--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিয়েক প্ৰজ্জ্বল ৰেভান্নাই বহু মহিলাক কৰা  যৌন নিৰ্যাতনৰ  ভিডিঅ'  ৰাজহুৱা কৰা বিজেপিৰ এজন নেতা এতিয়া নিজেই জড়িত হৈ পৰিছে যৌন কেলেংকাৰীত।  বিজেপি নেতা  দেৱৰাজ গৌড়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক প্ৰথমে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে। 

এগৰাকী ৩৬ বছৰীয়া মহিলাই দাখিল কৰা অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বিজেপি নেতাজনৰ বিৰুদ্ধে ১ এপ্ৰিলতে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। কিন্তু পলমকৈহে তেওঁৰ ঘটনাটো  পোহৰলৈ আহিছে। বাংগালুৰুৰ পৰা চিত্ৰদুৰ্গালৈ গৈ থকাৰ সময়তে গৌড়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।অভিযোগ  অনুসৰি  দেৱৰাজে এগৰাকী ৩৬ বছৰীয়া মহিলাক  তেওঁৰ  সম্পত্তি বিক্ৰী কৰি দিয়াত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। মহিলাগৰাকীক সম্পত্তি বিক্ৰী কৰি দিয়াত সহায় কৰাৰ অচিলাৰে  বিজেপি নেতাজনে তেওঁক যৌন উৎপীড়ন চলাইছিল। 

উল্লেখ্য   প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিয়েক প্ৰজ্জ্বল ৰেভান্নাৰ  কেইবাটাও অশ্লীল ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।  অভিযোগ কৰা হৈছিল যে প্ৰজ্জ্বলে তেওঁৰ মহিলা গৃহকৰ্মীসকলক তিনি বছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল। তদন্ত আৰম্ভ হোৱাৰ পিছতে প্ৰজ্জ্বলে  দেশৰ পৰা পলাই গৈছিল। চিবিআইয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰিছে।

বহুতে অভিযোগ কৰা অনুসৰি প্ৰজ্জ্বলৰ যৌন টেপ  বিয়পোৱাৰ আঁৰত দেৱৰাজ গৌড়াৰ হাত আছিল।  অৱশ্যে গৌড়াই এই কাম কংগ্ৰেছে কৰা বুলি কংগ্ৰেছৰ  ওপৰত দোষ জাপি দিছিল। দেৱৰাজে ২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰজ্জ্বলৰ  পিতৃৰ  বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ