--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। মাওবাদীৰ বিৰুদ্ধে শেহতীয়া এক  অভিযানত সুৰক্ষা বাহিনীয়ে এক ডাঙৰ সফলতা অৰ্জন কৰিছে।  ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। গংগালুৰ অঞ্চলৰ পেদিয়া অৰণ্যত মাওবাদীৰে নিৰাপত্তা বাহিনীৰ  সংঘৰ্ষ হয়।  ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে যুটীয়া বাহিনীৰ অভিযানত ১২ জন মাওবাদীৰ মৃত্যুৰ কথা ঘোষণা কৰে। চলিত বৰ্ষত  মাত্ৰ পাঁচ মাহত ছত্তীশগড়ত ১০০ তকৈও অধিক মাওবাদী নিহত হৈছে ।
  
নিৰাপত্তা বাহিনীৰ  সূত্ৰই জনোৱা অনুসৰি  গংগালুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পেদিয়া বনাঞ্চলত লিঙ্গা আৰু পাপাৰাওকে ধৰি শীৰ্ষ মাওবাদী নেতা কেইজনমান লুকাই থকা বুলি   তথ্য লাভ কৰাৰ পিছতে অভিযান আৰম্ভ কৰা হৈছিল। এছটিএফ, চিআৰপিএফ, ডিআইজি আৰু কোব্ৰা বেটেলিয়নে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত মাওবাদীসকলে যুটীয়া বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। সংঘৰ্ষৰ অন্তত  12 জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা  হৈছে। নিহত মাওবাদীসকলৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।

চলিত বৰ্ষৰ এপ্ৰিললৈকে ছত্তীশগড়ত ৯১ জন মাওবাদী নিহত হৈছে। শেহতীয়া অভিযানৰ সফলতাৰ পিছত মাওবাদীৰ মৃত্যুৰ সংখ্যা ১০৩ ত উপনীত হৈছে।  তথ্য অনুসৰি ২০১৮ চনত ৰাজ্যখনত ১১২ জন মাওবাদী নিহত হৈছিল। ২০১৬  চনত ১৩৪  জন মাওবাদী নিহত হৈছিল। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে জোৱানসকলক এনে সফলতাৰ  বাবে অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীয়ে কয় "এই সাফল্যৰ বাবে নিৰাপত্তা বাহিনীক মোৰ অভিনন্দন। ক্ষমতালৈ অহাৰ পিছত, আমি মাওবাদক  দৃঢ় হাতেৰে দমন কৰিবলৈ চেষ্টা চলাই আছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদক উৎখাত কৰিব বিচাৰে। এয়া টুইন ইঞ্জিনৰ ফলাফল।’’

মাওবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান ১৬ এপ্ৰিলত ছত্তীশগড়ৰ কাঙ্কেৰ জিলাত চলোৱা হৈছিল। সেই সময়ত নিৰাপত্তা বাহিনীৰ অভিযানত ২৯ জন মাওবাদী  নিহত হৈছিল। তেওঁলোকৰ ভিতৰত শীৰ্ষ মাওবাদী নেতা শংকৰ ৰাও আছিল।সংঘৰ্ষত  দুজন সৈনিকো আহত হৈছিল। মাওবাদীৰ পৰা একে-৪৭কে ধৰি বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। ৩০ এপ্ৰিলত আন এক অভিযানত ১০ জন মাওবাদী নিহত হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ