--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ২০২৩-২৪ পৰ্যটন বৰ্ষত সাত মাহৰ ভিতৰত বৰ্তমানলৈ ১ কোটি ২০ লাখ টকাৰ ৰাজহ সংগ্রহ কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।আজি মানাহৰ বাঁহবাৰীত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই কথা জানিব দিয়ে মানাহৰ বাঁহবাৰী বনাঞ্চলৰ বন বিষয়া বাৰিন কুমাৰ বড়োৱে। 

তেওঁ কয়, মানাহলৈ এইবাৰ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰে ১,৬০০ গৰাকী বিদেশী পৰ্যটক আৰু ৪৬ হেজাৰ দেশী পৰ্যটক। তেওঁ লগতে কয়,মানাহৰ বাঁহবাৰী, ভূঞাপাৰা, পানবাৰী, কুকলুঙকে ধৰি আটাইকেইটা বনাঞ্চলতে কম-বেছি পৰিমাণে পৰ্যটকৰ আগমন ঘটিয়েই আছে। 

মানাহলৈ অহা পৰ্যটকসকলে এইবাৰ ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ,ব্লেক পেন্থাৰ, হাতী, বাইচন,বনৰীয়া ম'হ, হৰিণা আদি বিভিন্ন জীৱ জন্তুৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্য মুক্তমনে উপভোগ কৰিবলৈ সক্ষম হৈছে। পূৰ্বৰ তুলনাত মানাহত জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে। বাঘৰ সংখ্যা পুনৰ বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰে বনাঞ্চলিক বিষয়া বড়োৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ