--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত  দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত কমেও ১২ জন লোক নিহত হয়। এখন বিয়াৰ পৰা উভতি অহা  বাছ এখনে মাজবাটতে আন এখন বাছক খুন্দা মাৰে। এই ঘটনাত একেটা পৰিয়ালৰ সাতজন সদস্যসহ মুঠ ১২ গৰাকী লোক নিহত হয়। 

ঘটনাটোত আন সাতজন আহত হৈছে। ঘটনাটো ওড়িশাৰ ব্ৰহ্মপুৰ অঞ্চলত সংঘটিত হৈছে। বাছখনে দেওবাৰে নিশা ব্ৰহ্মপুৰ টাপ্পানি ৰোডহৈ দিগফণ্ডিলৈ গৈ আছিল।বাছ খনত থকা  সকলো যাত্ৰী বিয়াৰ পৰা উভতি আহিছিল। বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী বাছৰ সৈতে বাছখনৰ হঠাতে সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ খবৰ  পোৱাৰ পিছতে ঘটনাস্থলীত  ব্ৰহ্মপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। 

আহত যাত্ৰীসকলক বাছ দুখনৰ পৰা উদ্ধাৰ কৰা হয়  আৰু স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।  দুৰ্ঘটনাটোত মুঠ ১২ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে।

আহতসকলক দিগাফাণ্ডিৰ এমকেচিজি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে।দুজনক কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। তেওঁলোকৰ অৱস্থা সংকটজনক  বুলি জানিব পৰা গৈছে।

ওড়িশাৰ  বিশেষ সাহায্য আয়োগে দুৰ্ঘটনাটোত আহত সকলৰ চিকিৎসাৰ বাবে প্ৰতিজনৰ বাবে ৩০,০০০ টকাৰ অনুদান ঘোষণা কৰিছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে  আৰক্ষীয়ে অনুসন্ধান কৰি আছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন