--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংসদ হিচাপে শপত ল’বলৈ উটৰ পিঠিত উঠি সংসদলৈ যাত্ৰা কৰিলে  ৰাজকুমাৰ ৰ’ট নামৰ বিএপিৰ সাংসদগৰাকীয়ে। এটা সময় আছিল যেতিয়া অটল বিহাৰী বাজপেয়ীয়ে তেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ  ম’হৰ গাড়ীত উঠি সংসদলৈ আহিছিল। সেয়াই হয়তো  আৰম্ভণি আছিল। ইয়াৰ পিছত বহু সাংসদে  প্ৰতিবাদত নতুনত্ব আনিবলৈ  কেতিয়াবা ট্ৰেক্টৰ বা চাইকেল চলাই সংসদলৈ আহিছিল। কিন্তু  ৰাজস্থানৰ  সাংসদৰাজকুমাৰে কোনো  প্ৰতিবাদ কৰিবলৈ  নহয়, মৰুভূমিৰ ঐতিহ্যক মানুহৰ চকুত  উজ্জ্বল কৰি তুলিবলৈ সংসদলৈ  উট উঠি  আহিছিল। কিন্তু তেওঁৰ সেই যাত্ৰা সুখকৰ নহ’ল। সংসদত  উপস্থিত হোৱাৰ  পূৰ্বেই তেওঁক দিল্লী আৰক্ষীয়ে উটৰ পৰা নমাই  দিয়ে। ৰাজস্থানৰ বনস্বৰা সমষ্টিৰ সাংসদ  ৰাজকুমাৰ ৰ’ট এই ঘটনাত অতিশয় ক্ষুব্ধ হৈ পৰে।


লোকসভা নিৰ্বাচনত ৰাজস্থানৰ  বনস্বৰা   সমষ্টিৰ পৰা ভাৰতীয় আদিবাসী পাৰ্টিৰ  টিকটত সাংসদ হৈ দিল্লীলৈ আহিছে ৰাজকুমাৰ ৰ’ট। লোকসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা সংসদ ভৱনত উপস্থিত হ’বলৈ তেওঁ কিছু নতুন পৰিকল্পনা কৰিছিল।  মঙলবাৰে পুৱা দিল্লীবাসীয়ে ৰাজধানীৰ ব্যস্ত ৰাজপথত সুন্দৰ পোছাক পিন্ধি উটত উঠি যোৱা এজন লোকক দেখিবলৈ পায়। ব্যস্ত পথত এনে ‘উট যাত্ৰা’ৰ ফলত যান-জঁটৰ সৃষ্টি হয়। বিষয়টো লক্ষ্য কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। লগে লগে উটটো ৰখাই সাংসদজনক উটৰ  পিঠিৰ পৰা নমাই  দিয়া হয়। এই ঘটনাত ক্ষুব্ধ হৈ পৰা ৰাজকুমাৰে আৰক্ষী বিষয়াৰ সৈতে কাজিয়াতো লিপ্ত হয়।  কিন্তু  বিশেষ একো ফল নধৰিলে। সংসদ  ভৱন চৌহদত কোনো জীৱ-জন্তুৰ প্ৰৱেশৰ  অনুমতি নাই বুলি কৈ  আৰক্ষীয়ে তেওঁক উটৰ পিঠিৰ পৰা নমাই দিয়ে।   সাংসদগৰাকীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে যদি ম’হৰ গাড়ীত উঠি সংসদলৈ যাব পাৰে, তেন্তে তেওঁ কিয় যাব নোৱাৰিব? দিল্লী আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা সাংসদগৰাকীয়ে  কয় যে তেওঁ এই ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব। অৱশ্যে সংসদত উপস্থিত হোৱাৰ বহু আগতেই ৰাজকুমাৰে উটৰ যাত্ৰা বন্ধ কৰিবলগীয়া হয়।


অৱশ্যে সংসদ চৌহদত এনে নজিৰ নতুন নহয়। ১৯৭৩ চনত জনসংঘৰ সভাপতি অটল বিহাৰী বাজপেয়ীয়ে ইন্দিৰা গান্ধীৰ শাসনকালত গাড়ী পৰিত্যাগ কৰি ম’হৰ গাড়ীত উঠি সংসদলৈ গৈ তেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিল। সেই ঘটনাক লৈ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে ৰাজস্থানৰ বাওঁপন্থী সাংসদ অমৰৰামে  এখন ট্ৰেক্টৰত উঠি সংসদত হাজিৰ হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰাক্তন সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ পৰা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীলৈকে বহু সাংসদে চাইকেলেৰে সংসদত হাজিৰ হোৱা দেখা গৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement