--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্ষা বন্ধন  উৎসৱক লৈ সমগ্ৰ দেশতে আনন্দৰ বন্যা বৈ গৈছে। এনে সময়তে  সমগ্ৰ দেশতে  এটা ৰাখীকলৈ বেছ  চৰ্চা  হৈছে।  মধ্য প্ৰদেশৰ ভিন্দ ত সাজি উলিওৱা হৈছে এটা বিশাল আকৃতিৰ ৰাখী।   পৃথিৱীৰ সৰ্ববৃহৎ ৰাখী হিচাবে পৰিচিত হৈ পৰা এই ৰাখীটোৱে এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাখী হিচাবে গীনিজ বুকত নাম অন্তৰ্ভুক্ত  কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

সমাজকৰ্মী আৰু বিজেপি নেতা অশোক ভৰদ্বাজে নিৰ্মাণ কৰি উলিয়াইছে এই বিশাল আকৃতিৰ ৰাখীটো। এই ৰাখীটোৰ নাম গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ব বুলি ভৰদ্বাজে প্ৰকাশ কৰিছে।তেওঁ কয় যে ৰাখীটো প্ৰস্তুত কৰিবলৈ বাহিৰৰ পৰা ১২ জনৰো অধিক শিল্পীক  অনা হৈছে। 

 বিজেপি কৰ্মীসকলেও  ৰাখী নিৰ্মাণত সহযোগিতা কৰি আছে।   এই ৰাখীটো  ২০ ফুট দীঘল হ’ব । এই ৰাখী সৃষ্টিৰ পিছত ই বিশ্বৰ সৰ্ববৃহৎ ৰাখী হ'ব বুলি ভৰদ্বাজে প্ৰকাশ কৰে। ইতিমধ্যে গীনিজ বুক কৰ্তৃপক্ষই তেওঁৰ সৈতে যোগাযোগ কৰা বুলিও ভৰদ্বাজে প্ৰকাশ কৰে। 

ৰাখীটো   কাৰ্ডবোৰ্ড, কাঠ আৰু কাপোৰেৰে তৈয়াৰ কৰা হৈছে। আকৰ্ষণীয় ডিজাইন আৰু ৰঙত প্ৰস্তুত কৰা  এই ৰাখীৰ ব্যাস ২৫  ফুট হ'ব।  

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা৷ পূৰ্ণিমা তিথি ৩০ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই পূৰ্ণিমাতে ৰক্ষা বন্ধন  বা ৰাখী বন্ধন উৎসৱ উদযাপন কৰা হ'ব। পূৰ্ণিমা তিথি ৩০ আগষ্টৰ পুৱা ১০.৪৮ বজাত আৰম্ভ হ'ব আৰু ৩১ আগষ্টৰ পুৱা ৭.০৬ বজালৈকে চলিব। পঞ্জিকা  অনুসৰি ৰাখী বান্ধিবলৈ শুভ সময় হৈছে ৩০  আগষ্টৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ। ৩১ আগষ্টৰ সূৰ্যোদয়ৰ পৰা পুৱা ০৭.০৫ বজালৈ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন