--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে আজি মুম্বাইত দেশৰ বেংক সন্দৰ্ভত এটা গুৰুত্ব বাৰ্তা প্ৰদান কৰে৷ তেওঁ বেংকসমূহক এটা বাৰ্তা দিছে যে গ্ৰাহকৰ ধনৰ সুৰক্ষা শীৰ্ষত ৰাখিব লাগে। ইয়াৰ উপৰিও নিৰ্বাচিত বেংকসমূহত কৰ্পৰেট শাসনৰ বিষয়টোক লৈ কিছু উদ্বেগ উত্থাপন হৈছে, যাৰ ফলত বেংকসমূহত অস্থিৰতা আহিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে আৰ বি আইৰ গৱৰ্ণৰে।

আৰ বি আইৰ গৱৰ্ণৰৰ মতে, দেশৰ বেংকসমূহৰ ব’ৰ্ড আৰু পৰিচালনা সমিতিয়ে এই কথা মনত ৰাখিব লাগিব যে তেওঁলোকে এনে কাৰণত গুৰুত্ব দিব লাগে, যিবোৰ ভৱিষ্যতে সমগ্ৰ দেশৰ বেংকিং খণ্ডৰ বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিব পাৰে। তেওঁ কয় যে দেশৰ কেন্দ্ৰীয় বেংকে ৰাজহুৱা ধনৰ ওপৰত কোনো ধৰণৰ নিৰাপত্তাহীনতা দেখা দিব নোৱাৰে।

সোমবাৰে অৰ্থাৎ আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় বেংকৰ সঞ্চালকসকলৰ বাবে আয়োজন কৰা এখন সন্মিলনত আৰ বি আইৰ গৱৰ্ণৰে এই কথা কয়। তেওঁ জোৰ দি কয় যে বেংকিং খণ্ডৰ শক্তি বজাই ৰাখিবলৈ হ’লে ভৱিষ্যতে প্ৰত্যাহ্বান হ’ব পৰা এনে যিকোনো সংকেত তৎক্ষণাত চিনি পোৱাটো প্ৰয়োজনীয়। ইয়াৰ বাবে তেওঁ আমেৰিকাৰ বেংকিং সংকটৰ উদাহৰণ দি কয় যে ভাৰতে এনে পৰিস্থিতি দেখাৰ আগতে সতৰ্ক পন্থা অৱলম্বন কৰিব লাগিব।

দেশৰ বেংকসমূহক নীতি-নিৰ্দেশনা মানি চলিবলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰি আৰ বি আইৰ গৱৰ্ণৰে কয় যে যিকোনো দেশৰ বেংকিং খণ্ডৰ বাবে এক শক্তিশালী চৰকাৰী গাঁথনিৰ প্ৰয়োজনীয়তাই প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। গতিকে দেশৰ বেংকসমূহে কেন্দ্ৰীয় বেংকৰ পৰা লাভ কৰা নিৰ্দেশনাসমূহ মানি চলিব লাগে যাতে বেংক খণ্ডটো বহনক্ষম বিত্তীয় প্ৰদৰ্শনৰ বাবে সাজু হৈ থাকে।

দেশৰ বেংকসমূহে সাতটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত কাম কৰাটো প্ৰয়োজনীয় আৰু সেইবোৰ অনুসৰণ কৰি দেশৰ বেংকসমূহ শক্তিশালী হৈ থাকিব পাৰে। অৱশ্যে একেটা বিষয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচিত বেংকসমূহে আৰ বি আইৰ নিৰ্দেশনা পালনত কিছু শিথিলতাৰ লক্ষণ দেখা গৈছে আৰু এইসমূহ কাৰকে ভৱিষ্যতে বেংকিং খণ্ডৰ বাবে অস্থিৰ পৰিৱেশৰ কাৰণ হৈ উঠিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস