--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মুখ খুলিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্য পাল মালিকে। এইবাৰ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে “গুৰুতৰ প্ৰাৰ্থী” বুলি অভিহিত কৰে। 

সোমবাৰে মালিকে কয় যে যদিহে ৰাজনাথ সিঙৰ ভাগ্যত থাকে তেন্তে তেওঁ নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী হ’ব পাৰিব। মালিকে লগতে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰে।

উল্লেখ্য যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য কৰিছিল মালিকে। তাৰপাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল- ''আমাৰ পৰা বিদায় লোৱাৰ পিছতহে তেওঁ অভিযোগটো কৰিছে।’’

ইয়াৰ উত্তৰত সত্যপাল মালিকে ৰাজস্থানৰ ছিকাৰত সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁ ক্ষমতাৰ বাহিৰত থকাৰ সময়ত এই বিষয়টো উত্থাপন কৰিছে বুলি কোৱাটো ভুল। আক্ৰমণৰ দিনাখনো এই বিষয়টো উত্থাপন কৰি আহিছে বুলি তেওঁ স্পষ্ট কৰে।

সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত মালিকে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰধানমন্ত্ৰীৰ পদৰ বাবে এজন “গুৰুত্তপূৰ্ণ প্ৰাৰ্থী”। মালিকে কয়- “যদিহে এয়া তেওঁৰ লক্ষ্যস্থান হয়, তেন্তে তাত উপনীত হ’ব পাৰিব।’’

আদানী বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে মৌনতাই তেওঁৰ ক্ষতি কৰিব বুলি দাবী কৰে মালিকে। অহা বছৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ সম্ভাৱনাৰ সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ কয়, "মই তেওঁলোকৰ মংগল কামনা কৰিছো, কিন্তু ৰাজনীতি আৰু নিৰ্বাচনত কি হ'ব কোনেও নাজানে। বৰ্তমানৰ পৰিস্থিতি তেওঁলোকৰ বাবে কঠিন। ইয়াৰ বাবে তেওঁলোকে কিছু কাম কৰিব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে