--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত  দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত কমেও ১২ জন লোক নিহত হয়। এখন বিয়াৰ পৰা উভতি অহা  বাছ এখনে মাজবাটতে আন এখন বাছক খুন্দা মাৰে। এই ঘটনাত একেটা পৰিয়ালৰ সাতজন সদস্যসহ মুঠ ১২ গৰাকী লোক নিহত হয়। 

ঘটনাটোত আন সাতজন আহত হৈছে। ঘটনাটো ওড়িশাৰ ব্ৰহ্মপুৰ অঞ্চলত সংঘটিত হৈছে। বাছখনে দেওবাৰে নিশা ব্ৰহ্মপুৰ টাপ্পানি ৰোডহৈ দিগফণ্ডিলৈ গৈ আছিল।বাছ খনত থকা  সকলো যাত্ৰী বিয়াৰ পৰা উভতি আহিছিল। বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী বাছৰ সৈতে বাছখনৰ হঠাতে সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ খবৰ  পোৱাৰ পিছতে ঘটনাস্থলীত  ব্ৰহ্মপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। 

আহত যাত্ৰীসকলক বাছ দুখনৰ পৰা উদ্ধাৰ কৰা হয়  আৰু স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।  দুৰ্ঘটনাটোত মুঠ ১২ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে।

আহতসকলক দিগাফাণ্ডিৰ এমকেচিজি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে।দুজনক কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। তেওঁলোকৰ অৱস্থা সংকটজনক  বুলি জানিব পৰা গৈছে।

ওড়িশাৰ  বিশেষ সাহায্য আয়োগে দুৰ্ঘটনাটোত আহত সকলৰ চিকিৎসাৰ বাবে প্ৰতিজনৰ বাবে ৩০,০০০ টকাৰ অনুদান ঘোষণা কৰিছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে  আৰক্ষীয়ে অনুসন্ধান কৰি আছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস