--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান নিষিদ্ধ হৈ থকা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) ৰাজনৈতিক শাখা এছডিপিআইৰ টি ইছমাইলক কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ তালাপতি গ্ৰাম পঞ্চায়তৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হৈছে। আমোদজনক কথাটো হ’ল  তেওঁক বিজেপি সমৰ্থিত দুজন সদস্যই একেৰাহে দ্বিতীয়বাৰৰ বাবে পদটো বাহাল ৰখাত  সমৰ্থন জনাইছে।

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে পিএফআই নিষিদ্ধ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সংসদত এইকথা কৈছিল। এছডিপিআই পিএফআইৰে  ৰাজনৈতিক শাখা বুলি জনা যায়। বিজেপিৰ নাম সংগঠনটোৰ সৈতে জড়িত হৈ পৰাত বহুতে  অস্বস্তিবোধ কৰিছে। 


তালাপতি পঞ্চায়তত মুঠ ২৪ জন সদস্য আছে। সংবাদ মাধ্যমৰ  এক প্ৰতিবেদন অনুসৰি, নিৰ্বাচনৰ পিছত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে ১৩ খন আসন লাভ কৰিছে, আনহাতে এছডিপিআইয়ে ১০ খন আসন লাভ কৰিছে। কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী এজন  এখন আসনত জয়ী হৈছে। এনে পৰিস্থিতিত, পঞ্চায়তৰ মুৰব্বী নিৰ্বাচিত কৰিবলৈ ভোটদানৰ দিনা দেখা গৈছিল যে এজন কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী আৰু এজন এছডিপিআই সদস্য অনুপস্থিত আছিল। ফলস্বৰূপে ভোটদানত, বিজেপিৰ দুজন সদস্যই এছডিপিআইৰ ইছমাইলক ভোট দিয়ে। ফলস্বৰূপে, বিজেপিৰ দুজন সদস্যৰ সমৰ্থনৰ বলত তেওঁৰ ভোটৰ অংশবৃদ্ধি পায়৷ আনহাতে, বিজেপি সমৰ্থিত সদস্য পুষ্পৱতী চেট্টী সৰ্বসন্মতিক্ৰমে তালাপতি পঞ্চায়তৰ উপ-মুৰব্বী হৈছে।

ইফালে, এই খবৰ পোহৰলৈ অহাৰ লগে লগে বিজেপি অস্বস্তিত পৰিছে। বিজেপিৰ  মুখপাত্ৰসকলে সামাজিক মাধ্যমত বাতৰিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিয়ে কৈছে যে কোনো ৰাজনৈতিক দলে কৰ্ণাটকৰ পঞ্চায়ত নিৰ্বাচনত পোনপটীয়াকৈ প্ৰতিদ্বন্দিতা নকৰে। কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলক এটা ৰাজনৈতিক দলে বা আন দলে  সমৰ্থন কৰে। সেইসকল প্ৰাৰ্থীৰ কোনো দলীয় প্ৰতীক নাথাকে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস