--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিয়েক প্ৰজ্জ্বল ৰেভান্নাই বহু মহিলাক কৰা  যৌন নিৰ্যাতনৰ  ভিডিঅ'  ৰাজহুৱা কৰা বিজেপিৰ এজন নেতা এতিয়া নিজেই জড়িত হৈ পৰিছে যৌন কেলেংকাৰীত।  বিজেপি নেতা  দেৱৰাজ গৌড়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক প্ৰথমে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে। 

এগৰাকী ৩৬ বছৰীয়া মহিলাই দাখিল কৰা অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বিজেপি নেতাজনৰ বিৰুদ্ধে ১ এপ্ৰিলতে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। কিন্তু পলমকৈহে তেওঁৰ ঘটনাটো  পোহৰলৈ আহিছে। বাংগালুৰুৰ পৰা চিত্ৰদুৰ্গালৈ গৈ থকাৰ সময়তে গৌড়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।অভিযোগ  অনুসৰি  দেৱৰাজে এগৰাকী ৩৬ বছৰীয়া মহিলাক  তেওঁৰ  সম্পত্তি বিক্ৰী কৰি দিয়াত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। মহিলাগৰাকীক সম্পত্তি বিক্ৰী কৰি দিয়াত সহায় কৰাৰ অচিলাৰে  বিজেপি নেতাজনে তেওঁক যৌন উৎপীড়ন চলাইছিল। 

উল্লেখ্য   প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিয়েক প্ৰজ্জ্বল ৰেভান্নাৰ  কেইবাটাও অশ্লীল ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।  অভিযোগ কৰা হৈছিল যে প্ৰজ্জ্বলে তেওঁৰ মহিলা গৃহকৰ্মীসকলক তিনি বছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল। তদন্ত আৰম্ভ হোৱাৰ পিছতে প্ৰজ্জ্বলে  দেশৰ পৰা পলাই গৈছিল। চিবিআইয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰিছে।

বহুতে অভিযোগ কৰা অনুসৰি প্ৰজ্জ্বলৰ যৌন টেপ  বিয়পোৱাৰ আঁৰত দেৱৰাজ গৌড়াৰ হাত আছিল।  অৱশ্যে গৌড়াই এই কাম কংগ্ৰেছে কৰা বুলি কংগ্ৰেছৰ  ওপৰত দোষ জাপি দিছিল। দেৱৰাজে ২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰজ্জ্বলৰ  পিতৃৰ  বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু