--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ লক্ষ্য হাৰিয়ানা। পঞ্জাব দখলৰ পাছত আম আদমী পাৰ্টীয়ে দৃষ্টি দিছে হাৰিয়ানালৈ। হাৰিয়ানত খোপনি পোতাৰ বাবে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দেওবাৰে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত উপস্থিত হয়। কুৰুক্ষেত্ৰত এখন ৰাজহুৱা সভা সম্বোধন কৰে কেজৰিৱালে। সভাখনত ভাষণ প্ৰদান কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে কেজৰিৱালে।

অৰবিন্দ কেজৰিৱালে 'ভাৰত মাতা কী জয়' শ্লোগানেৰে আৰম্ভ কৰে নিজৰ ভাষণ৷ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘যেতিয়া মানুহে মোক হাৰিয়ানাৰ লাল বুলি কয় তেতিয়া মই ইয়াক আটাইতকৈ বেছি ভাল পাওঁ। হাৰিয়ানা মোৰ জন্মভূমি আৰু এই ঠাইৰ মৰম এগৰাকী মাতৃৰ দৰে। তেওঁ কয় যে ৭টা জন্মতো মাতৃ আৰু জন্মভূমিৰ ঋণ পৰিশোধ কৰিব নোৱাৰি। তেওঁ কয় যে হাৰিয়ানাত ডাঙৰ ধুমুহা অহাৰ উপক্ৰম ঘটিছে। তেওঁ আৰু কৈছিল যে, যেতিয়া ওপৰৰ জনে ঝাড়ু চলায়, ধুমুহা আহে।


দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সমন্বয়কগৰাকীয়ে লগতে কয় যে তেওঁ হাৰিয়ানাৰ সকলো কৃষকক ধন্যবাদ আৰু অভিনন্দন জনাব বিচাৰে। হাৰিয়ানা আৰু পঞ্জাৰ কৃষকসকলে যিদৰে এনে এখন অহংকাৰী চৰকাৰক মূৰ দোৱাবলৈ বাধ্য কৰি তুলিলে। তাৰ বাবে লাগিলে এবছৰ আন্দোলন কৰাৰ প্ৰয়োজন নহওক কিয়। এবছৰ ধৰি তেওঁলোকে সিংঘু সীমান্তত অৱস্থান গ্ৰহণ কৰি থাকিল। অৱশেষত, চৰকাৰে তিনিখনৈ বিতৰ্কিত আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পৰিল। তেওঁ লগতে কয় যে, ৰাৱণৰ অহংকাৰো শেষলৈ টিকি থকা নাছিস। তেওঁ কয় যে ত্ৰেতা যুগত ভগৱান ৰামে ৰাৱণৰ অহংকাৰৰ পতন ঘটাইছিল, কলিয়ুগত কৃষকসকলে বিজেপিৰ অহংকাৰৰ পতন ঘটাইছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন