--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ছিকিমত ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰাৰ সময়তে  কেইবাটাও পথত ভূমিস্খলন ঘটাৰ বাতৰি আহিছে। ফলত  কমেও ২,০০০ পৰ্যটক ছিকিমত আৱদ্ধ হৈ পৰিছে। উল্লেখ্য মৌচুমী বায়ুয়ে  ইতিমধ্যে উত্তৰ ছিকিমত প্ৰৱেশ কৰিছে। ফলস্বৰূপে সমগ্ৰ এলেকাটোত আৰম্ভ হৈছে  ধাৰাসাৰ বৰষুণ। 

বৰষুণৰ ফলত  ছিকিমৰ  কেইবাখনো পাহাৰীয়া নদী প্লাবিত হৈছে। বহু পথ পানীৰে ওপচি পৰিছে। একেদৰে  কেইবাঠাইতো ভূমিস্খলন হৈছে। ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত লাচুং, লাচেন আৰু য়ুমথাঙৰ সৈতে পথ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ভূমিস্খলনৰ ফলত পেগঙৰ  পথটো বন্ধ হৈ পৰিছে । মাংগোনৰ পৰা চুংথাংলৈ যোৱা পথটোও এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।  থুলা, চাংগুৰ মাজেৰে বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 

সেনাই আৱদ্ধ যাত্ৰীসকলৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। যুদ্ধকালীন পৰিস্থিতিত ৰাস্তা পৰিষ্কাৰ কৰাৰ কাম  চলি আছে। কিন্তু নিৰন্তৰ বৰষুণে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাইছে। যদিও ছিকিমৰ বহুতো অঞ্চলত পৰ্যটকৰ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে।  শেহতীয়াকৈ ভূমিস্খলনত সাতজন পৰ্যটকৰ প্ৰাণ হেৰুওৱাৰ পিছতপৰ্যটকৰ  সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছে। অলপতে  ৪০  জন পৰ্যটক তুষাৰপাতত আৱদ্ধ হৈ পৰিছিল। তেওঁলোকক ভাৰতীয় সেনা আৰু সীমান্ত পথ সংস্থাই (বিআৰঅ') উদ্ধাৰ কৰিছিল। প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ পৰ্যটকসকলক উদ্ধাৰ কৰিবলৈ সেনা আৰু বিআৰঅ'য়ে চলিত বছৰত পঞ্চমবাৰৰ বাবে অভিযান আৰম্ভ কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement