনো এই বিষয়টো উত্থাপন কৰি আহিছে বুলি তেওঁ স্পষ্ট কৰে।

সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত মালিকে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰধানমন্ত্ৰীৰ পদৰ বাবে এজন “গুৰুত্তপূৰ্ণ প্ৰাৰ্থী”। মালিকে কয়- “যদিহে এয়া তেওঁৰ লক্ষ্যস্থান হয়, তেন্তে তাত উপনীত হ’ব পাৰিব।’’

আদানী বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে মৌনতাই তেওঁৰ ক্ষতি কৰিব বুলি দাবী কৰে মালিকে। অহা বছৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ সম্ভাৱনাৰ সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ কয়, "মই তেওঁলোকৰ মংগল কামনা কৰিছো, কিন্তু ৰাজনীতি আৰু নিৰ্বাচনত কি হ'ব কোনেও নাজানে। বৰ্তমানৰ পৰিস্থিতি তেওঁলোকৰ বাবে কঠিন। ইয়াৰ বাবে তেওঁলোকে কিছু কাম কৰিব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন