--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ অৰ্থ ব্যৱস্থাত ঘৰুৱা উপভোগৰ অৱদান হ'ল ৬১%। তেওঁ কয় যে দেশৰ অৰ্থনীতি প্রায় ৩৩০ লাখ কোটি টকাৰ। ইয়াতে উপভোগৰ অংশ হ'ল ২০২ লাখ কোটি টকা।

ডিজিটেল ডেস্ক : সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) হাৰ ৫% আৰু ১৮% কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ ৰাজহ লোকচান হ'ব বুলি প্রকাশ পাইছে। ইয়াৰ বিপৰীতে দেশৰ অৰ্থনীতিৰ বৃহৎ পৰিমাণৰ লাভ হ'ব বুলি কোৱা হৈছে। 


কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰা মতে, জি এছ টিৰ দৰ সংশোধন কৰাৰ পাছত দেশৰ অৰ্থনীতিৰ প্ৰায় ২০ লাখ কোটি টকা লাভহ'ব। বৈষ্ণৱে কয় যে জি এছ টিৰ হাৰ সংশোধনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা ৫০% শুল্কৰ কোনো সম্পর্ক নাই। তেওঁ কয় যে আয়কৰ ৰেহাইৰ লগতে জি এছ টিৰ হাৰ সংশোধনে ভাৰতীয় অর্থনীতিক এক নতুন মাত্রা দিব। তেওঁ কয় যে জি এছ টিৰ হাৰ সংশোধনৰ কাম আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ আগতে অৰ্থাৎ প্রায় ডেৰ বছৰৰ আগৰ পৰা আৰম্ভ কৰা হৈছিল। 


তেওঁ কয় যে দেশৰ অৰ্থনীতি উপভোগৰ ওপৰত নিৰ্ভৰশীল বুলি সকলোৱে জানে। দেশৰ অৰ্থ ব্যৱস্থাত ঘৰুৱা উপভোগৰ অৱদান হ'ল ৬১%। তেওঁ কয় যে দেশৰ অৰ্থনীতি প্রায় ৩৩০ লাখ কোটি টকাৰ। ইয়াতে উপভোগৰ অংশ হ'ল ২০২ লাখ কোটি টকা। যদি জি এছ টিৰ হাৰ সংশোধনৰ পাছত দেশত উপভোগ দহ শতাংশও বৃদ্ধি পায়, তেতিয়াও দেশৰ অৰ্থনীতিলৈ অতিৰিক্ত অৱদান হ'ব প্রায় ২০ লাখ কোটি টকা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ