--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰিদ্বাৰ ডুবেৰ ৭৪ বছৰ বয়সত মৃত্যু হৈছে৷ সোমবাৰে পুৱা দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ডুবেই৷ 

সাংসদ হৰিদ্বাৰ ডুবেৰ পুত্ৰ প্ৰাণশু ডুবেই তেওঁৰ পিতৃৰ মৃত্যু নিশ্চিত কৰিছে। তেওঁ কয় যে তেওঁৰ দেউতাক দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। এই সময়ছোৱাতে তেওঁৰ মৃত্যু হয়। সাংসদ হৰিদ্বাৰ দুবেৰ মৃত্যুৰ পাছত বিজেপিত শোকৰ ছাঁ পৰিছে৷ 

দেওবাৰে হৰিদ্বাৰ ডুবে সম্পূৰ্ণ সুস্থ আছিল। হঠাতে তেওঁৰ বুকুত তীব্ৰ বিষ হৈছিল, যাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 

জ্যেষ্ঠ বিজেপি নেতা হৰিদ্বাৰ ডুবেক ২০২০ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ ইয়াৰ পূৰ্বে হৰিদ্বাৰ ডুবে উত্তৰ প্ৰদেশৰ কল্যাণ সিং চৰকাৰৰ বিত্ত ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ হৰিদ্বাৰ ডুবে আগ্ৰাৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

২০০৫ত তেওঁ খেৰাগড় বিধানসভা আসনৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু পৰাজিত হৈছিল। ইয়াৰ পূৰ্বে, তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদৰ নিৰ্বাচনত আগ্ৰা-ফিৰোজাবাদ আসনৰ পৰাও পৰাজিত হৈছিল। ২০১১ চনত তেওঁ উত্তৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ আৰু ২০১৩ চনত ৰাজ্যিক উপ-সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস