--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত আৱিষ্কাৰ হৈছে সোণৰ ভাণ্ডাৰ। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ দলে এতিয়ালৈকে মাটিৰ ৩২০ ফুট তলত খনন কৰিছে। ৩০টা বাকচত ভৰোৱা শিলসমূহ লেব টেষ্টিঙৰ বাবে প্ৰেৰণ কৰা হৈছে। বাংকা জিলাৰ কাটৰিয়া ব্লকত দুসপ্তাহ ধৰি জি এছ আইৰ দলটোৱে নিজৰ ‘মিছন গোল্ড’ত নিয়োজিত হৈ আছে। জয়পুৰ থানা এলেকাৰ লক্ৰমা পঞ্চায়তৰ কেৰৱাৰ গাঁৱত সোণৰ সন্ধানত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ দলটোৱে এই জৰীপ অব্যাহত ৰাখিছে৷

সোণৰ সন্ধানত এতিয়ালৈকে বহু সোণালী আৰু ক’লা শিল উদ্ধাৰ হৈছে। ৩০টা বাকচ ভৰোৱা এইবোৰক অধিক বৈজ্ঞানিক পৰীক্ষাৰ বাবে জি এছ আই লেবলৈ প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে জি এছ আইৰ দল। কিন্তু মাটিৰ খননৰ কাম পূৰ্ণগতিত চলি আছে।ঠাৱৰ কৰা হৈছে যে বিহাৰৰ এই মাটিৰ তলত এটা বিশাল সোণৰ ভাণ্ডাৰ লুকাই আছে।

১০০ বছৰ আগতে ইংৰাজেও খনন কৰিছিল। ইয়াৰ চিন এতিয়াও আছে। গাঁৱৰ বয়োজ্যেষ্ঠসকলেও এই কথাৰ নিশ্চিতি প্ৰদান কৰিছে। তেওঁলোকৰ মতে ১০-১৫ ফুটৰ এটা গাঁত তৈয়াৰ কৰা হৈছিল। এতিয়া সেই ঠাইতে জি এছ আইৰ দ্বাৰা খনন কাম চলি আছে। সোণৰ সন্ধান পোৱাৰ খবৰ শুনি গোটেই গাঁওখনতে সুখৰ জোৱাৰ উঠিছে। তেওঁলোকে অনুভৱ কৰে যে সোণ পাই গাঁৱৰ লগতে বিহাৰৰ দিনবোৰো সমৃদ্ধিশালী হ’ব। প্ৰযুক্তিৰ অভাৱত ইংৰাজে ১০০ ফুটৰ তললৈ যাব নোৱাৰিলে। কিন্তু এতিয়া জি এছ আইয়ে হাই টেক মেচিনেৰে মাটি খান্দিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস