--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে আজি মুম্বাইত দেশৰ বেংক সন্দৰ্ভত এটা গুৰুত্ব বাৰ্তা প্ৰদান কৰে৷ তেওঁ বেংকসমূহক এটা বাৰ্তা দিছে যে গ্ৰাহকৰ ধনৰ সুৰক্ষা শীৰ্ষত ৰাখিব লাগে। ইয়াৰ উপৰিও নিৰ্বাচিত বেংকসমূহত কৰ্পৰেট শাসনৰ বিষয়টোক লৈ কিছু উদ্বেগ উত্থাপন হৈছে, যাৰ ফলত বেংকসমূহত অস্থিৰতা আহিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে আৰ বি আইৰ গৱৰ্ণৰে।

আৰ বি আইৰ গৱৰ্ণৰৰ মতে, দেশৰ বেংকসমূহৰ ব’ৰ্ড আৰু পৰিচালনা সমিতিয়ে এই কথা মনত ৰাখিব লাগিব যে তেওঁলোকে এনে কাৰণত গুৰুত্ব দিব লাগে, যিবোৰ ভৱিষ্যতে সমগ্ৰ দেশৰ বেংকিং খণ্ডৰ বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিব পাৰে। তেওঁ কয় যে দেশৰ কেন্দ্ৰীয় বেংকে ৰাজহুৱা ধনৰ ওপৰত কোনো ধৰণৰ নিৰাপত্তাহীনতা দেখা দিব নোৱাৰে।

সোমবাৰে অৰ্থাৎ আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় বেংকৰ সঞ্চালকসকলৰ বাবে আয়োজন কৰা এখন সন্মিলনত আৰ বি আইৰ গৱৰ্ণৰে এই কথা কয়। তেওঁ জোৰ দি কয় যে বেংকিং খণ্ডৰ শক্তি বজাই ৰাখিবলৈ হ’লে ভৱিষ্যতে প্ৰত্যাহ্বান হ’ব পৰা এনে যিকোনো সংকেত তৎক্ষণাত চিনি পোৱাটো প্ৰয়োজনীয়। ইয়াৰ বাবে তেওঁ আমেৰিকাৰ বেংকিং সংকটৰ উদাহৰণ দি কয় যে ভাৰতে এনে পৰিস্থিতি দেখাৰ আগতে সতৰ্ক পন্থা অৱলম্বন কৰিব লাগিব।

দেশৰ বেংকসমূহক নীতি-নিৰ্দেশনা মানি চলিবলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰি আৰ বি আইৰ গৱৰ্ণৰে কয় যে যিকোনো দেশৰ বেংকিং খণ্ডৰ বাবে এক শক্তিশালী চৰকাৰী গাঁথনিৰ প্ৰয়োজনীয়তাই প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। গতিকে দেশৰ বেংকসমূহে কেন্দ্ৰীয় বেংকৰ পৰা লাভ কৰা নিৰ্দেশনাসমূহ মানি চলিব লাগে যাতে বেংক খণ্ডটো বহনক্ষম বিত্তীয় প্ৰদৰ্শনৰ বাবে সাজু হৈ থাকে।

দেশৰ বেংকসমূহে সাতটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত কাম কৰাটো প্ৰয়োজনীয় আৰু সেইবোৰ অনুসৰণ কৰি দেশৰ বেংকসমূহ শক্তিশালী হৈ থাকিব পাৰে। অৱশ্যে একেটা বিষয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচিত বেংকসমূহে আৰ বি আইৰ নিৰ্দেশনা পালনত কিছু শিথিলতাৰ লক্ষণ দেখা গৈছে আৰু এইসমূহ কাৰকে ভৱিষ্যতে বেংকিং খণ্ডৰ বাবে অস্থিৰ পৰিৱেশৰ কাৰণ হৈ উঠিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ