--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰিদ্বাৰ ডুবেৰ ৭৪ বছৰ বয়সত মৃত্যু হৈছে৷ সোমবাৰে পুৱা দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ডুবেই৷ 

সাংসদ হৰিদ্বাৰ ডুবেৰ পুত্ৰ প্ৰাণশু ডুবেই তেওঁৰ পিতৃৰ মৃত্যু নিশ্চিত কৰিছে। তেওঁ কয় যে তেওঁৰ দেউতাক দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। এই সময়ছোৱাতে তেওঁৰ মৃত্যু হয়। সাংসদ হৰিদ্বাৰ দুবেৰ মৃত্যুৰ পাছত বিজেপিত শোকৰ ছাঁ পৰিছে৷ 

দেওবাৰে হৰিদ্বাৰ ডুবে সম্পূৰ্ণ সুস্থ আছিল। হঠাতে তেওঁৰ বুকুত তীব্ৰ বিষ হৈছিল, যাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 

জ্যেষ্ঠ বিজেপি নেতা হৰিদ্বাৰ ডুবেক ২০২০ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ ইয়াৰ পূৰ্বে হৰিদ্বাৰ ডুবে উত্তৰ প্ৰদেশৰ কল্যাণ সিং চৰকাৰৰ বিত্ত ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ হৰিদ্বাৰ ডুবে আগ্ৰাৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

২০০৫ত তেওঁ খেৰাগড় বিধানসভা আসনৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু পৰাজিত হৈছিল। ইয়াৰ পূৰ্বে, তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদৰ নিৰ্বাচনত আগ্ৰা-ফিৰোজাবাদ আসনৰ পৰাও পৰাজিত হৈছিল। ২০১১ চনত তেওঁ উত্তৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ আৰু ২০১৩ চনত ৰাজ্যিক উপ-সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন