--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। মাওবাদীৰ বিৰুদ্ধে শেহতীয়া এক  অভিযানত সুৰক্ষা বাহিনীয়ে এক ডাঙৰ সফলতা অৰ্জন কৰিছে।  ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। গংগালুৰ অঞ্চলৰ পেদিয়া অৰণ্যত মাওবাদীৰে নিৰাপত্তা বাহিনীৰ  সংঘৰ্ষ হয়।  ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে যুটীয়া বাহিনীৰ অভিযানত ১২ জন মাওবাদীৰ মৃত্যুৰ কথা ঘোষণা কৰে। চলিত বৰ্ষত  মাত্ৰ পাঁচ মাহত ছত্তীশগড়ত ১০০ তকৈও অধিক মাওবাদী নিহত হৈছে ।
  
নিৰাপত্তা বাহিনীৰ  সূত্ৰই জনোৱা অনুসৰি  গংগালুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পেদিয়া বনাঞ্চলত লিঙ্গা আৰু পাপাৰাওকে ধৰি শীৰ্ষ মাওবাদী নেতা কেইজনমান লুকাই থকা বুলি   তথ্য লাভ কৰাৰ পিছতে অভিযান আৰম্ভ কৰা হৈছিল। এছটিএফ, চিআৰপিএফ, ডিআইজি আৰু কোব্ৰা বেটেলিয়নে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত মাওবাদীসকলে যুটীয়া বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। সংঘৰ্ষৰ অন্তত  12 জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা  হৈছে। নিহত মাওবাদীসকলৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।

চলিত বৰ্ষৰ এপ্ৰিললৈকে ছত্তীশগড়ত ৯১ জন মাওবাদী নিহত হৈছে। শেহতীয়া অভিযানৰ সফলতাৰ পিছত মাওবাদীৰ মৃত্যুৰ সংখ্যা ১০৩ ত উপনীত হৈছে।  তথ্য অনুসৰি ২০১৮ চনত ৰাজ্যখনত ১১২ জন মাওবাদী নিহত হৈছিল। ২০১৬  চনত ১৩৪  জন মাওবাদী নিহত হৈছিল। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে জোৱানসকলক এনে সফলতাৰ  বাবে অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীয়ে কয় "এই সাফল্যৰ বাবে নিৰাপত্তা বাহিনীক মোৰ অভিনন্দন। ক্ষমতালৈ অহাৰ পিছত, আমি মাওবাদক  দৃঢ় হাতেৰে দমন কৰিবলৈ চেষ্টা চলাই আছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদক উৎখাত কৰিব বিচাৰে। এয়া টুইন ইঞ্জিনৰ ফলাফল।’’

মাওবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান ১৬ এপ্ৰিলত ছত্তীশগড়ৰ কাঙ্কেৰ জিলাত চলোৱা হৈছিল। সেই সময়ত নিৰাপত্তা বাহিনীৰ অভিযানত ২৯ জন মাওবাদী  নিহত হৈছিল। তেওঁলোকৰ ভিতৰত শীৰ্ষ মাওবাদী নেতা শংকৰ ৰাও আছিল।সংঘৰ্ষত  দুজন সৈনিকো আহত হৈছিল। মাওবাদীৰ পৰা একে-৪৭কে ধৰি বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। ৩০ এপ্ৰিলত আন এক অভিযানত ১০ জন মাওবাদী নিহত হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু