--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাস্তিৰ পৰা হয়তো সাৰি নাযায় ভাৰতীয়  কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিং।  দিল্লীৰ ৰাউজ এভিনিউ আদালতত ভাৰতীয়  কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আজি চৰকাৰীভাবে  অভিযোগ প্ৰস্তুত কৰা হয়। ব্ৰিজ ভূষণৰ বিৰুদ্ধে মুঠ ছটা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে এটা গোচৰ খাৰিজ কৰা হৈছিল। বাকী পাঁচটা গোচৰৰ অভিযোগ মঙলবাৰে  আদালতত দাখিল কৰা হয়। উল্লেখ্য দেশৰ কেইবাগৰাকীও  শীৰ্ষ মহিলা মল্লযোদ্ধাই ভাৰতীয়  কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। 

প্ৰথমতে দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে গোচৰ  গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল। মল্লযোদ্ধাসকলে ব্ৰিজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত   অৱস্থান ধৰ্মঘট  কৰিছিল। পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে  এজাহাৰ পঞ্জীয়ন কৰিছিল আৰু তদন্ত আৰম্ভ কৰিছিল। দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে মহিলাক উৎপীড়ন চলোৱা, যৌন নিৰ্যাতন, ভাবুকি প্ৰদানকে ধৰি কেইবাটাও অভিযোগত অভিযোগনামা দাখিল কৰিছিল।

  ব্ৰিজ ভূষণ আৰু তেওঁৰ সহায়ক বিনোদ তোমাৰ মঙলবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত উপস্থিত আছিল। অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ প্ৰিয়ংকা ৰাজপুতে ব্ৰিজ ভূষণক নিজকে ৰক্ষা কৰাৰ সুযোগ দিছিল। তেওঁ এয়াও জানিব বিচাৰে যে তেওঁ দোষ স্বীকাৰ কৰে নেকি। ব্ৰিজ ভূষণ আৰু বিনোদে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো অপৰাধ কৰা নাই। তেওঁলোক নিৰ্দোষী। বিচাৰকে  তেতিয়া অভিযোগ প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। ব্ৰিজ ভূষণৰ গৃহ সমষ্টি কাইজাৰগঞ্জৰ ভোটগ্ৰহণৰ  এদিন পিছত এইটো ঘটিছিল। বিজেপিয়ে এইবাৰ ব্ৰিজ ভূষণৰ পৰিৱৰ্তে তেওঁৰ পুত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ