--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত আৱিষ্কাৰ হৈছে সোণৰ ভাণ্ডাৰ। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ দলে এতিয়ালৈকে মাটিৰ ৩২০ ফুট তলত খনন কৰিছে। ৩০টা বাকচত ভৰোৱা শিলসমূহ লেব টেষ্টিঙৰ বাবে প্ৰেৰণ কৰা হৈছে। বাংকা জিলাৰ কাটৰিয়া ব্লকত দুসপ্তাহ ধৰি জি এছ আইৰ দলটোৱে নিজৰ ‘মিছন গোল্ড’ত নিয়োজিত হৈ আছে। জয়পুৰ থানা এলেকাৰ লক্ৰমা পঞ্চায়তৰ কেৰৱাৰ গাঁৱত সোণৰ সন্ধানত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ দলটোৱে এই জৰীপ অব্যাহত ৰাখিছে৷

সোণৰ সন্ধানত এতিয়ালৈকে বহু সোণালী আৰু ক’লা শিল উদ্ধাৰ হৈছে। ৩০টা বাকচ ভৰোৱা এইবোৰক অধিক বৈজ্ঞানিক পৰীক্ষাৰ বাবে জি এছ আই লেবলৈ প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে জি এছ আইৰ দল। কিন্তু মাটিৰ খননৰ কাম পূৰ্ণগতিত চলি আছে।ঠাৱৰ কৰা হৈছে যে বিহাৰৰ এই মাটিৰ তলত এটা বিশাল সোণৰ ভাণ্ডাৰ লুকাই আছে।

১০০ বছৰ আগতে ইংৰাজেও খনন কৰিছিল। ইয়াৰ চিন এতিয়াও আছে। গাঁৱৰ বয়োজ্যেষ্ঠসকলেও এই কথাৰ নিশ্চিতি প্ৰদান কৰিছে। তেওঁলোকৰ মতে ১০-১৫ ফুটৰ এটা গাঁত তৈয়াৰ কৰা হৈছিল। এতিয়া সেই ঠাইতে জি এছ আইৰ দ্বাৰা খনন কাম চলি আছে। সোণৰ সন্ধান পোৱাৰ খবৰ শুনি গোটেই গাঁওখনতে সুখৰ জোৱাৰ উঠিছে। তেওঁলোকে অনুভৱ কৰে যে সোণ পাই গাঁৱৰ লগতে বিহাৰৰ দিনবোৰো সমৃদ্ধিশালী হ’ব। প্ৰযুক্তিৰ অভাৱত ইংৰাজে ১০০ ফুটৰ তললৈ যাব নোৱাৰিলে। কিন্তু এতিয়া জি এছ আইয়ে হাই টেক মেচিনেৰে মাটি খান্দিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান