--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ  মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী সম্বিত পাত্ৰই ভগৱান জগন্নাথকলৈ কৰা এক  মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  । ইয়াৰ পিছতে   মঙলবাৰে তেওঁ "জিভা পিছলি " কৰা মন্তব্যৰ বাবে  ক্ষমা বিচাৰিছে।  তেনে ভুলৰ সংশোধনৰ বাবে তেওঁ তিনিদিনীয়া উপবাস পালন কৰিব বুলিও ঘোষণা কৰিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বতে টুইটাৰ)ৰ জৰিয়তে পাত্ৰই কয়, "জিভা পিছলি যোৱাৰ বাবে কৰা অনিচ্ছাকৃত মন্তব্যৰ বাবে অনুতাপ কৰিবলৈ মই তিনি দিনৰ বাবে উপবাস পালন কৰিম,"।  পাত্ৰই লগতে  কয়, "মহাপ্ৰভু শ্ৰী জগন্নাথ  সন্দৰ্ভত কৰা মোৰ মন্তব্যৰ  বাবে মই গভীৰভাৱে দুঃখিত। মই মহাপ্ৰভু শ্ৰী জগন্নাথৰ ভৰিত পৰি নমস্কাৰ জনাইছো আৰু ক্ষমা বিচাৰিছো," ।  

 সোমবাৰে এটা স্থানীয় দূৰদৰ্শন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত পাত্ৰই কৈছিল  যে ভগৱান জগন্নাথো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভক্ত । পাত্ৰৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।  শাসনাধিষ্ঠিত বিজু জনতা দলে (বিজেডি) ইয়াক  ভগৱান জগন্নাথৰ অপমান বুলি কৈছিল। 

বিজেডিয়ে কয় "প্ৰভু হৈছে ওড়িয়া অস্মিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতীক। মহাপ্ৰভুক  এজন মানুহৰ ভক্ত বুলি কোৱাটো  গ্ৰহণযোগ্য নহয়। বিজেপিৰ পুৰী লোকসভাৰ প্ৰাৰ্থীয়ে দিয়া মন্তব্যক তীব্ৰ গৰিহণা দিছো, আৰু  বিজেপিক প্ৰভুক সকলো ৰাজনৈতিক আলোচনাৰ উৰ্ধত ৰাখিবলৈ অনুৰোধ জনাইছো। বিজেপিয়ে ওড়িয়া অস্মিতাক গভীৰভাৱে আঘাত কৰিছে, আৰু ইয়াক ওড়িশাৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি মনত ৰাখিব তথা  নিন্দা কৰিব,"।পাত্ৰৰ মন্তব্যক  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গৰিহণা দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু