--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাস্তিৰ পৰা হয়তো সাৰি নাযায় ভাৰতীয়  কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিং।  দিল্লীৰ ৰাউজ এভিনিউ আদালতত ভাৰতীয়  কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আজি চৰকাৰীভাবে  অভিযোগ প্ৰস্তুত কৰা হয়। ব্ৰিজ ভূষণৰ বিৰুদ্ধে মুঠ ছটা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে এটা গোচৰ খাৰিজ কৰা হৈছিল। বাকী পাঁচটা গোচৰৰ অভিযোগ মঙলবাৰে  আদালতত দাখিল কৰা হয়। উল্লেখ্য দেশৰ কেইবাগৰাকীও  শীৰ্ষ মহিলা মল্লযোদ্ধাই ভাৰতীয়  কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। 

প্ৰথমতে দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে গোচৰ  গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল। মল্লযোদ্ধাসকলে ব্ৰিজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত   অৱস্থান ধৰ্মঘট  কৰিছিল। পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে  এজাহাৰ পঞ্জীয়ন কৰিছিল আৰু তদন্ত আৰম্ভ কৰিছিল। দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মহিলাক উৎপীড়ন চলোৱা, যৌন নিৰ্যাতন, ভাবুকি প্ৰদানকে ধৰি কেইবাটাও অভিযোগত অভিযোগনামা দাখিল কৰিছিল।

  ব্ৰিজ ভূষণ আৰু তেওঁৰ সহায়ক বিনোদ তোমাৰ মঙলবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত উপস্থিত আছিল। অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ প্ৰিয়ংকা ৰাজপুতে ব্ৰিজ ভূষণক নিজকে ৰক্ষা কৰাৰ সুযোগ দিছিল। তেওঁ এয়াও জানিব বিচাৰে যে তেওঁ দোষ স্বীকাৰ কৰে নেকি। ব্ৰিজ ভূষণ আৰু বিনোদে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো অপৰাধ কৰা নাই। তেওঁলোক নিৰ্দোষী। বিচাৰকে  তেতিয়া অভিযোগ প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। ব্ৰিজ ভূষণৰ গৃহ সমষ্টি কাইজাৰগঞ্জৰ ভোটগ্ৰহণৰ  এদিন পিছত এইটো ঘটিছিল। বিজেপিয়ে এইবাৰ ব্ৰিজ ভূষণৰ পৰিৱৰ্তে তেওঁৰ পুত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু