--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃটোপ দি দি নিজেই বৰশীত লাগি ধৰিল বিজেপি। আজিৰ দিনটোতে যে বিহাৰত এনে মহা বিপৰ্য়ৰ সন্মুখীন হ'ব সেয়া হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা বিজেপিৰ কোনো নেতাই কল্পনাই কৰিব পৰা নাছিল। কিন্তু কথাতে আছে নহয় ঠগ-প্ৰৱঞ্চনাৰে বেছিদিন চলিব নোৱাৰি। বিহাৰতো বিজেপিৰ তেনে দশাই হ'ল। বিহাৰৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ৰাজ্য খনৰ বাবে ১.২৫ লাখ কোটি টকাৰ চমকপ্ৰদ পেকেজ। মোদীৰ ঘোষণা শুনি আচৰিত হৈ পৰিছিল বিহাৰবাসীৰ লগতে দেশবাসীও। সকলোৱে কৈছিল'মোদী সঁচাকৈয়ে মহান'

 নিৰ্বাচনৰ পিছত বিজেপিৰ সৈতে জনতা দল (ইউনাইটেড)ৰ সন্মিলিত চৰকাৰ হ'ল। মুখ্যমন্ত্ৰীৰ পদত বহিল জনতা দল (ইউনাইটেড)ৰ নেতা নীতিশ কুমাৰ। চৰকাৰ গঠনৰ পিছত সকলোৱে আশা কৰিছিল যে মোদীয়ে ঘোষণা কৰা ১.২৫ লাখ কোটি টকাৰ পেকেজ বিহাৰে লাভ কৰিব আৰু ৰাজ্য খন প্ৰগতিৰ পথত আগুৱাই যাব। কিন্তু মাহ গুচি বছৰ সৰিল, মোদীৰ  ঘোষমা ঘোষণা হৈয়েই থাকিল। ইয়াৰ মাজতে মুম্বাইৰ আৰটিআই কৰ্মী অনিল গালগালীয়ে 
কেন্দ্ৰীয়  বিত্ত মন্ত্ৰালয়ৰ ওচৰত বিভিন্ন ৰাজ্যলৈ বৃহৎ বিত্তীয় সাহায্য বা উন্নয়নমূলক পেকেজৰ ওপৰত মোডীৰ আশ্বাসৰ বিৱৰণ বিচাৰি আৰটিআই কৰে।

তেওঁ বিভিন্ন ৰাজ্যলৈ বিত্তীয় পেকেজৰ বিষয়ত লোৱা সিদ্ধান্তৰ  বিৱৰণো বিচাৰিছিল।অৱশ্যে, বিত্ত মন্ত্ৰালয়ৰ উপ-সঞ্চালক আনন্দ পাৰমাৰে তথ্য জনাৰ অধিকাৰৰ অধীনত সোধা  প্ৰশ্নৰ পোনপটীয়া উত্তৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।পিছত সেই আবেদনৰ আধাৰতে জনা যায় যে ১৮ আগষ্ট, ২০১৫ ত প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ বাবে ঘোষণা কৰা  প্ৰায় ১,২৫,০০৩ কোটি টকাৰ বিশেষ পেকেজ দৰাচলতে কোনো চৰকাৰীপেকেজ নাছিল। 

অৰ্থাৎ মোদীয়ে বিত্ত বিভাগৰ অনুমোদন অবিহনেই সেই ঘোষণা কৰিছিল। সেইবাবেই আজিলৈকে বিহাৰে মোদীয়ে ঘোষণা কৰা ১.২৫ কোটি টকাৰ ১০০০ টকাও নাপালে। কেৱল সেয়াই নহয়, বিজেপিয়ে ঘোষণা কৰিছিল যে বিহাৰত ১ লাখ নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হ'ব। সেই প্ৰতিশ্ৰুতি ৰক্ষাতো বিজেপি বিফল হ'ল। বহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি বিজেপিয়ে দিয়া আশ্বাসো সময়ত ফুটুকাৰফেন হ'ল। এনেবোৰ কাৰণৰ উপৰি নীতিশ কুমাৰক দিল্লীয়ে মুখ্যমন্ত্ৰী হিচাবে যিমান সমীহ কৰিব লাগিছিল তেনে নকৰিলে। দিল্লীলৈ গৈ নীতিশে কুমাৰে প্ৰায়ে বিফল মনোৰথ হৈ উভতিবলগীয়া হৈছিল। এনেবোৰ কথাৰ লগতে আন কেতবোৰ ৰাজনৈতিক কৰাকেও নীতিশ কুমাৰক বিজেপিৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিছিল। তাৰেই বহিঃপ্ৰকাশ আজি দেখা গ'ল।

নীতিশ কুমাৰে কাইলৈ বিয়লি ৪ বজাত   আৰজেডি আৰু কংগ্ৰেছক সাৰথি কৰি নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নীতিশ কুমাৰক আন সাতটা দলেও সমৰ্থন কৰা বুলি  দাবী কৰা হৈছে। বিজেপিয়ে কৰা প্ৰৱঞ্চনাৰ বাবেই নীতিশৰ দলত বিভাজনৰ আশংকা বাঢ়ি গৈছিল। সেইকাৰণে তেওঁ খৰখেদাকৈ বিজেপি এৰি যোৱাৰ সিদ্ধান্ত লোৱা বুলি বহুতে ক'ব বিচাৰিছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰচিপি সিঙৰ জৰিয়তে বিজেপিয়ে জেডি(ইউ) ভাঙিবলৈ চেষ্টা কৰি আছে বুলি গুঞ্জন উঠিছিল। পূৰ্বতেও বিজেপিৰে জেডিইউৰ সম্পৰ্ক মধুৰ নাছিল।২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছত মোদীয়ে কেন্দ্ৰীয় কেবিনেটত জেডি(ইউ)ক মাত্ৰ এখন আসনহে দিছিল। ইয়াৰ উপৰি বিজেপিয়ে বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাবে উপবিষ্ট কৰোৱা  বিজয় কুমাৰ সিনহাই নিৰন্তৰ ভাৱে নীতিশ চৰকাৰক আক্ৰমণ কৰি গৈছিল। নীতিশে  অধ্যক্ষক আঁতৰাবলৈও প্ৰস্তাৱ দিছিল। কিন্তু বিজেপিয়ে সেয়া শুনা নাছিল।

আনকি বিহাৰত  সংখ্যালঘুসকলৰ আৱেগক আঘাত কৰা বিজেপিৰ ক্ৰমাগত প্ৰকল্পবোৰো নীতিশে সহজভাবে গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ লগতে নীতিশে কেন্দ্ৰই শেহতীয়াকৈ প্ৰৱৰ্তন কৰা অগ্নিপথ প্ৰকল্পৰো তীব্ৰ বিৰোধিতা কৰি আহিছে। এনেবোৰ কাৰকেই বিজেপি-জেডিইউৰ মধুচন্দ্ৰিকাত য'তি পেলালে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement