--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ    ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত অভিযুক্ত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক আজি পুনৰ এক নতুন ৰূপত দেখা গ’ল। লোকসভাৰ এথিকছ্  সমিতিৰ ওচৰত উপস্থিত থকা মহুৱাই আজি হঠাতে ৰণচণ্ডীৰ ৰূপ ধাৰণ কৰে এথিকছ্  সমিতিৰ সন্মুখৰ পৰা ধুমুহাৰ বেগেৰে ওলাই আহে। মহুৱাই অভিযোগ কৰা অনুসৰি এথিকছ্  সমিতিয়ে তেওঁক অশালীন প্ৰশ্ন কৰিছিল। বিজেপি সাংসদ বিনোদ সোনাকাৰৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই  অনৈতিক, ব্যক্তিগত আৰু অশালীন প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন কৰে। তেনে প্ৰশ্ন কৰাৰ পিছতে মহুৱাকে ধৰি সমিতিৰ সকলো বিৰোধী সদস্যই প্ৰতিবাদত ৱাকআউট কৰে। 

ধনৰ বিনিময়ত  প্ৰশ্ন সোধা অভিযোগ সন্দৰ্ভত   মহুৱা মৈত্ৰই  আজি দিনৰ ১১ বজাত  এথিকছ্  সমিতিৰ  সন্মুখত উপস্থিত হৈছিল। সমিতিৰ ১১ জন সদস্যৰ ভিতৰত পাঁচজন বিৰোধী শিবিৰৰ অন্তৰ্ভুক্ত। ছয়জন বিজেপিৰ। বিৰোধীৰ সদস্যসকলৰ ভিতৰত দুজন কংগ্ৰেছৰ আৰু এজন জেডি(ইউ)ৰ সদস্য আছিল। একেদৰে এজন চিপিআইৰ সাংসদ আৰু এজন বিএছপিৰ সাংসদো সমিতিত  আছিল। সূত্ৰ অনুসৰি বৈঠকৰ সময়তে বিৰোধী সাংসদসকলে মহুৱাৰ কাষত থিয় দিছিল। অভিযোগটো সন্দৰ্ভত  বিজেপিৰ সাংসদসকলে মহুৱাৰ পৰা  যিকোনো  প্ৰকাৰে কথা উলিয়াবলৈ  চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।
সমিতিৰ অধ্যক্ষ বিনোদ সোনাকাৰকে ধৰি বিজেপিৰ সাংসদসকলে মহুৱাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ বিতৰ্কিত প্ৰশ্ন সুধিছিল বুলি বিৰোধীয়ে অভিযোগ কৰিছে। জানিব পৰা মতে এথিকছ্  সমিতিৰ সদস্যই মহুৱাক সুধিছিল-আপুনি নিশা কাৰ সৈতে কথা পাতে? এই প্ৰশ্নটোতেই সাঙুৰ খাই উঠে মহুৱা।  লগে লগে  মহুৱাকে ধৰি সকলো বিৰোধী সাংসদে খঙতে ৱাকআউট কৰে।  অহাৰ সময়ত বিৰোধী সাংসদসকলক খঙত চিঞৰি থকা দেখা গৈছিল। মহুৱাই নিজেই চিঞৰিছিল  আৰু ক্ষোভ উজাৰিছিল। বিৰোধী সাংসদসকলে অভিযোগ কৰিছে যে এথিকছ্  সমিতিৰ  মুৰব্বীয়েই মহুৱাক এটা অনৈতিক আৰু অশালীন প্ৰশ্ন সুধিছিল।

বিৰোধী সাংসদসকলে কৈছে  যে এথিকছ্  সমিতিৰ  বিজেপি সদস্যসকলে জানিব বিচাৰিছিল যে মাহুৱাই বিদেশ ভ্ৰমণত থাকোতে কোনখন হোটেলত আছিল, তেওঁ কাৰ সৈতে আছিল আৰু কোনে বিল পৰিশোধ কৰিছিল। তেওঁক এয়াও  সোধা হৈছিল যে ৰাতি কোনে মহুৱাক ফোন কৰিছিল । এনেবোৰ প্ৰশ্ন সোধাৰ পিছতে মহুৱা খঙত ফাটি পৰে আৰু এথিকছ্  সমিতিৰ বৈঠকৰ পৰা ওলাই আহে। এই ঘটনাৰ পিছতে   বিৰোধী সাংসদ দানিশ আলীয়ে কয়  যে এথিকছ্  সমিতিৰ  মুৰব্বীয়েই দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছে।ইপিনে বিজেপিৰ সাংসদসকলে দাবী কৰিছে যে মহুৱাই সমগ্ৰ বিষয়টোত ৰহণ চৰাই মানুহৰ দৃষ্টি আন পিনে নিব বিচাৰিছে। এথিকছ্  সমিতিয়ে মহুৱাক হীৰানন্দানীৰ শপতনামাত উল্লেখ থকা কথাৰ আলমতে প্ৰশ্ন কৰিছিল বুলিও বিজেপিৰ সাংসদসকলে মন্তব্য কৰিছে।  উল্লেখ্য মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  

ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল। 
অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বিবৃতিটো বগা  কাগজত  লিখা হৈছে। হিৰানন্দনী গোটৰ লেটাৰহেডত লিখা হোৱা নাই। ভাৰতৰ এজন সন্মানীয় ব্যৱসায়ীয়ে তেওঁৰ মূৰত বন্দুক নাৰাখিলে  এনে কথা  লিখিব নোৱাৰে। তদুপৰি, দৰ্শন হিৰানন্দনীক কোনো অনুসন্ধানকাৰী সংস্থাই এতিয়ালৈকে  মাতি পঠোৱা নাই। 

তেন্তে তেওঁ এই বিবৃতিটো কাৰ ওচৰত দাখিল কৰিছিল, আৰু সেয়া  ক'ৰ পৰা আহিছিল? টিএমচিৰ সাংসদগৰাকীয়ে  পোনপটীয়াকৈ অভিযোগ কৰিছে যে বিবৃতিটো হিৰানন্দনীৰ নামত বিজেপি  আইটি চেলৰ এজন অৰ্ধশিক্ষিত কৰ্মীয়ে  লিখিছিল।ইপিনে মহুৱা মৈত্ৰই চৰকাৰক উভতি ধৰি এক্স হেণ্ডেলত লিখিছিল-  অজ্ঞাত এফপিআইত আদানিৰ শ্বেয়াৰ আছে। যাৰ মূল ছেবিয়ে বিচাৰি নাপায় আৰু আদানীয়ে মুম্বাই বিমানবন্দৰ ক্ৰয় কৰিবলৈ গৃহমন্ত্ৰালয়ৰ অনুমোদন লাভ কৰে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ  প্ৰশ্ন। সংসদৰ ৱেবচাইটৰ আইডি ইমেইল আইডি নহয় যে প্ৰতিজন সাংসদৰ প্ৰতিটো ব্যক্তিগত একাউণ্টত আনে  প্ৰৱেশ কৰিব পাৰে ।মহুৱাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰি আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ