--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউৎসৱৰ আনন্দৰ মাজতে  বিহাৰত শোকৰ ছাঁ পৰিছে। চাৰিদিন ধৰি চলি থকা  ষটপূজাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ৫৩ জন লোকৰ সলিল সমাধি ঘটিছে । বিহাৰৰ কেইবাখনো নদীতএনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি  ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) প্ৰকাশ কৰিছে। ইফালে, নীতিশ কুমাৰ চৰকাৰে মৃতকৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।

সমগ্ৰ দেশৰ লগতে বিহাৰতো ধুমধামেৰে  ষট পূজা উদযাপন কৰি থকা হৈছে।  ইয়াৰ মাজতে ৰাজ্য খনৰ  বিভিন্ন প্ৰান্তত পানীত ডুবি কেইবা জনো লোকৰ মৃত্যুৰ খবৰ আহিছে।এতিয়াীলৈকে  মুঠ ৫৩ জন লোকৰ পানীত ডুব মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ মতে ৩০ অক্টোবৰত কেৱল পূৰ্ণিয়া জিলাতে পাঁচজন লোকৰ পানীত  ডুবি  মৃত্যু হৈছে।

আনহাতে পাটনা, মুজাফ্ফৰপুৰ, সমস্তিপুৰ আৰু চহৰচাত তিনিজনকৈ লোকৰ মৃত্যু হয়। গয়া, বেগুচৰাই, কাটিহাৰ, বাক্সাৰ, কাইমুৰ, সীতামাঢ়ী আৰু বাঙ্কাই প্ৰতিজনৰ মৃত্যুৰ খবৰ দিছে। উৎসৱৰ অন্তিম দিনটোত ১৮  জন লোকৰ মৃত্যু হয়।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উৎসৱৰ সময়ত ৰাজ্যখনত ৫৩ জন লোকৰ মৃত্যুত ঘটাত শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰিছে। নীতিশ কুমাৰে জিলা দণ্ডাধীশসকলক মৃতকৰ পৰিয়ালক চিনাক্ত কৰিবলৈ আৰু পৰিয়ালবোৰক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

ইফালে,  ষট পূজাৰ সময়ত বিহাৰী বাবুক নিজে আছানচোলত পোৱা নাযায় বুলি অভিযোগ উত্থাপন কৰি তৃণমূলৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ নামত এখন পোষ্টাৰ লগোৱা হৈছে। পোষ্টাৰ খনত  হিন্দী ভাষাত লিখা আছে, " ষট পূজাতো বিহাৰী বাবুৰ সন্ধান পোৱা নাযায়।" স্বাভাৱিকতে পোষ্টাৰ খনে  অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক