--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ সোণ বিচাৰি অভিযান চলাব নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে৷ সোণৰ খনি বিচাৰি তৎপৰ হৈ পৰিছে বিহাৰ চৰকাৰ৷ শেহতীয়াকৈ দেশৰ সৰ্ববৃহৎ সোণ সংৰক্ষিত অঞ্চলৰ অনুসন্ধানৰ বাবে অনুমতি প্ৰদান কৰিছে বিহাৰ চৰকাৰে৷ ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই) অনুসৰি, বিহাৰৰ জামুই জিলাত ৩৭.৬ টন খনিজ পদাৰ্থসহ প্ৰায় ২২২.৮৮ নিযুত টন সোণৰ ভাণ্ডাৰ আছে।

ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব তথা খনি আয়ুক্ত হৰজ্যোত কৌৰ বামৰাহে কয়, বিহাৰৰ ৰাজ্যৰ খনি আৰু ভূ-বিজ্ঞান বিভাগে জামুইত সোণৰ ভাণ্ডাৰ অন্বেষণৰ বাবে জিএছআই আৰু ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম (এনএমডিচি)কে ধৰি অন্বেষণত নিয়োজিত সংস্থাসমূহৰ সৈতে আলোচনা কৰি আছে। জিএছআইৰ ফলাফল বিশ্লেষণ কৰাৰ পিছত পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, যিয়ে জামুই জিলাৰ কৰ্মতিয়া, ঝাঝা আৰু চোনোৰ দৰে অঞ্চলত সোণৰ অৱস্থিতি নিশ্চিত কৰিছিল।

তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে এমাহৰ ভিতৰত জি ৩ (প্ৰাথমিক) পৰ্যায়ৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় সংস্থা বা সংস্থাৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। কিছুক্ষেত্ৰত, জি-২ (সাধাৰণ) অন্বেষণো কৰিব পাৰি বুলি বামৰাহে কয়।

কেন্দ্ৰীয় খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বিগত বৰ্ষত লোকসভাত জনাইছিল যে বিহাৰত ভাৰতৰ সোণৰ ভাণ্ডাৰৰ সৰ্বাধিক অংশ আছে। লোকসভাত এক লিখিত উত্তৰত তেওঁ কৈছিল যে বিহাৰত ২২২.৮৮৫ নিযুত টন সোণৰ ধাতু আছে, যি হৈছে দেশৰ মুঠ সোণৰ ভাণ্ডাৰৰ ৪৪ শতাংশ। লোকসভাত যোশীয়ে তথ্য সদৰী কৰি কৈছিল যে, ৰাষ্ট্ৰীয় খনিজ তালিকা অনুসৰি, ২০১৫ৰ ১ এপ্ৰিললৈ দেশত প্ৰাথমিক সোণৰ পদাৰ্থৰ মুঠ ৬৫৪.৭৪ টন সোণ ধাতুৰ সৈতে ৫০১.৮৩ নিযুত টন আক্কলন কৰা হৈছে আৰু ইয়াৰ ভিতৰত, বিহাৰত ৩৭.৬ টন ধাতু থকা ২২২.৮৮৫ নিযুত টন (৪৪ শতাংশ) খনিজ পদাৰ্থ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন