--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ  মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী সম্বিত পাত্ৰই ভগৱান জগন্নাথকলৈ কৰা এক  মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  । ইয়াৰ পিছতে   মঙলবাৰে তেওঁ "জিভা পিছলি " কৰা মন্তব্যৰ বাবে  ক্ষমা বিচাৰিছে।  তেনে ভুলৰ সংশোধনৰ বাবে তেওঁ তিনিদিনীয়া উপবাস পালন কৰিব বুলিও ঘোষণা কৰিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বতে টুইটাৰ)ৰ জৰিয়তে পাত্ৰই কয়, "জিভা পিছলি যোৱাৰ বাবে কৰা অনিচ্ছাকৃত মন্তব্যৰ বাবে অনুতাপ কৰিবলৈ মই তিনি দিনৰ বাবে উপবাস পালন কৰিম,"।  পাত্ৰই লগতে  কয়, "মহাপ্ৰভু শ্ৰী জগন্নাথ  সন্দৰ্ভত কৰা মোৰ মন্তব্যৰ  বাবে মই গভীৰভাৱে দুঃখিত। মই মহাপ্ৰভু শ্ৰী জগন্নাথৰ ভৰিত পৰি নমস্কাৰ জনাইছো আৰু ক্ষমা বিচাৰিছো," ।  

 সোমবাৰে এটা স্থানীয় দূৰদৰ্শন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত পাত্ৰই কৈছিল  যে ভগৱান জগন্নাথো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভক্ত । পাত্ৰৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।  শাসনাধিষ্ঠিত বিজু জনতা দলে (বিজেডি) ইয়াক  ভগৱান জগন্নাথৰ অপমান বুলি কৈছিল। 

বিজেডিয়ে কয় "প্ৰভু হৈছে ওড়িয়া অস্মিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতীক। মহাপ্ৰভুক  এজন মানুহৰ ভক্ত বুলি কোৱাটো  গ্ৰহণযোগ্য নহয়। বিজেপিৰ পুৰী লোকসভাৰ প্ৰাৰ্থীয়ে দিয়া মন্তব্যক তীব্ৰ গৰিহণা দিছো, আৰু  বিজেপিক প্ৰভুক সকলো ৰাজনৈতিক আলোচনাৰ উৰ্ধত ৰাখিবলৈ অনুৰোধ জনাইছো। বিজেপিয়ে ওড়িয়া অস্মিতাক গভীৰভাৱে আঘাত কৰিছে, আৰু ইয়াক ওড়িশাৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি মনত ৰাখিব তথা  নিন্দা কৰিব,"।পাত্ৰৰ মন্তব্যক  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গৰিহণা দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ