--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউৎসৱৰ আনন্দৰ মাজতে  বিহাৰত শোকৰ ছাঁ পৰিছে। চাৰিদিন ধৰি চলি থকা  ষটপূজাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ৫৩ জন লোকৰ সলিল সমাধি ঘটিছে । বিহাৰৰ কেইবাখনো নদীতএনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি  ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) প্ৰকাশ কৰিছে। ইফালে, নীতিশ কুমাৰ চৰকাৰে মৃতকৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।

সমগ্ৰ দেশৰ লগতে বিহাৰতো ধুমধামেৰে  ষট পূজা উদযাপন কৰি থকা হৈছে।  ইয়াৰ মাজতে ৰাজ্য খনৰ  বিভিন্ন প্ৰান্তত পানীত ডুবি কেইবা জনো লোকৰ মৃত্যুৰ খবৰ আহিছে।এতিয়াীলৈকে  মুঠ ৫৩ জন লোকৰ পানীত ডুব মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ মতে ৩০ অক্টোবৰত কেৱল পূৰ্ণিয়া জিলাতে পাঁচজন লোকৰ পানীত  ডুবি  মৃত্যু হৈছে।

আনহাতে পাটনা, মুজাফ্ফৰপুৰ, সমস্তিপুৰ আৰু চহৰচাত তিনিজনকৈ লোকৰ মৃত্যু হয়। গয়া, বেগুচৰাই, কাটিহাৰ, বাক্সাৰ, কাইমুৰ, সীতামাঢ়ী আৰু বাঙ্কাই প্ৰতিজনৰ মৃত্যুৰ খবৰ দিছে। উৎসৱৰ অন্তিম দিনটোত ১৮  জন লোকৰ মৃত্যু হয়।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উৎসৱৰ সময়ত ৰাজ্যখনত ৫৩ জন লোকৰ মৃত্যুত ঘটাত শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰিছে। নীতিশ কুমাৰে জিলা দণ্ডাধীশসকলক মৃতকৰ পৰিয়ালক চিনাক্ত কৰিবলৈ আৰু পৰিয়ালবোৰক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

ইফালে,  ষট পূজাৰ সময়ত বিহাৰী বাবুক নিজে আছানচোলত পোৱা নাযায় বুলি অভিযোগ উত্থাপন কৰি তৃণমূলৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ নামত এখন পোষ্টাৰ লগোৱা হৈছে। পোষ্টাৰ খনত  হিন্দী ভাষাত লিখা আছে, " ষট পূজাতো বিহাৰী বাবুৰ সন্ধান পোৱা নাযায়।" স্বাভাৱিকতে পোষ্টাৰ খনে  অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু