--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্নভাণ্ডাৰকলৈ কৌতূহলৰ অন্ত নাই। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত  নিৰ্বাচনী প্ৰচাৰৰ সময়ত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ শুনা গ’ল।  জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ খুলিব নোৱাৰাৰ প্ৰসংগত মোদী সৰব হৈ পৰা পৰিলক্ষিত হ’ল।  জগন্নাথ মন্দিৰৰ  গোপন ৰত্ন ভাণ্ডাৰত সাতটা কোঠা আছে। সেই কোঠাবোৰ ঠাহ খাই আছে মূল্যৱান ৰত্ন আৰু  গহনাৰে। সেই ৰত্ন আৰু গহণা দ্বাদশ শতিকাৰ বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ধনভাণ্ডাৰ শেষবাৰৰ বাবে ১৯৭৮ চনত মুকলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা  শপতনামাত মন্দিৰ কৰ্তৃপক্ষই কৈছিল যে মন্দিৰটোত ১৫০ কিলোগ্ৰাম সোণ আৰু ১৮৪ কিলোগ্ৰাম ৰূপ আছে। 

১৯৭০ ৰ দশকৰ শেষৰ ফালে সকলো অলংকাৰ গণনা কৰা হৈছিল।  পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ  ১৯৭৮ চনত এবাৰ  খোলা হৈছিল। ১৯৮৪  চনত জগন্নাথৰ মূৰত থকা গহনা  ভাঙি যোৱাৰ পিছত  অন্তিমবাৰৰ বাবে ৰত্ন ভাণ্ডাৰ খোলা হৈছিল। সেই সময়ত ৰত্ন ভাণ্ডাৰৰ পৰা  পৰা জগন্নাথৰ মুকুটৰ বাবে  কিছু  সোণ লোৱা হৈছিল। তাৰ পিছত ৰত্ন ভাণ্ডাৰটো খোলাৰ কোনো প্ৰয়োজন হোৱা নাছিল।

ৰত্ন ভাণ্ডাৰত প্ৰায় ১৫০ বিধ  সোণৰ অলংকাৰ আছে, যাৰ ভিতৰত আছে জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ সোণৰ মুকুট। ৰত্ন ভাণ্ডাৰত থকা সম্পদৰ  তালিকা তৈয়াৰ হোৱাৰ প্ৰায় ১০০ বছৰ পাৰ হৈ গৈছে। অৱশ্যে ইয়াৰ মাজতে অলংকাৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। অলংকাৰৰ সঠিক পৰিমাণ এতিয়া অস্পষ্ট,  কিয়নো বহু বছৰ ধৰি ৰত্ন ভাণ্ডাৰত কোনেও প্ৰৱেশ কৰিব পৰা নাই।  ৰত্ন ভাণ্ডাৰৰ মাত্ৰ ১০ শতাংশ  গহনাহে ভগৱান জগন্নাথক পৰিধান কৰোৱা হৈছে। ২০১৮  চনত ওড়িশা উচ্চ ন্যায়ালয়ে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)বিভাগক ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খুলি ৰত্ন ভাণ্ডাৰৰ মজিয়া, চাল আৰু দেৱালৰ অৱস্থা পৰীক্ষা কৰিবলৈ  অনুমতি দিছিল। অৱশ্যে  ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ, ওড়িশা চৰকাৰ আৰু জগন্নাথ মন্দিৰৰ প্ৰতিনিধিসকলে ৰত্ন ভাণ্ডাৰত উপস্থিত হ'ব নোৱাৰিলে।

 তেতিয়াই জনা গৈছিল যে ৰত্ন ভাণ্ডাৰৰ  চাবি  হেৰাইছে । পুৰীত ভগৱান জগন্নাথৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰৰ তলা  খুলিবলৈ মুঠ ৩ পাত  চাবিৰ প্ৰয়োজন। এপাত  চাবি গজপতি ৰজাৰ সৈতে, এপাত  চাবি মন্দিৰৰ পৰিচালনা সমিতিৰ ওচৰত  থাকে। তৃতীয় চাবিপাত  পুৰীৰ জিলা দণ্ডাধীশৰ দায়িত্বত আছে। এই তৃতীয় চাবিপাতেই হেৰাইছে। সেইবাবেই আদালতৰ অনুমতিৰ পিছতো পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খুলিব পৰা হোৱা নাই।
প্ৰধানমন্ত্ৰীয়ে তৃতীয় চাবিপাত  হেৰুওৱাৰ ৰহস্যৰ বিষয়ত  প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত ওড়িশাৰ বিজেডি চৰকাৰৰ ভূমিকাকলৈ মোদীয়ে সন্দেহ প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ