--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঘূৰ্ণীবতাহ মিচাউঙে চেন্নাই সংহাৰৰ সৃষ্টি কৰিছে। বাট-পথ, ঘৰ-দুৱাৰ এতিয়া পানীৰ তলত। এতিয়ালৈকে বানৰ কবলত পৰি চেন্নাইত ৮ জন লোকৰ মৃত্যু ঘটিছে।   নেৰানেপেৰা বৰষুণৰ ফলত  তামিলনাডুৰ  অন্যান্য চহৰসমূহো সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছে। কেৱল চেন্নাইতে নহয়, তামিলনাডু আৰু পুডুচেৰীৰ বৃহৎ অঞ্চল পানীৰ তলত থকাৰ সময়তে উদ্ধাৰ অভিযানো যুদ্ধকালীন তৎপৰতাৰে চলিছে। ধাৰাসাৰ বৰষুণে ইতিমধ্যে তামিলনাডুৰ উত্তৰ উপকূলৰ বৃহৎ অংশ জলমগ্ন কৰি পেলাইছে।

চেন্নাইৰভয়াৱহ  পৰিস্থিতি দেখি  ক্ৰিকেটাৰ  ৰবিচন্দ্ৰন অশ্বিনৰ হৃদয় কান্দি উঠিছে। এক্স হেণ্ডেলত অশ্বিনে লিখিছে, "ভয়ংকৰ পৰিস্থিতি! ইয়াৰ মাজতে বৰষুণৰ আগজাননী দিয়া হৈছে’’। দীনেশ কাৰ্তিকে লিখিছে, "চেন্নাইৰ বাসিন্দাসকল, অনুগ্ৰহ কৰি আপোনাৰ সুৰক্ষাৰ বিষয়ত গুৰুত্ব   দিয়ক আৰু ঘৰৰ ভিতৰতে থাকক- এনে কৰাটো এই  সময়ত অতি গুৰুত্বপূৰ্ণ। পৰিস্থিতি উন্নত কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰা সকলো বিষয়াকে ধন্যবাদ জনাইছো। আহক আমি সকলোৱে একেলগে সহযোগিতা কৰোঁ আৰু পৰিস্থিতিৰ  মুখামুখি হওঁ। '

 
ক্ৰিকেটাৰ আজিংক  ৰাহানো চেন্নাইৰ পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে। তেওঁ তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, "আশা কৰোঁ চেন্নাইৰ জনতাই  এই কঠিন পৰিস্থিতিৰ পৰা মুক্ত হ’ব । তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। এই সময়ত তৃণমূল পৰ্যায়ত  কাম কৰি থকা সকলকে ধন্যবাদ ।’’ 



ভয়ংকৰ বানৰ  বাবে চেন্নাই আৰু কাষৰীয়া জিলাৰ চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনে ব্যক্তিগত কোম্পানীসমূহক কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ পৰামৰ্শ দিবলৈ অনুৰোধ জনাইছে। কেইবাটাও ভাইৰেল ভিডিঅ'ত, পাৰ্কিং লটত ৰখাই থোৱা গাড়ীবোৰ পানীত ওপঙি থকা দেখা গৈছে।
পানীৰ স্তৰে বিপদসীমা অতিক্ৰম কৰাৰ বাবে চেন্নাই চেণ্ট্ৰেলত  প্ৰায় ১১ খন এক্সপ্ৰেছ ৰে’ল বাতিল কৰা হৈছে। ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) দল মোতায়েন কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে অহা ২৪ ঘণ্টালৈ   ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।


বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহে মুখ্যতঃ দক্ষিণ ভাৰতৰ পূব উপকূলত সংহাৰলীলা  চলাব পাৰে। তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ধুমুহা-বজ্ৰপাত আৰম্ভ হৈছে।চেন্নাই চহৰৰ বহু এলেকা এতিয়া পানীৰ তলত।  ইয়াৰ মাজতে এখন দেৱাল খহি পৰাত দুজন লোকৰ মৃত্যু ঘটিছিল। আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটো চেন্নাইৰ কানাটুৰত সংঘটিত হৈছে। সেই দেৱালখন কিছুদিন পূৰ্বে   নিৰ্মাণ কৰা হৈছিল। 
এনডিআৰএফ আৰু এছডিআৰএফবাহিনীক জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত তাম্বাৰাম, পিৰকানকাৰনাই আৰু পেৰুঙ্গালাথুৰ অঞ্চল প্লাৱিত হৈছে। এন ডি আৰ এফৰ কৰ্মীয়ে এই অঞ্চলসমূহত আৱদ্ধ হৈ থকা ১৫ জন লোকক উদ্ধাৰ কৰিছে।  চেন্নাইৰ  চহৰখনৰ অন্যতম ৰে'লৱে দলং বেচিন ব্ৰীজেৰে ৰে’ল চলাচল বন্ধ কৰি দিয়া হৈছে। ছখন ৰে’ল বাতিল কৰা হৈছে। প্ৰশাসনে বানৰ কাৰণে ১৪ টা মেট্ৰ’ পথ বন্ধ কৰি দিছে। চেন্নাইত দুৰ্যোগৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। 

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহজাক  বৰ্তমান পুডুচেৰীৰ পৰা ২২০ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবত তথা চেন্নাইৰ পৰাও ২২০ কিলোমিটাৰ  দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহজাক  নেল্লোৰৰ পৰা ৩৮০ কিলোমিটাৰ দক্ষিণ-পূবত আৰু মছলিপত্তনমৰ পৰা ৪৫০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহে  মঙলবাৰে আবেলি দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলত আঘাত কৰাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞানীসকলৰ মতে  ঘূৰ্ণীবতাহে  অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজত সংহাৰ চলোৱাৰ আশংকা   আছে। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ হ'ব পাৰে। তাৰ পিছত ঘূৰ্ণীবতাহে ইয়াৰ গতিপথ সলনি কৰিব আৰু উত্তৰ দিশে আগবাঢ়িব। মাছমৰীয়াসকলক তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত নাথাকিবলৈ তথা  সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু