--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰে সহজতেই মোহিব পাৰে সকলোকে৷বানপানী, মুল্যবৃদ্ধি, সংস্থাপনহীনতা আদিয়ে ৰাজ্যখনক কোঙা কৰি পেলোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ প্ৰশংসাত গদগদ সকলো৷ কিন্তু অসমবাসীৰ দৰে কেন্দ্ৰক ভোল নিয়াব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই৷ 

অসমৰ অধিকাংশ জনতাই হিমন্ত বিশ্বক উৎকৃষ্ট মুখ্যমন্ত্ৰী আখ্যা দিয়ে যদিও  কেন্দ্ৰই  বিমুখ কৰিলে অসমৰ মুখ্যমন্ত্ৰীক৷ অসম চৰকাৰ অসন্তোষজনক প্ৰদৰ্শনৰ বাবে অৱশেষত কেন্দ্ৰই হস্তক্ষেপ কৰিলে ৰাজ্য চৰকাৰৰ বিত্তীয় ক্ষমতাত৷ 

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ শেহতীয়া এক নিদৰ্শনাৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ  বিত্তীয় ক্ষমতা কৰ্তন কৰিলে কেন্দ্ৰয়ে। এতিয়াৰ পৰা উত্তৰ-পূব পৰিষদ, এন এল চি পি আৰ, এন ই এছ আই ডি এছ আদি পুঁজিৰ উপৰিও কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ, বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদ আদিৰ আৰ্থিক পেকেজৰ ধন এতিয়াৰ পৰা ৰাজ্য চৰকাৰে নিজৰ হাতত নাৰাখি উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম, চমুকৈ নেডফিৰ হাতত জমা দিব লাগিব৷

চৰকাৰৰ এনে  নীতি মৌনতাৰে মানি ল’বলৈ বাধ্য হ’ল অসম চৰকাৰ। অসমৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে জাৰি কৰা এখন মেম’ৰেণ্ডামত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয়ে মঞ্জুৰি দিয়া যি সমূহ পুঁজি ৰাজ্যৰ ৰাজকোষত মজুত আছে তথা বকেয়া বিল পৰিশোধৰ প্ৰক্ৰিয়া চূড়ান্ত হৈছে সেইসমূহ পুঁজি পুৰণি পদ্ধতিৰেই ব্যয় কৰিব পাৰিব৷ কিন্তু কাম-কাজ আৰম্ভ নোহোৱা  আঁচনি সমূহৰ সমস্ত পুঁজি ৰাজ্য চৰকাৰে  কেন্দ্ৰীয় ন’ডেল সংস্থালৈ মুকলি কৰি দিব লাগিব । 

পূৰ্বতে ন’ডেল মন্ত্ৰালয়ৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ পুঁজি ৰাজ্য চৰকাৰৰ ৰাজকোষত জমা হৈছিল আৰু ৰাজ্য চৰকাৰে বিভিন্ন চৰকাৰী বিভাগৰ জৰিয়তে সেইবোৰ ৰূপায়নৰ কাম হাতত লৈছিল৷  ব্যয় হোৱা পুঁজিৰ প্ৰমাণ পত্ৰ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰিব লাগিছিল ৰাজ্য চৰকাৰে৷ কিন্তু বৰ্তমান চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো ক্ষমতা কৰ্তন কৰি নেডফিৰ হাততহে অৰ্পণ কৰিলে৷ বিভিন্ন আঁচনিৰ বাবে ৰাজ্য চৰকাৰক পুঁজি প্ৰদান কৰা হ’ব যদিও সেই পুঁজি ব্যৱহাৰৰ অধিকাৰ নাথাকিব ৰাজ্য চৰকাৰৰ৷ কেন্দ্ৰৰ এনে সিদ্ধান্ত এতিয়া বিনা প্ৰতিবাদে মানি ল’বলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰে৷ 

মন কৰিবলগীয়া কথা এইয়ে যে ,বছৰ -বছৰ ধৰি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় পুঁজিৰ আবন্টন লাভ কৰি আহিছে যদিও এই পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। আনকি বহু বছৰ ধৰি ৰাজ্য চৰকাৰে কাম-কাজ সমূহৰ ব্যৱহাৰিক খৰছৰ প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই৷ ইয়াৰোপৰি কেন্দ্ৰীয় পুঁজিৰ বিপৰীতে ৰাজ্যিক অংশও মোকলাই দিয়া নাই। সেইবাবে অৱশেষত এনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। 

হিমন্ত বিশ্বৰ চৰকাৰখনৰ বিৰুদ্ধে ভাৰতৰ মহানিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনতো অসম চৰকাৰৰ হতাশাজনক ভূমিকা আৰু বিত্তীয় বিশৃংখলতাক লৈ একাধিকবাৰ ওজৰ- আপত্তি প্ৰকাশ পাইছে৷ ২০২০-২১ চনত অসম চৰকাৰে কেন্দ্ৰৰ পৰা লাভ কৰা ২১ হেজাৰ কোটি টকাৰো হিচাপ আজিলৈকে দাখিল কৰিব পৰা নাই৷ সেয়ে অৱশেষত  আওপকীয়াকৈ  নেডফিৰ হাতত ৰাজ্য চৰকাৰৰ বিত্তীয় ক্ষমতা অৰ্পণৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰখনে৷

বৰ্তমান ৰাজ্য চৰকাৰ ১ লাখ ১২ হাজাৰ কোটি টকাৰ ঋণত পোত গৈ আছে। এইখিনিতেই স্পষ্ট হৈ পৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ প্ৰকৃত ছবিখন ৷ লগতে মুখ্যমন্ত্ৰীৰ দক্ষতাক লৈয়ো সন্দেহৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী জনৰ অদূৰদৰ্শিতাৰ ফল ভোগ কৰিব লাগিব এতিয়া অসমবাসীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement